তৰুণ গগৈ ডাঙৰীয়া, আপোনাক চেল্যুট! (মেৰিলিন দত্ত)

মেৰিলিন দত্ত
 
বানত উটি গৈছে দুখুনীৰ তাঁতশাল
আপোনাক চেল্যুট মাৰিছো
কামিহাড় ওলোৱা পুতুকণৰ দেহা
ফটাকানিত লুকাই ৰহিমাৰ লাজ
আদিম সভ্যতালৈ উভতাই নিয়াৰ আপোনাৰ এক যুগান্তকাৰী প্ৰচেষ্টা
আপোনাক চেল্যূট মাৰিছো
হৰিণাৰ মাংসৰে সুসজ্জিত বিদেশীৰ অতিথিশাল
আহঃ গোন্ধটো মোৰ ছাল ভেদি যায়
গড়ঁৰ শিঙে কঢ়িয়াই আনে বিলাসী জীৱন
হাতী দাঁতেৰে শুৱাই প্ৰেয়সীৰ অনামিকা
আপোনাক চেল্যুট মাৰিছো
চেল্যুট… চেল্যুট…. চেল্যুট
ফুটপাথত বিনায় গর্ভৱতী মহিলা
ওৰে ৰাতি মথাউৰিত সাৰে থাকে সত্তৰবছৰীয়া বৃদ্ধৰ কাঁহ
মৰাশ’বোৰক পৰ দি কেঁকাই থাকে জোনটোৱে
মৃত্যু সহজ নহয় তৰুণ গগৈ ডাঙৰীয়া
সহজ মদ
আপোনাক চেল্যুট মাৰিছো
দুটকাত সহজলভ্য কন্ড’মৰ টুকুৰা
তথাপি কিয় বাঢ়ে জনসংখ্যা
কিয়…. কিয়…. কিয়
আমাক জবাব লাগে তৰুণ গগৈ ডাঙৰীয়া
এদিনৰ হাজিৰাত এককেজি চাউল আৰু কেৰাচিন এপোৱা
তাৰো দুটকাত পুজিপতিৰ হাঁতোৰা
আপোনাক চেল্যুট মাৰিছো!
তৰুণ গগৈ ডাঙৰীয়া
হাহাকাৰৰ পৰিসংখ্যা নুলিয়াব
হাতযোৰ কৰিছো !
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!