‘থাওলিপলিঙক মানুহে পাহৰি পেলাইছে’ –দীপিকা ডেকা

লেখিকা: – বিপাশা বৰা
প্ৰকাশক: – আঁক-বাঁক

কিতাপৰ প্ৰতি মোহ পুৰণি। বহু গল্পৰ চৰিত্ৰত নিজৰ ছাঁটোকে দেখা যেন লাগে। তাৰবাবেই বহু গল্প উপন্যাস ভাল লাগে। তাতে যদি কেনেবাকৈ ক’ৰবাত অকণো খুঁট নোৰোৱাকৈ নিজৰ প্ৰতিচ্ছবি দেখা যায়, সেই কাহিনীয়ে নিজৰ হৈ উঠে। এনে লাগে যেন স্ৰষ্টাই মোৰ কথাকে লিখিছে। মোৰ চাৰিওপাশৰ অৱস্থাটোকে বৰ্ণনা কৰিছে। নিজৰ বুলি ভাবি ল’ব পৰা ভাৱটো মনত সোমাই দিব পাৰে বাবেই সেইগৰাকী সাহিত্যিকৰ সৃষ্টিৰ প্ৰতি আকৰ্ষণ জাগে।

গল্পসমূহ পঢ়ি মোৰ মনলৈ অহা কথাখিনি প্ৰকাশ কৰিবলৈ লৈছোঁ। ব্যক্তিভেদে মন বেলেগ, ৰুচিও বেলেগ। হয়তো কোনোবাখিনিত লেখিকাৰ অনুভৱ আৰু মোৰ অনুভৱ অমিল হ’ব পাৰে। তথাপি মনৰ কথাবোৰ লিখাৰ চেষ্টা এয়া―
গল্প ১: – থাওলিপলিঙক মানুহে পাহৰি পেলাইছে
অতীত, বৰ্তমানক সাঙুৰি লিখা গল্পটোৱে জোকাৰি যায়। ভাৰ্চুৱেল আৱেগত থকা-সৰকা হোৱা আমি অতীজৰ বুৰঞ্জী পাহৰি পেলাইছোঁ। পাহৰি গৈছোঁ আমি বৰ্তমান থিয় হৈ থকা সমাজখন গঢ় দিবলৈ নিজৰ জীৱন আহুতি দিয়া অসাধাৰণ ব্যক্তিসকলৰ কথা। ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ পাকচক্ৰত সোমাই মত্ত হৈ পৰা আমাৰ দৰে মানুহক আত্মবিশ্লেষণ কৰাৰ সুযোগ দিছে এই গল্পটোৱে।
গল্প ২: – চেৰাশালিৰ চিঞৰ চেৰাশালিৰ পোহৰ
পুৰুষত্বৰ চিনস্বৰূপে পত্নীৰ গৰ্ভত ভ্ৰূণ স্থাপন কৰাৰ প্ৰতিযোগিতাত জন্ম পোৱা ছোৱালী সন্তানৰ প্ৰতি দায়িত্বহীনতা, বংশৰক্ষাৰ বাবে মৃত্যুৰ মুখলৈ ঠেলি দিয়া পুৰুষৰ আঁৰত থকা নাৰীৰ ভূমিকা সুন্দৰকৈ প্ৰতিফলিত হৈছে এই গল্পটোত। এফালে প্ৰগতিশীল নাৰীৰ শ্লোগান আনফালে কোনো নাৰীৰ বংশৰক্ষাৰ বাবে আপোন শৰীৰৰ সৈতে যুঁজ! উফ!
গল্প ৩: – কা চিনচাৰৰ গাহৰিটো
বয়ঃসন্ধিৰ সময়ত এজনী কুমাৰী ছোৱালীৰ মানসিক অৱস্থা, আপোন মানুহৰ লগত মানসিক সংঘাতৰ ফলশ্ৰুতিত অন্ধবিশ্বাসৰ বলি হোৱা কথাখিনি এই গল্পটোত সুন্দৰকৈ তুলি ধৰিছে।
গল্প ৪: – মানিমুনি বাই বাই
সাংসাৰিক দায়িত্ব, কৰ্তব্যৰ মাজত উদযাপনৰ কথা পাহৰি মাত্ৰ নিজক জীয়াই ৰখা নাৰীসকল, দৈহিক-মানসিক প্ৰয়োজনৰ কথা পাহৰি আনৰ প্ৰয়োজন পূৰ কৰা নাৰীসকল জী উঠিছে কাহিনীত।
গল্প ৫: – কংথঙৰ কুৰুং, ছায়াকল্পত আমি, গছৰ বাঁহী
মৃত্যু সত্য। পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই মৃত্যুৰ সাক্ষী। কিন্তু সকলো মৃত্যু মানি ল’ব নোৱাৰি। যাৰ লগত আত্মাৰ সম্পৰ্ক গঢ় লৈ উঠে, তেওঁৰ মৃত্যু স্বীকাৰ কৰাটো সহজ নহয়। সৃষ্টিকৰ্তাৰ এয়াই এক অপ্ৰিয় নিয়ম।
গল্প ৬: – ভাৰ্জিন মেৰী আৰু পহু খেদি ভালপোৱা মানুহবোৰ
‘শহাপহুৰ দৰে অঁকৰা প্ৰাণী আছেনে ক’ৰবাত? মাতিবও নাজানে, কান্দিবও নাজানে। কেবল মাত্ৰ চকু দুটা মেলি ফেল ফেলকৈ চাই থাকে।’
শহাপহুৰ দৰেই বহু চৰিত্ৰ আমাৰ মাজতে আছে। সমাজৰ তীৰ্যক মন্তব্য, গালি-শপনি সকলো শুনিও মৌন হৈ ৰোৱা মানুহবোৰ শহাপহুৰ দৰেই অঁকৰা। পেটত সন্তান লৈ বিনাপ্ৰতিবাদে শাৰীৰিক অত্যাচাৰ সহি যোৱা নাৰীসকল চিকাৰীৰ আগত একোজনী পহুৱে।
গল্প ৭: – বাঁহপাতৰ পেঁপা বজাই ভালপোৱা ল’ৰাটো
প্ৰেমৰ কল্পনাত জী থকা মানুহৰ জীৱনত প্ৰেমৰ অভাৱ হ’লে মানুহবোৰ ভিতৰি মৰি যায়। একাত্ম হৈ থকা বেমাৰটোৱে লম্ভে। গাম্ভীৰ্যৰ আৱৰণ লগাই লোৱা হয় নিজৰ চৰিত্ৰত। কিন্তু অকস্মাৎ কেতিয়াবা পৰিবৰ্তন হৈ যায় সকলো। গহীন মুখাখনৰ আঁৰৰ প্ৰকৃত ৰঙীণ ৰূপটো উদঙাই দিয়ে ভালপোৱা কোনো চৰিত্ৰৰ প্ৰভাৱে। নতুনকৈ প্ৰেমত পৰিবলৈ শিকি নিজক সজাবলৈ লোৱা প্ৰাপ্তবয়স্ক মানুহ এগৰাকীৰ কাহিনীটোৱে কোনোবাখিনিত নিজক কোবাই থৈ যায়।
গল্প ৮: – চাহপতীয়া চাওঁতালী
শাসিত-শোষিতৰ কাহিনী এয়া। অতীতৰ পৰা বৰ্তমানলৈ খাটি খোৱা মানুহৰ ওপৰত উচ্চ পদৱীৰ মানুহৰ অত্যাচাৰ, প্ৰতিক্ৰিয়াস্বৰূপে বিদ্ৰোহী হৈ উঠা মনবোৰ, জমা হৈ থকা ক্ষোভবোৰ আৰু তাৰ ফলত সৃষ্টি হোৱা বিভীষিকাময় পৰিৱেশৰ কথাৰে এই কাহিনীৰ সৃষ্টি‌।
গল্প ৯: – অঙঠাৰ কাহিনী/ এঙাৰৰ কাহিনী
নোপোৱাৰ দুখ আৰু পাই হেৰুওৱাৰ দুখ দুয়োটাৰে মাজত প্ৰভেদ আছে। নিষ্ঠুৰ মানুহৰ অত্যাচাৰৰ চিকাৰ হোৱা সাধাৰণ মানুহৰ জীৱনবোৰ কেনেকুৱা এই গল্পটোত তাৰে ছবিখন দেখা যায়। ৰাজনৈতিক স্বাৰ্থ, ৰাষ্ট্ৰ, বিদ্ৰোহ আদি শব্দৰ লগত পৰিচয় নথকা সাধাৰণ মানুহে মাথোঁ নীৰৱে চকুপানী টোকে এই সংঘাতত আপোন মানুহক হেৰুওৱাৰ দুখত।
গল্প ১০: – সেউজীয়া যোদ্ধা
কাণবাগৰা কথাই ধ্বংস মাতি আনে। পাহাৰীয়া সৰল মানুহক কথাৰে পকাই নিজৰ মোনা গৰম কৰিব বিচৰা মানুহৰ কথা, ধনৰ লোভত সম্পদ বিক্ৰী কৰি, প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ কথাৰে সমৃদ্ধ গল্পটো।
গল্প ১১: – কাঠফুলা
বংশ, মৰ্যাদা, দায়িত্ব, পৰম্পৰা এইবোৰৰ মাজত নিজৰ হেঁপাহ দমন কৰি ৰখা পুৰুষৰ কথাৰে নিপোটল কাহিনী কাঠফুলা।
গল্প ১২: – মহানাগৰিক শহাপহু
জংঘলৰ সম্পদ জীৱজন্তু মাৰি টকাৰ বাবদ বিক্ৰী কৰা আমি মানুহে মুকলি জীৱ-জন্তু ধৰি আনি ঘৰত বন্দী কৰি ৰাখি পশুপ্ৰেমীৰ বেশ ধৰোঁ। “এই পৃথিৱী নিৰাপদ নহয়।” মৃত্যুৰ কিৰিলি চৌদিশে। দুঠেঙীয়াৰ পৰা চাৰিঠেঙীয়ালৈ কাৰো ৰেহাই নাই এই সময়ৰ হাতৰ পৰা। অধিক সমস্যাৰ মাজত নিজক বচোৱাৰ বাবে অহৰহ চেষ্টা কৰা মধ্যবিত্তীয় সমাজৰ কথা প্ৰতিফলিত হৈছে এই গল্পত।
গল্প ১৩: – মোৰ চকুলোৰে তিতা পাহাৰ
জনজাতীয় পাহাৰীয়া সমাজ, অশিক্ষিত সমাজখনক শিক্ষাৰ পোহৰ দিবলৈ ওলাই যোৱা এহাল দম্পতীৰ ত্যাগৰ সাক্ষী হোৱা এখন পাহাৰৰ কাহিনীটো মন চুই যোৱা।
গল্প ১৪: – আঙঠাচকুৱা আৰু মৃত চহৰৰ বিষণ্ণ নাৰীবোৰ
বিপ্লৱ আৰু বিপ্লৱৰ পাৰ্শ্বক্ৰিয়াই সাধাৰণ মানুহৰ জীৱনৰ লগত ঘটা নিষ্ঠুৰ ঘটনাক কাহিনীৰ ৰূপ দিয়া হৈছে ইয়াত।
গল্প ১৫: – মৃত্যুহীন ফেণ্টম আৰু অসমীয়া গল্পৰ নায়কজন
“বাস্তৱ যেতিয়া অসহনীয় হৈ উঠে, তেতিয়াই কিজানি মানুহে ফেণ্টাছীৰ পৃথিৱীখনত সময় কটাই বেছি ভাল পোৱা হয়। বিচাৰি লয় আত্ম-বিনোদনৰ এক নিৰন্তৰ মাধ্যম।” এই বাক্য দুশাৰীয়েই সাঁচ বহুৱাই যায়। ৰাজনীতিৰ মেৰপাচত হেৰুৱাই পেলোৱা দেউতাকৰ নামত সমবেদনাৰ সোঁত বোৱাই নিউজ চেনেলৰ আগত হেজাৰ প্ৰতিশ্ৰুতি দি, চকুপানী টুকি পিছত বিপদৰ সময়ত কাৰো পৰা একো সহায় নোপোৱা কিশোৰৰ মানসিক জগতখনক সাৱলীল ৰূপত তুলি ধৰা এই গল্পটোৱে মনৰ ভিতৰখন জোকাৰি যায়।
গল্প ১৬: – চকৰীৰ সাধু
পলুৰ পৰা লেটা আৰু লেটাৰ পৰা পখিলা আৰু এদিন উৰিবলৈ শিকা পখিলাটো ক’ৰবাত নিথৰ হৈ পৰি ৰয়। তেনেকৈ বহুতৰ জীৱনবোৰো, যেনেকৈ এই কাহিনীৰ নায়িকা শংকৰীৰ জীৱনটোও পখিলাৰ সাধুৰ দৰে একঘেয়ামী। পলুৱে মোট সলায়, বাৰে বাৰে।
“ৱ জৱানী জৱানী নেহী; জিছকী ক’ঈ কাহানী নেহি।”
কাহিনীবোৰ বাস্তৱৰ আধাৰত ৰচনা কৰা নহয় বুলি যিটো কথা কোৱা হয়, প্ৰকৃততে জানো সঁচা! মুঠেও নহয়। যিমান কল্পনাৰে কাহিনীৰ সৃষ্টি নহওক কিয়, তাত বাস্তৱ থাকিবই। বিপাশা বৰাৰ ‘থাওলিপলিঙক মানুহে পাহৰি পেলাইছে’ গল্প সংকলনখনৰ অন্তৰ্গত কাহিনীয়েও বাস্তৱক প্ৰতিনিধিত্ব কৰিয়ে সৃষ্টি হৈছে।
প্ৰতিটো কাহিনীয়ে ভাবিবলৈ বাধ্য কৰায়। প্ৰতিটো চৰিত্ৰই নিজকে জুকিয়াই চাবলৈ বাধ্য কৰায়। নাৰী-পুৰুষ উভয়কে সামৰি কাহিনীৰ যি অলংকৰণ, সঁচাকৈয়ে মুগ্ধ হৈছোঁ। বহুসময়ত কিছুমান কথাই দকৈ শিপাই যায়, কিন্তু তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ভাষাৰ অভাৱ হয়। মূলতঃ গোটেইখিনি সামৰি একেষাৰে ক’ব পাৰি এখন ভাললগা কিতাপ। থাওলিপলিঙক মানুহে পাহৰি পেলাব পাৰে, কিন্তু ‘থাওলিপলিঙক মানুহে পাহৰি পেলাইছে’ যিয়ে এবাৰ পঢ়িব; তেওঁ বিপাশা বৰাক পাহৰিব নোৱাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments