থপ্পড়ঃ আত্মমৰ্যাদা আৰু নিজস্বতাৰ হকে এক শক্তিশালী যুঁজ- ঈশানজ্যোতি বৰা

সহনশীলতাক এক আৱশ্যকীয় মানৱীয় গুণ বুলি অভিহিত কৰা হয়৷ কোৱাটো নিষ্প্ৰয়োজন, অনিশ্চয়তাৰে পূৰ্ণ জীৱনটোৰ কেতবোৰ অনাকাংক্ষিত-অপ্ৰত্যাশিত মুহূৰ্তৰ মুখামুখি হ’বলৈ সহনশীলতাই নাৰী আৰু পুৰুষ উভয়কে সমানেই তৰ্কাতীতভাৱে সহায় কৰে৷ কিন্তু দেখা যায়, পাৰিবাৰিক আৰু সামাজিক জীৱনৰ প্ৰায়বোৰ ক্ষেত্ৰত নাৰী পুৰুষতকৈ অধিক সহনশীল আৰু কৰুণাময়৷ সহনশীলতাৰ মাত্ৰা, চোক অথবা সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত নাৰী যেন প্ৰয়োজনাধিক উদাৰ, কেতিয়াবা নিস্পৃহ আৰু কেতিয়াবা নিৰুৎসাহী৷ বোধহয়, পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত নাৰীৰ ‘সহনশীলতা’ৰ এটা নতুন পৰিভাষা নিৰ্ণয় কৰি তাক ‘আত্মমৰ্যাদা’ৰ লগত সংযুক্ত কৰাৰ মানসৰেই চলচ্চিত্ৰকাৰ অনুভৱ সিন‌্হাই নিৰ্মাণ কৰি উলিয়াইছে ‘থপ্পড়’ নামৰ শেহতীয়া হিন্দী কথাছবিখন৷ ছবিখনে ‘সহনশীলতা’ আৰু ‘উদাৰতা’ৰ প্ৰচলিত সূত্ৰাৱলীৰ পৰা ধূসৰতা আঁতৰাই চেতনানিৰ্দেশিত এক নিৰ্মোহ, আপোচবিহীন আত্মসমালোচনাৰ লগত নাৰী আৰু পুৰুষ দুয়োকে মুখামুখি কৰোৱাব বুলি বাঞ্ছা কৰিব পৰি৷

কেন্দ্ৰীয় চৰিত্ৰত টাপ্‌ছী পন্নুৱে উচ্চমানৰ অভিনয় কৰা ‘থপ্পড়’ৰ পৰিচালক অনুভৱ সিন্‌হাই ইয়াৰ পূৰ্বে ‘মুল্ক’, ‘আৰ্টিকল ১৫’ৰ দৰে মননশীল চলচ্চিত্ৰ উপহাৰ দি সুখ্যাতি আৰু সমাদৰ অৰ্জন কৰি থৈছে৷ ‘থপ্পড়’ৰ কাহিনীটো লিখাত তেওঁক সহযোগিতা কৰিছে মৃণ্ময়ী লাগুৱে৷ থপ্পড়ৰ গীতকেইটিক সুৰ আৰু সংগীতৰে সজাইছে অসম-সন্তান অনুৰাগ শইকীয়াই৷ ছবিৰ বাকী অংশত আৱহ সংগীত সংযোজন কৰিছে মাংগেশ ধাক্‌ড়েয়ে৷

প্ৰথিতযশা কবি-গীতিকাৰ জাভেদ আখতাৰে ‘হিন্দী ছিনেমাৰ এক মাইলষ্ট’ন’ আখ্যা দিয়া থপ্পড়ৰ কাহিনীটো তথাকথিত নাৰীকেন্দ্ৰিক আৰু শ্ল’গানধৰ্মী ছবিবোৰৰ পৰা পৃথক৷ ছবিখন মূলতঃ সৌন্দৰ্যময় হৈ উঠিছে কাহিনী-চিত্ৰনাট্যত থকা পৰ্যবেক্ষণশক্তিৰ প্ৰখৰতাৰ বাবে আৰু চিনেমেটিক ট্ৰিটমেণ্টৰ আঁৰত থকা পৰিচালকৰ অনুভূতিশীল চলচ্চিত্ৰীয় নীতিটোৰ বাবে৷

বিক্ৰম আৰু অমৃতা৷ বিক্ৰম হৈছে এক অভিজাত প্ৰতিষ্ঠানৰ উচ্চবৰ্গৰ চাকৰিয়াল৷ আনহাতে অমৃতা বা অম্মু হৈছে ঘৰগৃহিনী৷ এগৰাকী ঘৰ-গৃহিনীয়ে পালন কৰিবলগীয়া সকলোখিনি কামেই নিয়াৰিকৈ কৰি থাকে অম্মুৱে৷ পুৱা হকাৰে পেলাই থৈ যোৱা কাকতখন সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি বনকৰা মহিলা সুনীতাক দিহা-পৰামৰ্শ দিয়ালৈকে সকলোবোৰ কাম৷ তাৰমাজতে সময় উলিয়াই অম্মুৱে প্ৰতিৱেশী শিৱানীৰ ছোৱালীক নাচো শিকায়৷ অইনৰ দৃষ্টিত একেঘেঁয়ামী আৰু নতুনত্বহীন যেন লাগিব পৰা অম্মুৰ এই ৰুটিনখনে তেওঁৰ মনত কোনো দুখ-শোকানুভূতিৰ উদ্ৰেক নকৰে৷ বৰঞ্চ গিৰিয়েকৰ লগত লণ্ডন যাবলৈ পোৱাৰ এক ঈপ্সিত সুযোগত অম্মু উত্ৰাৱল আৰু উৎকণ্ঠিতহে হৈ থাকে৷ সেই উৎসাহ আৰু উদ্যমৰে সৈতেই অম্মুৱে গিৰিয়েকে আয়োজন কৰা এক নৈশপাৰ্টিত নাচে, গান গায়৷ কিন্তু পাৰ্টিত ব্যস্ত থকা গিৰিয়েকলৈ হঠাতে এটা ফোন আহে য’ত কোৱা হয় যে তেওঁক লণ্ডনৰ অ’ফিচটোত আশানুৰূপ পদটো দিয়া নহ’ব৷ তেওঁৰ ওপৰতো ঊৰ্ধতন কৰ্তৃপক্ষ থাকিব৷ আশাভংগৰ এই অনাকাংক্ষিত বেদনাই বিক্ৰমক তৎমুহূৰ্ততে ক্ষুদ্ধ কৰি তোলে৷ পাৰ্টিতে উপস্থিত থকা আন এজন জ্যেষ্ঠ বিষয়াৰ লগত তেওঁ তৰ্কত নামি পৰে৷ তৰ্কই ক্ৰমাৎ হতাহতিলৈ আগবাঢ়ি যোৱা দেখি অম্মুৰ সেই ঠাইত আৰ্ৱিভাৱ ঘটে আৰু গিৰিয়েকক তাই শান্ত কৰাৰ উদ্দেশ্যে আনটো কোঠালৈ লৈ যাব বিচাৰে৷ কিন্তু খঙে গৈ মূৰত উঠা বিক্ৰম শান্ত হোৱাৰ পৰিৱৰ্তে খঙৰ ভমকতে এক নোহোৱা-নোপোজা কাণ্ড কৰি পেলায়৷ তেওঁ অম্মুৰ গালত জোৰেৰে এটা চৰ বহুৱাই দিয়ে৷ ‘অম্মু’ লগেলগে স্তব্ধ হৈ যায়৷ ব্যাখ্যাহীন অপমানবোধ আৰু লজ্জাই অম্মুক নিমিষতে খুন্দিয়াই থৈ যায় আৰু অলপ আগলৈকে হাঁহি-মাতি নাচি-বাগি থকা মানুহজনী এক গম্ভীৰ শিলাস্তমভলৈ ৰূপান্তৰিত হয়৷ তাৰ পিছত অম্মুৱে কি কৰে-কি পদক্ষেপ লয়-তাৰেই কাহিনী হৈছে ‘থপ্পড়’৷

দুঘণ্টা পঁচিশ মিনিটজোৰা এই বিশেষ ছবিখনৰ নামটোলৈ মন কৰিলে ছবিখন ‘ঘৰুৱা হিংসা’ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা যেন লাগে৷ সেই অনুমান অতিৰঞ্জিত নহয়৷ বৰঞ্চ মনস্তাত্ত্বিক পৰ্য্যায়ত আৰম্ভ হোৱা যুঁজখন যেতিয়া ন্যায়িক পৰ্যায়লৈ গতি কৰে, তেতিয়া অম্মুৰ অধিবক্তাই ঘৰুৱা হিংসাৰ অভিযোগতেই গিৰিয়েকক দোষী সাব্যস্ত কৰিবলৈ যুক্তি দেখুৱায়৷ সেইটো চলচ্চিত্ৰীয় দিশ বিবেচনা কৰিলে ‘থপ্পড়’ৰ বিষয়বস্তু ঘৰুৱা হিংসা বুলি ক’ব পাৰি৷ কিন্তু ন্যায়িক যুঁজখনক লৈ অম্মুৰ দ্বিধাবোধ, অম্মুৰ কাহিনীৰ সমান্তৰালভাৱে কাহিনীত একাধিক নাৰী চৰিত্ৰৰ আগমন-সংঘাত, বৈসাদৃশ্যৰে পূৰ্ণ তেওঁলোকৰ পশ্চাদভূমি অথচ সাংসাৰিক তিক্ততাৰ একেসুৰীয়া উৎসই সেইটো দাবী দুৰ্বল কৰি তোলে৷ দৃশ্যবোৰ, কথোপকথনবোৰ ‘ঘৰুৱা হিংসা’ত কেন্দ্ৰীভূত নহয়৷ তাৰ পৰিৱৰ্তে কাহিনীৰ চাল-চলন আৰু পৰিৱেশ-ৰচনাত পুৰুষৰ স্বভাৱসুলভ কৰ্তৃত্বশীল আচৰণ আৰু নাৰীৰ ‘বিনাযুদ্ধে পৰাজয় স্বীকাৰ কৰা’ নীতিটোহে প্ৰোথিত হৈ থাকে৷ কিন্তু কাহিনীটোৰ এক বিশেষ পৰ্য্যায়ৰ পৰা পৰিৱৰ্তনৰ ধীৰ সোঁত এটা বলিবলৈ আৰম্ভ কৰে৷ পৰিৱৰ্তন ঘটে এগৰাকী বঞ্চিতা নাৰীৰ প্ৰতি আনকেইগৰাকীমান নাৰীৰ মনোভাৱ আৰু অনুৰোধবোৰৰ৷ অমৃতা ওৰফে অম্মুক প্ৰথমাৱস্থাত নিকটাত্মীয় নাৰীসকলেও এক অসহায় দৃষ্টিৰেহে চাইছিল৷ আনকি চোকা মহিলা অধিবক্তাগৰাকীয়েও ‘মোৰ লগত এনেহোৱাহেঁতেন মাফ কৰি দিলোহেঁতেন’ বুলি শান্তস্বৰেৰে কৈ উঠিছিল৷ কিন্তু তেৱোঁ শেষমুহূৰ্তত সলনি হয়৷ পুৰুষ চৰিত্ৰবোৰকো অহমিকাবোধৰ পৰা অনুশোচনাৰ পৰ্য্যায়লৈকে লৈ যোৱা হয়৷ কাহিনীৰ এই পৰ্য্যায়ক্ৰমিক পৰিৱৰ্তন আৰু চৰিত্ৰগত উত্তৰণৰ কালছোৱাত এক শক্তিশালী অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয় সেই চৰটোক৷ বোধহয়; ‘থপ্পড়’ সেই পৰিৱৰ্তিত মানসিকতাৰহে ছবি৷

বহুকেইগৰাকী অভিজ্ঞ অভিনয়-শিল্পীৰ দ্বাৰা অভিনীত ‘থপ্পড়’ত দিয়া মিৰ্জা, মানৱ কৌল, কুমুদ মিশ্ৰা, ৰত্না পাঠক শ্বাহ, গীতিকা বিদ্যা আদিয়ে সাৱলীল অভিনয় কৰিছে৷ চৰিত্ৰবোৰৰ চয়ন আৰু নিৰ্মাণত দেখুউৱা সূক্ষ্মতাৰ বাবে নিৰ্মাতা প্ৰশংসা পাত্ৰ৷ জীৱনসংগী অথবা নিকটাত্মীয় নাৰীৰ প্ৰতি থকা পুৰুষ চৰিত্ৰৰ দৃষ্টিভংগীক মূলতঃ একেধৰণেই দেখুউৱা হৈছে যদিও অম্মুৰ দেউতাকৰ(শচীন) চৰিত্ৰটোক কিছু পৃথক কৰি ৰখা হ’ল, যি জোঁৱায়েকৰ পক্ষ লোৱাৰ পৰিৱৰ্তে অনাকাংক্ষিত ঘটনাটো কিয়নো ঘটিবলৈ পালে-সেই প্ৰশ্নটো মুখামুখিকৈ সোধাৰ তাড়না অনুভৱ কৰে৷ অৱশ্যে শচীনকো পাছলৈ তেওঁৰ পত্নীয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰি মূক আৰু মৌন কৰি ৰাখে৷ এখন পুৰুষপ্ৰধান সমাজত বাস কৰা কেইজনমান পুৰুষ আৰু তেওঁলোকৰ চিন্তাধাৰাত থকা স্ববিৰোধিতা আৰু দ্ব্যৰ্থতাক এনেকৈয়ে স্থানান্তৰত উন্মোচিত কৰি থকা হয়৷

টাপ্‌ছী পন্নুৰ অভিনয় নিঃসন্দেহে অতুলনীয়৷ তেওঁৰ চৰিত্ৰটোক প্ৰতিশোধপৰায়ণ নাৰীৰ ৰূপ দিবলৈ চেষ্টা কৰা হোৱা নাই৷ নিজৰ হেৰুৱা স্বাভিমান আৰু আত্মমৰ্য্যাদা ঘূৰাই আনিব বিচৰা এগৰাকী সুদৃঢ় আৰু স্পষ্টবাদী নাৰী হিচাপেহে গঢ়িবলৈ প্ৰয়াস কৰা হৈছে৷ গৰ্ভাৱস্থাৰ কালছোৱাত মাতৃ অম্মুৰ মনত জাগ্ৰত হোৱা প্ৰাকৃতিক মমত্ববোধ আৰু ৰোগাক্ৰান্ত শাহুৱেকৰ প্ৰতি সৃষ্টি হোৱা দায়িত্ববোধ আৰু কাৰুণ্যকো সততাৰে চিত্ৰনাট্যত উপস্থাপন কৰোৱা হৈছে৷ কাহিনীৰ প্ৰথমাৱস্থাত প্ৰাণোচ্ছল, সুখী আৰু উদ্যমী ঘৰগৃহিনী হৈ ধৰা দিয়া টাপ্‌ছীৰ শৰীৰী-ভাষা তথা অভিব্যক্তি ছবিখনৰ গুৰুত্বপূৰ্ণ মোৰটোত তাৎক্ষণিকভাৱে পৰিৱৰ্তন হয় আৰু তেওঁ এক গম্ভীৰ, অপমানৰ শোকত সিক্ত নাৰীলৈ তেওঁ ৰূপান্তৰিত হয়৷ কথা আৰু কণ্ঠস্বৰ ক্ৰমাৎ হ্ৰাস পায়৷ খোজবোৰ ধীৰ-স্থিৰ হয়৷ নিজৰ ঘৰলৈ ওভোতাই নিবলৈ অহা গিৰিয়েকৰ চকুলৈ চাই অম্মুৱে যেতিয়া স্পষ্টতাৰে কৈ উঠে-‘মইতো (এতিয়া) তোমাক ভাল নাপাওঁঁ’- তেতিয়া টাপ্‌ছীৰ চকুৱে-মুখে প্ৰকাশিত হয় দীৰ্ঘদিনজুৰি হেঁচি থোৱা অব্যক্ত বেদনা আৰু ক্ষোভৰ অপ্ৰত্যাশিত অনুভূতিবোৰ৷ গিৰিয়েকৰ লগত নিম্নস্বৰত তৰ্কাতৰ্কি কৰোঁতে, অথবা ছবিৰ শেষৰফালে পৰিয়ালৰ মানুহৰ সমুখত দৃঢ়তাৰে মনৰ ক্ষোভ উজাৰি দিওঁতে টাপ্‌ছী পন্নুৰ অভিনয় আৰু সংলাপ-প্ৰক্ষেপণত থকা দক্ষতা ফুটি উঠে৷ বিক্ৰমৰ চৰিত্ৰ ৰূপায়ণ কৰা পাভেইল গোলাটিৰো অভিনয় উচ্চখাপৰ৷ প্ৰাৰম্ভিক অৱস্থাত এক পৰিশ্ৰমী কিন্তু আত্মকেন্দ্ৰিক পুৰুষ হিচাপে আত্মপ্ৰকাশ কৰা গোলাটিৰ মনোভাৱ ছবিৰ শেষৰফালে কিছু কোমল আৰু অনুতপ্ত হোৱা দেখুওৱা হয়৷ দিয়া মিৰ্জা, ৰত্না পাঠক শ্বাহ আৰু অধিবক্তা নেত্ৰা জয়সিঙৰ ভূমিকাত মায়া সাৰাওৱে সাৱলীল অভিনয় কৰিছে৷

  ছবিখনত বনকৰা মহিলা সুনীতাৰ চৰিত্ৰত গীতিকা বিদ্যাই উল্লেখনীয় অভিনয় কৰিছে৷ তথাকথিত সামাজিক গাম্ভীৰ্যৰ ফালৰপৰা চৰিত্ৰটোৰ গুৰুত্ব কম যদিও নিৰ্মাতাই চৰিত্ৰটিৰ অংকন আৰু উপস্থাপনত প্ৰখৰ সংবেদনশীলতাৰ পৰিচয় দিছে আৰু তেওঁৰ দ্বাৰা কিছুমান সূক্ষ্ম-বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰোৱাই দৰ্শকৰ দৃষ্টিত অভিনৱ, শক্তিশালী আৰু আৱেগময় হিচাপে গঢ়ি তুলিছে৷ প্ৰাক্-ক্লাইমেক্সৰ এক বিশেষ মুহূৰ্তত সুনীতাই সকলোৰে অলক্ষিতে দৰমহাত বেছিকৈ পোৱা টকাকেইটা টেবুলখনত থৈ দিয়ে৷ যিকেইটা টকা কেইদিনমানৰ আগতে তাইৰ হাতত বিক্ৰমে গুজি দিছিল আৰু কৈছিল-‘মেডামে ফোনত কি কয় মোক ক’বি৷ ’ অনুভূতিশীল সুনীতাই তেতিয়াই অনুমান কৰিব পাৰিছিল যে, দৰমহা বঢ়োৱাৰ আঁৰত মালিকৰ এটা অভিপ্ৰায় আছে৷ তাই সেইমুহূৰ্তত মৌন হৈ টকাকেইটা গ্ৰহণ কৰিলে যদিও শেষমুহূৰ্তত বৰ্ধিত দৰমহাৰ অংশটো সংগোপনে থৈ দিলে৷ এজনী বনকৰা মহিলাৰ এই পদক্ষেপৰ জৰিয়তে কাহিনীকাৰে টকা আৰু আত্মসন্মানবোধৰ মাজত এডাল সুস্পষ্ট ৰেখা টানিবলৈকে প্ৰয়াস কৰিছে৷ ছবিখনৰ এটি সৰু অথচ প্ৰভাৱশালী দৃশ্যবোৰৰ ভিতৰত এইটোও এটা৷

চিনেমাটোগ্ৰাফাৰ সৌমিক মুখাৰ্জীয়ে গ্ৰহণ কৰা ‘থপ্পড়’ৰ দৃশ্যসমূহত ক্লজ আপ, মিডিয়াম ক্লজ আপকে ধৰি বহুতো শ্বটৰ সমাহাৰ ঘটিছে৷ কিছুমান গুৰুত্বপূৰ্ণ দৃশ্য গ্ৰহণ কৰা হৈছে ৱাইড মিডিয়াম বা মিডিয়াম শ্বটত, য’ত মূল উপস্থাপিত চৰিত্ৰটোৰ লগতে তেওঁৰ চৌপাশৰ চৰিত্ৰবোৰৰ প্ৰতিক্ৰিয়াও পৰ্দাত দৃশ্যমান হৈছে৷ আশে-পাশে থকা চৰিত্ৰবোৰে প্ৰতিক্ৰিয়া প্ৰকাশত দেখুওৱা বৈসাদৃশ্য এইবোৰ শ্বটত জিলিকি উঠিছে, যাৰ বাবে বিষয়বস্তুৰ গুৰুত্ব আৰু প্ৰভাৱ বুজাত দৰ্শকৰ বাবে সহজসাধ্য হৈ উঠিছে৷ বিক্ৰমে অম্মুক চৰ মৰাৰ দৃশ্যটোও তেনেকুৱা এক দৃষ্টিভংগীৰেই লেন্সত বন্দী কৰা হৈছে৷ কিন্তু আত্মীয়ৰ মাজত কিছুমান আলোচনা আৰু যুক্তি-প্ৰদৰ্শনৰ দৃশ্যত দুই-এটা হাই এংগল শ্বট লোৱাহেঁতেন, দৃশ্যসমূহৰ নান্দনিকতা বাঢ়িলহেঁতেন৷ সেইক্ষেত্ৰত চিনেমেটোগ্ৰাফাৰ মুখাৰ্জীয়ে অভিনৱত্ব দেখুৱাব নোৱাৰিলে৷

সুতীক্ষ্ণ শব্দ আৰু সুস্পষ্ট ভাৱৰে সমৃদ্ধ ‘থপ্পড়’ৰ সংলাপবোৰে ছবিখনৰ গাম্ভীৰ্য আৰু গ্ৰহণযোগ্যতা বঢ়োৱাত অনবদ্য ভূমিকা পালন কৰিছে৷ তাতকৈও গুৰুত্বপূৰ্ণ কথা হৈছে-সংলাপবোৰে স্থান-কাল-পাত্ৰৰ সংকীৰ্ণ আৰু ব্যক্তিগত বৃত্তটোৰ পৰা ওলাই আহি এক আপোচবিহীন লক্ষ্যৰে নাৰী-পুৰুষৰ মানসিকতাৰ বৈসাদৃশ্যমূলক কেন্দ্ৰস্থলত সময়োপযোগী আৰু জোৰদাৰ আঘাত হানিছে৷ প্ৰতিবেশী শিৱানীয়ে নতুন গাড়ী এখন চলাই যোৱা দেখি অম্মুৰ স্বামী বিক্ৰমে কৌতূহলবশতঃ কৈ উঠে-“ আকৌ নতুন গাড়ী! কি কৰে তাই? ” “পৰিশ্ৰম৷ ”-অম্মুৱে উত্তৰ দি পাছমুহূৰ্ততে সোধে-‘ময়ো গাড়ী চলাবলৈ শিকি লওঁ নেকি? ’ ইয়াৰ উত্তৰত বিক্ৰমে কৈ উঠে-“আগতে পৰঠা বনাবলৈ শিকি লোৱাচোন৷ ” দৃশ্যটোত ধনৱান পুৰুষ বিক্ৰমৰ মুখত ফুটি উঠা ক্ষীণ ঈৰ্ষা আৰু শ্লেষাত্মক আশ্চৰ্যলৈ মন কৰিলে সংলাপটোৰ সামাজিক গম্ভীৰতা অনুধাৱন কৰিব পাৰি৷ য’ত কেৰিয়াৰকেন্দ্ৰিক, উন্নতিকামী পুৰুষ এজনৰ অৱচেতন মনত সুপ্ত হৈ থকা প্ৰতিদ্বন্দ্ব্বিতামূলক ভাৱানুভূতিয়ে মূৰ দাঙি উঠে আৰু প্ৰতিৱেশী স্বাধীনচিতীয়া নাৰীৰ প্ৰাত্যহিক জীৱনৰ স্বাচ্ছ্যন্দ তেওঁৰ বাবে সুখ-আনন্দৰ কাৰণ হোৱাৰ পৰিৱৰ্তে কৌতূহলসূচক নিৰানন্দ আৰু ব্যথাৰহে উৎস হৈ পৰে৷ কৰ্মক্ষেত্ৰত নাৰী-পুৰুষৰ মাজত চলি থকা শীতল লিংগভিত্তিক যুঁজখনৰ কিছু প্ৰাথমিক আভাস দিবলৈ সংলাপ-লেখোঁতাই ইয়াত যত্ন কৰিছে বুলি ভাবিব পাৰি৷

টাপছীৰ মুখত দিয়া বহুতো সংলাপত বক্তব্যৰ তীক্ষ্ণতা আৰু ভাৱৰ তীব্ৰতা বিৰাজমান৷ সংলাপবোৰে পাৰিবাৰিক লিংগবৈষম্যৰ মৰ্মস্থলীত আক্ৰমণ কৰে, উন্মোচিত কৰে নাৰীতকৈ পুৰুষক সদায়েই অগ্ৰাধিকাৰ দিয়াৰ মধ্যবিত্তীয় প্ৰৱণতাটোক৷ যি প্ৰৱণতাই ‘নাৰীয়ে চৰ খোৱাটোকো তেনেই সৰু, সাধাৰণ কথা বুলি পতিয়ন নিয়াব খোজে৷ তাতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে পৰিশ্ৰমী পুৰুষজনে চাকৰিজীৱনত সুযোগ এটা হেৰুওৱাটোহে৷ অথচ পুৰষৰ দৰেই সমান পৰিশ্ৰম আৰু দায়িত্ববোধেৰে নিজৰ কৰ্তব্য পালন কৰি থাকে ঘৰগৃহিণীয়ে৷ তাকে কৰিবলৈ গৈ তেওঁ এসময়ত নিজৰ পছন্দ-অপছন্দ, নিজত্ব হেৰুওৱাৰ উপক্ৰম হয়৷ সেয়ে অম্মুয়ে শেষত কয়-“…সেইদিনা ৰাতি মোৰ অনুভৱ হ’ল যে মোৰ প্ৰতি থকা আপোনালোকৰ মৰম ‘মোৰ বাবে’ নাছিল৷ আছিল ‘বিক্ৰমৰ পত্নী’ হোৱাৰ বাবেহে৷ …সেইদিনা কোনেও বিক্ৰমক নক’লে যে সি ভুল কৰিছে৷ সকলোৱে ভাবিলে বিক্ৰমে চৰটো মাৰি যি কৰিলে, ঠিকেই কৰিলে৷ আৰু যদি সি ভুল কৰিছেও, তেন্তে অম্মুৱে সেইটোক গুৰুত্ব দিয়া অনুচিত৷ অম্মুৱে পাহৰি পেলোৱা উচিত৷ ..” নাৰীয়ে তেওঁলোকৰ প্ৰতিটো উত্তৰ-প্ৰজন্মকে স্থান-কাল-পৰিস্থিতি পৰিহাৰ কৰি, জীৱন-যৌৱনৰ সকলো প্ৰতিকূলতা পাহৰি ‘এদজাষ্ট’ হৈ থাকিবলৈ দিয়া নীতিশিক্ষাটোকো ছবিখনত ঠায়ে-ঠায়ে পুনৰীক্ষণ কৰা হৈছে আৰু কিদৰে সেই শিক্ষাটোৱে সুখ আৰু স্বকীয়তাপ্ৰাপ্তিৰ ক্ষেত্ৰত নাৰীৰ সমুখতেই হেঙাৰ হৈ থিয় দিছে তাকে প্ৰকাশ কৰিব বিচৰা হৈছে৷ এটা বিশেষ কথোপকথনৰ দৃশ্যত অম্মুৱে কৈ উঠে-‘মই সুখী হ’ব বিচাৰোঁ৷ আৰু যেতিয়া মই ‘সুখত আছোঁ’ বুলি কওঁ, তেতিয়া যাতে মই সঁচাকৈয়ে সুখ অনুভৱ কৰোঁ৷ তাত যাতে কোনো মিছা নাথাকে৷ ’ বৈবাহিক জীৱনৰ এক জটিল সন্ধিক্ষণত উপস্থিত হোৱা এগৰাকী নাৰীৰ আত্মপৰ্য্যালোচনাৰ প্ৰয়াস, সুখপ্ৰত্যাশী অভীপ্সা আৰু পুনৰাৱিষ্কৃত জীৱনবোধক এনে একাধিক সংলাপৰ জৰিয়তে কাহিনীকাৰে জীৱন্ত ৰূপত তুলি ধৰিছে৷ ক’ব পাৰি, কাহিনী-চিত্ৰনাট্য আৰু অভিনয়ৰ পিছত সংলাপৰ বাবেই ‘থপ্পড়’ বহুদিনলৈকে এখন স্মৰণীয় চলচ্চিত্ৰ হৈ থাকিব৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments