থুলুক, টেট বাইদেউ আৰু হাই প্রেছাৰ (অচিন্ত বৰঠাকুৰ)


টেট বাইদেউৰ প্রতি থুলুকৰ দুর্বলতা এতিয়া প্রায় সর্বজনবিদিত। অকণমানিকৈ ধুনীয়া বাইদেউজনীয়ে স্কুলত যোগদান কৰাৰে পৰা থুলুক শ্রেণীত একেবাৰে ৰেগুলাৰ। অবশ্যে, শ্রেণীকোঠাত বাইদেউ গৰাকীয়ে কি পঢ়ায়, সেয়াহে সি ভালকৈ ক’ব নোৱাৰে। আচলতে টেট বাইদেউৱে কথা ক’লেই তাৰ গান শুনা যেনহে লাগে আৰু তেনেকুৱা সুমধুৰ গীত শুনি থাকোঁতে গীতৰ কথালৈ মন দিয়াই নহয়গৈ তাৰ। বাইদেউৰ গান(!)ৰ তালে তালে তাৰ মনটো কেনেকৈ ক’লৈ উৰি যায়, সি নিজেই নাজানে। গোটেই সময়চোৱাতে এক মিঠা মিঠা লগা কল্পনাত বুৰ গৈ থাকোতেই অদূৰত ক্লাছ শেষ হোৱা সংকেট দি ঘণ্টাটো বাজেই দেখোন!

কি কথা জানো, আজিকালি কিয়নো এই ক্লাছটোৰ বাদে এই পৃথিৱীত তাৰ একোৱেই ভাল নলগা হৈ পৰিছেগৈ, তাৰ কাৰণটোও সি বিচাৰি উলিয়াব পৰা নাই। ওঁহো, এইদৰে আৰু নহ’ব; সি ইতিমধ্যে পেটে পেটে সিদ্ধান্ত লৈ পেলাইছে, দুই তিনি বছৰৰ পিছত যেতিয়া সি বাইদেউৰ সমান হ’বগৈ(!) তেতিয়াই তেওঁক সি মনতে পাঙি থোৱা সেই বিশেষ কথাটো কৈ দিব। তাৰ পিছতহে যদি শান্তি আহে তাৰ মনলৈ।

বাইদেউৱে আজি ক্লাছত অসমীয়া জতুৱা ঠাঁচ নে খণ্ডবাক্য -তেনেকুৱা কিবা এটাৰ বিষয়ে কৈ আছে। বাইদেউৰ মিঠা মিঠা লগা মাতটোৰ লগতে কথাবোৰো চোন আজি কিবা শুনি থাকিবলৈ মন যোৱা বিধৰ হৈছে। অলপ চলপ বুজিও পাইছে সি। উলুৰ লগত বোলে বগৰী পোৰে। হয়তো, যোৱা বছৰ তাৰ সৰু দদায়েকে চাহ বাগান খোলাৰ উদ্দেশ্যে সিহঁতৰ পিছফালৰ উলুৱণিডৰাত থকা হাবিসোপা চাফা কৰিবলৈ বুলি প্রথমে তাত জুই লগাই দিওঁতে সেই জুইয়ে বাছ-বিছাৰ নোহোৱাকৈ তাত থকা গোটেইসোপা বগৰী, আম আৰু আমলখিৰ পুলি পুৰি পেলোৱা সি নিজে দেখা পাইছিল। কেৱল সেয়াই নহয়, আধাপোৰা হৈ মৰি পৰি থকা দুটা ঢোৰা সাপো সিহঁতে পিছত চাপৰিটোৰ মাজত দেখা পাইছিল। উলুৰ লগত সেয়ে বগৰীনো কি বস্তু, মানুহো পুৰি যাবলৈ আছে , তাকো জীয়াই জীয়াই। ঠিকেই কৈছে বাইদেউৱে।

“খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা”l ঠিকেইতো, বিহুত অসমীয়া মানুহে চিৰা-পিঠা খাব লাগে বুলি নিয়ম এটা আছে যদিও মানুহৰ ঘৰলৈ গ’লে তাক কোনোবাই চিৰাৰ সলনি কোমল চাউল বা ভজা চাউল খাবলৈ দিলে সি অক্কণমানো বেয়া নাপায়। আনহে নালাগে, লুচি ভাজি আৰু ৰসগোল্লা বা লালমোহন টাইপৰ কিবা এবিধ মিঠাই থাকিলে সেই ঘৰত বিহুৰ সো‌ৱাদটো অলপ বেছিকৈহে পায় সি। গতিকে খাব জানিলে লুচিয়েই চিৰা বুলি ক’লেও সি বেয়া নাপায়। সঁচা কথা ক’বলৈ গ’লে যেয়ে যিহকে দিয়ে তাকেই খাব পাৰে সি। অবশ্যে তাৰ দেউতাকে আৰু ডাঙৰ মোমায়েক বা গাঁৱৰ দুই এজন তাৰ চিনাকি মানুহে যিহকে তিহকে খাব নোৱাৰে, কিবা প্ৰেছাৰ, ডাইবেটিছ, গেষ্ট্ৰিক, হাপানী, পাইলছ্‌ আৰু কিবা কিবি নাম নজনা অসুখ আছে তেওঁলোকৰ। দৈ, গাহৰি, হাঁহ, বৰা চাউল, বৰালি বাছ….এইবোৰ খাবলৈ এৰি দিছে তেওঁলোকে আজিকালি। সেয়ে, তেওঁলোকৰ আগত ক’লে বাইদেউৰ এইটো কথা নামানিবও পাৰে, ঠিক নাই।

এই বাইদেউজনী যে সঁচাকৈ ইম্মান ভাল, তাৰ মনৰ কথা বোৰকেই কৈ আছে তেওঁ। অৱশ্যে কেনেবাকৈ এইজনী বাইদেউৱে যদি তাক নিজহাতে শিলগুটি বা শিঙৰী গুটি বা কছুগুটিও খাবলৈ দিয়ে, তাৰ কাৰণে সেয়াই হ’ব পৃথিৱীৰ আটাইতকৈ সোৱাদ চিৰা।

আকৌ, পীৰাত বহাতকৈ মাটিত বহিয়েই বেছি ভাল পায় সি। খাবৰ সময়তো পীৰাতকৈ মাটিত বহি বা খুউব বেছি মাটিৰ ওপৰত পাতল ঢাৰিখন পাৰি বহিলেহে তাৰ ভাত খোৱা যেন লাগে। চহৰৰ দাঁতি কাষৰীয়া অঞ্চলত অৱস্থিত সিহঁতৰ ইস্কুলখনৰ পৰা ঘৰলৈ গৈ থাকোঁতে ৰাস্তাৰ কাষত পাই যোৱা পার্ক কেইখনতো সি প্রায়ে যোৰা যোৰা হৈ সোমোৱা ল’ৰা-ছোৱালী বিলাকক জোপোহাৰ কিনাৰে কিনাৰে মাটিত বহিয়েই কিবা কিবি কৰি থকা দেখে। কোনে কি কৰে, সেইবোৰ অবশ্যে সি নাজানে, কিন্তু পার্কতেই হওক বা ষ্টেডিয়ামৰ গেলেৰীতেই হওক, তেনেকুৱা যোৰা বিলাকক পীৰাত বহা সি কেতিয়াও দেখা নাই।

বাইদেউক লৈ সি যেতিয়া এনেকৈ হাতত ধৰা-ধৰিকৈ ডাৰ্জিলিং, চুইজাৰলেণ্ড বা ইয়াৰে কোনোবা নৈৰ পাৰলৈ যাব, তেতিয়া সিও পীৰা লৈ নাযায়। নদীৰ পাৰৰ মাটিত বগা চকচকীয়া বালিবোৰ পৰি থাকে, তাত বহাৰ আমেজেই বেলেগ। অবশ্যো বাইদেউজনীয়ে কেনেবাকৈ মাটিয়ে বালিয়ে বহিবলৈ সংকোচ কৰিলে সি তেওঁক কোলাতেই বহুৱাই ল’ব, কিন্তু, তথাপিতো সি পীৰা-চীৰা নিনিয়ে লগত।…..আৰু কিমান সময়নো বহা হ’ব সিহঁতৰ…. সেয়া নৈৰ পানীলৈ নামি গৈ বাইদেউৱে গান গোৱা আৰম্ভ কৰিলেই…. তেওঁ গান গাই আছে,,,,,, সি ওখ গৰাত বহি বিভোৰ হৈ চাই ৰৈছে তেওঁলৈ….মাজে মাজে এশাৰী দুশাৰী নিজেও গাইছে সি…. কহুঁৱা আৰু ঝাউবন বিলাকে বতাহত হালি জালি সোঁ সোঁ শব্দৰে সিহঁতৰ গানত সংগীত দিছে … এইবাৰ লাহেকৈ দুহাত মেলি শ্ল’ ম’ছনত সি পানীলৈ জাপ দি তেওঁৰ ওচৰতে পৰিছেগৈ….. নদীৰ পানী উফৰি বাইদেউৰ গাত পৰি তেওঁক প্ৰায় বুৰাইয়েই পেলাইছে…..প্ৰত্যাচক্ৰমণত বাইদেউৱেছও তাৰ গালৈ কাঁজলিয়ে কাঁজলিয়ে পানী চটিয়াইছে….. এইবাৰ দুয়ো দুয়োৰে গালৈ পানী চটিয়াই চটিয়াই আপোন পাহৰা হৈ পৰিছে….. হাঁহি হাঁহি নদীৰ সোঁতত এজনে আনজনৰ নাম লিখিছে….. দুয়োৰে মৰমবোৰ গলি গলি নদীখন ৰঙীণ কৰি তুলিছে,,,,, ওপৰত উৰি ফূৰা জিঞাবোৰে ৰংহীন দুপাখিত যেন তাৰ ৰং ঘঁহি ল’বলৈ হেতা-ওপৰা লগাইছে,,,,,, শিহুৱে ভুটুং দি মাজে মাজে সিহঁতক জোকাইছে… বাইদেউৱে লাজতে দুহাতেৰে মুখ ঢাকি আঙুলিৰ ফাঁকেৰে তালৈকে চাই ৰৈছে ….সময়বোৰ অসীমত বিলীন হৈ গৈছে…. .

হঠাৎ পুতুকণৰ খোচত সি বাস্তৱলৈ ঘূৰি আহিল। বাইদেউৱে তাকেই কিবা সুধি আছে দেখোন!

“শাকত নেখায় লোণ-ৰ পিছৰ ডোখৰ কি, সুধি আছে, কৈদে।”- আগৰ দৰেই থুলুকৰ কাষতে বহা পুতুকণে ফুচ ফুচাই প্রশ্নটো থূলমূলকৈ তাক জনাই দিলে যেনিবা।
শাক বোলোতেই হঠাৎ মনত পৰিল তাৰ দেউতাকলৈ। দুবছৰৰ আগলৈকে ভাতৰ পাতত বহি কাঁহিৰ দাঁতিত কেঁচা নিমখ এজেবা নল’লে নোহো‌ৱা তাৰ দেউতাকে ডাক্তৰৰ নিৰ্দেশত এতিয়ালৈ নিমখ খো‌ৱাৰ অভ্যাোসেই বাদ দিলে। শাকৰ আঞ্জাত নিমখ বেছি হো‌ৱা বাবে আজি ৰাতিপু‌ৱাই তেখেতে তাৰ মাকক কমসোপা গালি পৰা নাছিল। তাৰ ডাঙৰ মোমায়েকেও নিমখৰ ছাটেই নলয় আজিকালি। চেনীও নাখায় তেওঁ।

থুলুক ঠিয় হ’ল আৰু ফটাফত্‍ তাৰ উত্তৰ জনাই দিলে-
“প্রেচাৰৰ গণ্ডগোল।”

থুলুকৰ লগৰ ল’ৰা ছোৱালী বিলাকে তাৰ উত্তৰটো শুনি গভীৰ চিন্তাত পৰিল। হওঁতে বাইদেউৱে ব’র্ডত লিখি থৈছে “পিটিকাত যায় তিনিগুণ” বুলি, কিন্তু মানুহৰ মগজুত প্ৰেছাৰ উঠো‌ৱাত থুলুকোতো আগৰ পৰাই ভাল, সেয়ে সি সেই বিষয়ে অলপ বেছি জানিবও পাৰে। ইপিনে, থুলুকৰ দেউতাক আৰু গাঁৱৰ কেইবাজনো লোকৰ প্ৰেছাৰৰ গণ্ডগোল থকা বাবে যো‌ৱা বছৰৰ পৰা সিঁহতৰ গাঁৱৰ উৰুকাৰ ভোজলৈ হাঁহৰ মাংস অনাৰ নিয়মটোকে যে উঠাই দিয়া হৈছিল, সেইটোও সিঁহতৰ অলপ-চলপ মনত আছে। মেজিৰ গুৰিত বহা আদ্দাটোত নিমখ প্ৰেছাৰৰ কাৰণে বৰবিহ বুলি আলোচনা হো‌ৱাও শুনিছিল সিঁহতে। সাতে-সোতৰই মিলাই হিচাব নিকাচ কৰি সিঁহতে শেষ পৰ্যন্ত কিবা সিদ্ধান্তলৈ আহোঁ আহোঁ হওঁতেই বাইদেউৱে আগৰ দৰেই একেধৰণে গৰজি উঠিল,-

-কি পেংলাই কৰিবলৈ আহিছা? সমনীয়া পাইছা নেকি মোক তোমাৰ?? আৰম্ভণিৰ পৰাই তোমাক মন কৰি আছো মই, পঢ়াৰ সময়ত ভেবা লাগি কি চাই থাকা তুমি? পঢ়িবলৈ মন নাই যদি নাহিবা স্কুললৈ । কোনে কি পঢ়াই আছে তোমাৰ কাণত সোমাইগৈ নে নাই? নে মই কোৱা কথাবোৰ শুনিবলগীয়া কথা নহয় বুলি এখন কাণেৰে সুমুৱাই আনখন কাণেদি উলিয়াই দিয়া? হেড ছাৰক কম্প্লেইন্‌ কৰিম মই, তোমাৰ গার্জেনক ৰিপর্ট দিবলৈ ক’ম । নিজৰ ক্লাছ কৰিয়েই আজৰি নাপাওঁ, সদায় সদায় আকৌ লোকৰ ক্লাছ কৰিবলৈ পঠিয়াই দিয়ে আৰু ইয়াত আহি তোমালোকৰ আগত এনেই চিঞৰি থকা হয় । ….গালো বালো চব খোলাকটিৰ তাল…… তোমালোকৰ পঢ়িবলৈ মনেই নাই, পিছত বদনামটো হ’বগৈ মোৰ ……হ্যাঁ ???//

থুলুকৰ টেমাটো বেয়া হৈ আহিছিল লাহে লাহে। ভেবা লাগি সি কেতিয়া চাইছে?!! আৰু মগজত নোসোমাবলৈ তেওঁ কৈছেইবা কি, সি নিজৰ অভিজ্ঞতাৰ পৰাহে কৈছে উত্তৰটো কিবা। আজি চিকিৎসা শাস্ত্ৰৰ লগত জড়িত ইমান কঠিন প্ৰশ্ন এটাৰ শুদ্ধ উত্তৰটোকে দিব পাৰিছে সি অথচ সেইজনীয়ে তাতো ভুল ধৰি তাক গালি পাৰিছে। নাই, এনেকৈ সদায় সদায় মনে মনে থাকিলে নহ’ব সি, চল পাই গৈছে এইজনী‌য়ে- সি ভাবিলে।

: &^লা%$,,, ঘৰত কাৰোবাৰ প্ৰেছাৰ আছে যদি চাবচোন নিমখ এগালমান খু‌ৱাই ,,,,,%$% হস্পিটেল নিয়া ৰাস্তাতে চেটেপ্‌ দিয়ে নে নাই সেইটো‌ৱে চাইলৈ মোক ক’ব $#@লা,….@#$#%
কথা ক’বলৈ আহিছে..,,*(0%^

এনেয়ো সি কথা কমেই কয়, আজিৰ পৰা আৰু ইমানকণো নকয়। কাণত ধৰিলে সি আজিয়েই। টেট বাইদেউৰ আগত জনা প্রশ্নৰ উত্তৰো নিদিয়ে আৰু সি। হুঃ,,,বৰ একেবাৰে….!! তিনি বছৰৰ পিছত ক’ম ক’ম বুলি ভাবি থকা কথাটোৱো মনতেই জহিখহি শেষ হৈ যাবলৈ দিব সি, তেওঁ বুলি নকয় একো।
এনেয়ো সঁচা কথা ক’লে থুলুক বেয়া।

2 thoughts on “থুলুক, টেট বাইদেউ আৰু হাই প্রেছাৰ (অচিন্ত বৰঠাকুৰ)

  • March 8, 2013 at 6:14 pm
    Permalink

    পঢ়ি ভাল লাগিল আগলৈও এনেকুয়া লেখা পঢ়িবলৈ পাম বুলি আশা করিলো।*মমী হাজরিকা,মাজুলী,গড়মূর

    Reply
  • March 24, 2013 at 6:02 pm
    Permalink

    হা,,,,,হা,,,,, বৰ ভাল লাগিল, আপোনাৰ নামৰ লগতে এই গল্পটো মই ফেচবুকত আপদেত দিলে আপোনাৰ কিবা আপত্তি আছে নিকি, ? জনাবলৈ নাপাহৰিব,

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!