থকাখিনিৰ সৰ্বোত্তম ব্যৱহাৰ কৰোঁ —- মূলঃ ডেভিদ ৰাইট (দক্ষিন আফ্ৰিকা) অনুবাদঃ জয়ন্ত আকাশ বৰ্মন
আমাৰ ঘৰত এগৰাকী শিল্পী আছে৷ কোনো বস্তু পেলাব খুজিলেই তেওঁ কয়, দলিয়াই নেপেলাবা, মোক দিয়া, ইয়াৰে মই এখন ক’লাজ সাজিম৷
অথবা এখন পুনঃলিখিত কিতাপ৷
কেনভাছত লগাবলৈ মই ইয়াৰে চিহ্নসাঁচ এটাও সাজিব পাৰোঁ৷
আমাৰ ঘৰত অন্য এজনো আছে৷ তেওঁ কয়, শব্দটো মোক দিয়া৷ সেয়ে, ইয়াক মই সাঁচি ৰাখোঁ, আৰু কণ্ঠত মেৰিয়াই লৈ
উকা এখন পৃষ্ঠাত উকিয়াই দিওঁ৷
ই এটা কবিতা হৈ উঠিব পাৰে৷ হয়,
মই জানো, ই নিশ্চয় এক কবিতা হৈ উঠিবই৷
আমি ইয়াত এনেকৈয়েই পুণঃ পুণঃব্যৱহাৰ কৰোঁ
________________________
টোকাঃ
______
ডেভিদ ৰাইট (১৯২০-১৯৯৪, দক্ষিন আফ্ৰিকা) এগৰাকী দক্ষিন আফ্ৰিকাৰ শক্তিশালী কবি৷ এক ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ শৈশৱতেই তেখেতে শ্ৰৱণ শক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাই আজীৱন বধিৰ হৈ পৰিছিল৷
দ্য ডেইলি টেলিগ্ৰাফ কাকতখনে তেখেতৰ বিষয়ে লিখিছে, -প্ৰাচুৰ্যময়, স্বাচ্ছন্দ্য আৰু বহুমুখী৷ তেখেতৰ কবিতাসমূহ মৌন বুদ্ধিমত্তাৰে উজ্জ্বীৱিত, হাস্যৰসেৰে তথা স্বকীয় বৈশিষ্ট্যৰে সু-সংবদ্ধ৷ ডেভিদ ৰাইট নিজৰ প্ৰজন্মকালৰ অগ্ৰণী কবি৷