থৰ-থৰ -ঝক-ঝক – নয়নমণি হালৈ

থৰ-থৰ-থৰ-থৰ –
ঝক-ঝক-ঝক-ঝক ..

ইচ, অকস্মাতে কি যে ঘটি গ’ল৷ ইমান লাজ লগা ঘটনা মোৰ জীৱনত কোনোকালে ঘটা নাছিল৷ শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে৷ ময়ো পৰা নাই৷ কিন্তু চেষ্টাৰ ক্ৰটিও যে কৰা নাই, সেয়াওতো সঁচা৷ যি নহওক মূল কথালৈ আহো৷

নলবাৰী ৰেল ষ্টেচনৰ ৩নং প্লেটফৰ্মটো প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰিবলৈ অতি উপযোগী৷ হাইমাষ্ট লাইটৰ উজ্জ্বল পোহৰ আৰু ৰঙ-বিৰঙী মানুহেৰে ভৰি পৰে সন্ধিয়াৰ প্লেটফৰ্ম৷ ১নং আৰু ২নং প্লেটফৰ্মত ৰেল আহি ৰখে, কিছুসময়ৰ বাবে সেই দুটা প্লেটফৰ্ম চঞ্চল হৈ পৰে, মুখৰ হৈ উঠে৷ তাৰপিছত পুনৰ নীৰৱ, নিতাল মাৰে৷ ৩নং প্লেটফৰ্ম প্ৰায় এক কিঃমিঃ দীঘল, যথেষ্ট আহল-বহল৷ কবলৈ গলে এখন মিনি ষ্টেডিয়াম৷ সেইবাবে এই প্লেটফৰ্মটো খোজকঢ়া বা ফুৰাচকাৰ বাবে বৰ সুচল ঠাই৷ তাতে আকৌ ৰেলৱে বিভাগে সজাই দিয়া পকী বেঞ্চবোৰত কিছুসংখ্যক অবসৰপ্ৰাপ্ত আদহীয়া লোকৰ আড্ডাই ঠাইখনক ষ্টেচনৰ পৰা পাৰ্কলৈ উন্নিত কৰাত এশ শতাংশই অৰিহনা যোগাইছে৷ আন এটা দিশেৰে নলবাৰী চহৰবাসীৰ বাবে যে ফুৰিবলৈও এখন ‘পাৰ্ক’ বা মুকলি ঠাইৰ ব্যৱস্থা নাই, সেই লজ্জাজনক দিশটোৱো এই ষ্টেচনটোৱে পাহৰাই ৰাখে৷

যিয়ে নহওক, ৰাতিপুৱা শুই উঠাটো মোৰ বাবে অতি কঠিন কাম৷ মোৰ কৰ্ম-সক্ৰিয়তা আৰম্ভ হয় সন্ধিয়াৰ পৰাহে৷ বাকী দিনটোৰ সৰহভাগ সময় মোৰ হামিয়াই হিকটিয়াই বা আলস্যময়তাৰেই কাটি যায়৷ হয়তো মই হাহ ধৰিব নোৱৰাৰ এয়াই প্ৰথম কাৰণ৷ কিন্তু এজন ভাল বন্ধুৱে সদায় দোষ-ত্ৰুটিবোৰহে আঙুলিয়াই দিয়ে৷ প্ৰশান্ত মোৰ খুব ভাল বন্ধু৷ সি খুব জোৰ কৰে, জোৰ কৰা মানে আগতে জোৰ কৰিছিল, এতিয়া গালি পাৰে৷ সি যতে লগ পায় ততেই গালি পাৰে ৰাতিপুৱা শুই নুঠাৰ বাবে৷ সি প্ৰতিদিনে ৰাতিপুৱা উঠে, দৌৰে, হাত-ভৰি মাৰে৷ সেয়ে স্বাস্থ্যও ভাল৷ আৰু মই কেটেৰা পৰা৷ তাৰ গালি খাই খাই এদিন ঠিক কৰিলো যে ময়ো উঠিম৷ সূৰ্য উঠাৰ আগতে ময়ো উঠিম, মুকলি বতাহ খাম, দৌৰিম, এটা উজ্জ্বল চেহেৰা আৰু তজবজীয়া দিন মোকো লাগে৷ প্ৰশান্তক কওঁ, “বাপ, আপুনি ৰাতিপুৱা চাৰি বজাতে ধাৰাষাৰ গতিত মোক ফোন কৰিব৷ মই বিছনাৰ পৰা নুঠালৈকে এই গতি অব্যাহত থাকিব লাগিব কিন্তু৷” বন্ধুৰ বাবে এইখিনি কৰিবলৈ প্ৰশান্ত হেলাৰঙে মান্তি হৈ গ’ল৷

পিছদিনা সঁচাসচি সি ফোন লগাই দিলে৷ ইচ্ ৰাম, চকু মেল খাবই নোখোজে৷ চকু মুদিয়ে কিবাকৈ উঠি গলো, খেপিয়াই খেপিয়াই ফোনটো হাতত লৈ অফ কৰি দি কাটি বগৰাই দিয়া গছডালৰ দৰে পুণৰ বিছনাত ধুপুচ৷ আবেলি প্ৰশান্তৰ বৈদ্য গালি৷ ‘মোৰ জীৱনত কেতিয়াও উন্নতি নহয়’, সি ভৱিষ্যত বাণী কৰে৷ তাক আকৌ জোৰ কৰো ‘ভাই, কাইলৈ খাটাং’৷ পিছদিনাও সেই একেই ঘটনাৰ পুণৰাবৃত্তি৷ তাৰ পিছদিনাৰ পৰা আহিল বৰষুণ৷ আইঐ ৰাতিপুৱাৰ সময়ত বৰষুণ দিলে শুই কি মজা ঐ৷ এসপ্তাহমান বৰষুণ চলি থাকিল৷ চলি থাকিল মোৰো টোপনি চিকুণ পুৱা৷ তাৰপিছত এদিন ঘপকৈ আধা এন্ধাৰ আধা পোহৰৰ মাজতেই প্ৰশান্ত আহি ওলাল৷ একেবাৰে গাত ট্ৰেকচ্যুট, ভৰিত নাইকিৰ জোতা৷ মই বোলো আজি ৰক্ষা নাই৷ চকুদুটা আধা মেলা আধা মুদা কৰিয়ে প্ৰশান্তৰ বাইকত প্লেটফৰ্ম পালো৷ বাইকখন সি এঠাইত থলে আৰু আৰম্ভ হৈ গ‘ল আমাৰ ৰাতিপুৱাৰ সংগ্ৰামী অভিযান৷

প্ৰশান্তই মাজে-মাজে হাত দুখন বেলেগ-বেলেগ ভংগীত ওপৰ-তল কৰে, কেতিয়াবা কাৰোবাক ঘুচিয়াই দিয়াৰ দৰে সন্মুখলৈ মাৰে, ময়ো কৰি যাও৷ কিন্তু টোপনিৰ আবেশ নাভাঙেহে নাভাঙে৷ কিন্তু প্ৰশান্ত যেন ভক্তৰ মন বুজা অৰ্ন্তযামী নাৰায়ণ৷ সি মোক স্বাস্থ্যোজ্জল দিন এটা দিবলৈ বদ্ধপৰিকৰ৷ এদিন সি মোক প্লেটফৰ্মৰ পৰা চিধাই কহিনুৰ ফিল্ডৰ কাষেৰে মথাউৰি পাৰ কৰি পাগলাদিয়া নৈৰ থিয় গৰা এটালৈ লৈ গ’ল৷ মনুষ্যকূলৰ বাবে তেতিয়াও ৰজনী প্ৰভাত হোৱা নাছিল যদিও চৰাই-চিৰিকতি, নৈপৰীয়া পোক পতংগ আদিৰ দিনটোৰ ব্যস্ততা আৰম্ভ হৈ গৈছিল৷ এজাক চৰায়ে কিচিৰ-মিচিৰ কৰি ফুৰিছিল খাদ্যৰ সন্ধানত৷ আকাশখন ফাটি চিৰাচিৰ কৰি যেন এখন ৰঙা কাহৰ কাহী ওলাই আহিছিল৷ মেঘবোৰ চঞ্চলা গাভৰু হৈ যেন নদীৰ বুকুত জলকেলি কৰিবলৈ নামি আহিছিল৷ (মোৰ কভাৰ ফটোখনত এই মেঘবোৰেই জিলিকি আছে৷ ) দুই-এটা মাছে টুপুককৈ ৰাতিপুৱাটোক যেন সম্ভাষন জনাই গুচি গৈছিল৷ চাৰিওফালে সেউজীয়া গছ, লতা, পখীৰ কলকল আৰু বনৰীয়া ফুলৰ গোন্ধ৷ বিশ্ব জগতৰ মায়াময় এনে ৰূপ দেখি মই যেন উন্মাদ হৈ উঠিলো৷ প্ৰশান্তক ভুৰি ভুৰি ধন্যবাদ দিলো৷ তাৰ মুখত বিশ্বজয়ৰ হাঁহি৷ নৈৰ পাৰৰ ঘাহনিত আমি প্ৰথমে সৰু ল’ৰাৰ দৰে দুইবাগৰমান মাৰি ললো৷ তাৰপিছত যেন আমাৰ ভিতৰত একোজন ‘বাবা ৰামদেৱ’ জাগি উঠিল৷ নাম নাজানো আসনৰ৷ পদ্মাসন, চক্ৰাসন, পেটটো ওপৰমুৱাকৈ দি ডিঙিটো তললৈ অনা আসন, এখন ভৰিৰ ওপৰত কোনে কিমান সময় থিয় দি থাকিব পাৰে সেইটো আসন, বাগৰি বাগৰি কৰা আসন মুঠতে দহবিধমান আসনেই কৰিলো৷

মোৰ প্ৰাতঃভ্ৰমণৰ ইচ্ছা নৈখনে বঢ়াই তুলিলে৷ প্ৰথম দুদিনমান যি কষ্ট হ’ল হ’ল, তাৰপিছত যেন সকলো সহজ হৈ পৰিল৷ পুৱতি নিশাৰ পৃথিৱীখন যেন কুমাৰী নাৰী হৈ পৰিল, আৰু আমি হেঁপাহ পলুৱাই অভিসাৰত লিপ্ত হবলৈ ধৰিলো৷ নৈৰ গৰাত থিয় হৈ কেতিয়াবা চুটি চিনেমা নিৰ্মাণ কৰাৰ কথা মনলৈ আহে, খোজকাঢ়ি আহি থাকোতে কত গল্পৰ প্লট যে মনলৈ আহি মনৰ মাজতেই সমাধি ঘটে, তাৰ লেখ নাথাকে৷ মুঠতে প্ৰাতঃভ্ৰমণে হঠাত্‍ মোৰ গতানুগতিক দিনবোৰ যেন সলনি কৰি পেলালে৷ আমি দুয়ো বন্ধুৰ ৰাতিপুৱা উঠাৰ নিচাটো এনেদৰে বাঢ়ি গ’ল যে কেতিয়াবা আমি নিশা তিনিবজাতে সাৰ পাও আৰু তেতিয়াই আমি দৌৰি দৌৰি নদীৰ পাৰ পাও৷ কেতিয়াবা ভয়ো লাগিছিল, কাৰন কেতিয়াবা হঠাত্‍ আমাক উচপ খুৱাই একোটা শিয়াল আমাৰ সন্মুখেৰে পাৰ হৈ গৈছিল৷

যি নহওক, সেইদিনাও প্ৰশান্ত আৰু মই দৌৰি-ঢাপলি, নদীৰ পাৰত হাত-ভৰি আচাৰি প্লেটফৰ্মলৈ উভতি আহিছো৷ ৰাতি পুৱাবলৈ তেতিয়াও কিছু সময় আছিল৷ আমি দুয়ো আহি প্লেটফৰ্মৰ নিৰ্দিষ্ট এখন বেঞ্চত বহি পৰিলো৷ সেইখনত আমি প্ৰায়ে ভাগৰ জিৰাও৷ সেইদিনা প্ৰশান্ত নবহিল, কৰবাত যাব, গতিকে মাত লগাই গুচি গ’ল৷ মই ঠেঙ-হাত মেলি ‘শৱাসন’ৰ ভংগীত বেঞ্চখনত গাটো পেলাই দিলো৷ আঃ ৰাতিপুৱাৰ কি শীতল সুমিষ্ট বতাহ৷ মোৰ কপালত যেন শীতল বতাহ একোছাতি আহি প্ৰেয়সীৰ দৰে হাত বুলাই দিছে৷ হঠাত্‍ মই দাৰ্শনিক হৈ পৰিলো৷ ভাব হ’ল এই পৃথিৱীখনত আৰু কোনো নাই৷ অনন্ত অসীম এই পৃথিৱীখনত ময়েই একমাত্ৰ জীৱিত প্ৰাণী৷ মূৰৰ ওপৰৰ এই বিশাল আকাশ, গছ লতিকা, এই বতাহ, এই কোমল মেঘ এই সকলোবোৰ যেন একমাত্ৰ মোৰ কাৰণেই স্ৰজন কৰা হৈছে৷ ময়েই ইয়াৰ অধীশ্বৰ, প্ৰাণ ভৰি উপভোগ কৰা হে মোৰ প্ৰাণ পখী৷ চকু দুটা মুদি দিলো৷ আঃ কি সুন্দৰ এই পৃথিৱী .. কি শীতল এই বতাহ৷ লাহে-লাহে মই যেন অদৃশ্য এখন জগতলৈ গুচি গলো৷ বতাহত ওপঙি থাকিলো৷ আঃ কি আৰাম! সময় যেন স্তব্ধ হৈ গ’ল৷ মহাকালৰ বুকুত মই ওপঙি থাকিলো, মেঘৰ মাজেৰে মই যেন অনন্ত কাল ধৰি গৈয়েই থাকিলো, গৈয়েই থাকিলো৷

হঠাত্‍ মোৰ কাণৰ কাষত কাৰোবাৰ গুণগুণ শব্দ শুনিলো৷ গুণগুণ শব্দবোৰ ক্ৰমাত্‍ ডাঙৰ হৈ আহিল৷ তাৰপিছত কিছুমান বিশৃংখল শব্দৰ উত্‍স বুজিবলৈ চেষ্টা কৰিছো, কিন্তু মই ধৰিব পৰা নাই৷ পিছত ভাব হ’ল সেই শব্দবোৰ কাৰোবাৰ ভৰিৰ খোজলৈ ৰূপান্তৰিত হৈছে৷ খোজবোৰ যেন মোৰ চাৰিওফালে এইবাৰ ঘূৰিবলৈ আৰম্ভ কৰিছে৷ চকু মেলিবৰ মনেই নাই৷ কি যে সুখৰ পৃথিৱী এখনত মই ভ্ৰমি ফুৰিছো৷ তথাপিও তন্দ্ৰা গুচাই চকু মেলি দিলো৷ কিন্তু ই কি! সূৰ্যটো ইমান ডাঙৰ হৈ গ’ল৷ মোৰ চকুৰ আগত দুটা মাখি কু-কুৱাই উৰি আছে৷ আৰু গুণগুণবোৰ! জাঁপ মাৰি মই উঠি বহিলো এইবাৰ৷ মাখি দুটা উৰি গুচি গ’ল৷ হে হৰি, ইমান মানুহ মোৰ চাৰিওফালে! ঘড়ী চালো৷ চাৰে সাতটা৷ মই দৌৰি আহোতে দেখোন পাঁচটা বজাই নাছিল৷ সেয়া গুৱাহাটীমুখী ‘মানস ৰাইনো পেচেঞ্জাৰ’ অহাৰ সময় হৈছে৷ ষ্টেচনত ঘণ্টি বাজিছে৷ কিবা কাৰনত ট্ৰেইনখনৰ প্লেটফৰ্ম আজি সলনি হৈছে, ফলত এইটো প্লেটফৰ্মত মানুহ ভৰি পৰিছে৷ মোৰ এনে লাগিছে যেন গোটেই ষ্টেচনটোৱে মোলৈ অবাক নেত্ৰে চাই আছে৷ সেয়া কেইজনীমান ছোৱালীয়ে ফিচিককৈ মোলৈ চাই হাঁহিছে৷ বদমাছ লৰা কেইটামানে ইচ্ছা কৰিয়েই মই শুনাকৈ ঢেকঢেকাই হাঁহিছে৷ দুটামানে সুহুৰিও বজাইছে৷ আদহীয়া লোকৰ জুমটোৱেও যে মোৰ কথাকে পাতিছে, সেয়া খাটাং৷ ‘ৰাতি টোপনি নহা বেমাৰ আছে নেকি’ ঝালমুৰিৰ বেপাৰীটোৱেও ক্ষন্তেক ৰৈ মোকেই কৈ গৈছে৷ হে বসুমতী, তুমি ফাট দিয়া, মই মুৰ দাঙি চাব নোৱাৰা হৈছো আৰু৷ বসুমতী দয়া কৰা৷

মই বসুমতীলৈ আৰু নৰলো৷ লাহেকৈ উঠিলোঁ৷ আৰু সুৰসুৰকৈ মানুহজাকৰ মাজেৰে মই এইবাৰ ঘৰলৈ খোজ ললো৷ ডিঙি বেঁকা কৰি গোটেইজাক মানুহে মোক যেন ‘গাৰ্ড অৱ অনাৰ’ যাচিছে৷ এনে লাগিল, মোৰ পিছত গোটেই মানুহজাকে সমস্বৰে যেন গিৰ্জনী মাৰি হাঁহি উঠিছে৷ আৰু ৰাতিপুৱাৰ নিৰ্জনতা ভেদি সেই হাঁহিত কপি উঠিছে সমগ্ৰ ষ্টেচনৰ প্লেটফৰ্ম৷ থৰ-থৰ-থৰ-থৰ ঝক-ঝক-ঝক-ঝক৷■■

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bora
5 years ago

ভাল লাগিল , আগলৈ——-+

Copying is Prohibited!