দশম খণ্ড: শিশুলীলা
৷৷ দশম খণ্ড৷৷
৷৷ শিশুলীলা৷৷
৷৷ প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি৷৷৫৭৷৷
পদ৷৷
কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ৷
শঙ্খ চক্র গদা পদ্ম কৰত তোহ্মাৰ৷৷
পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ৷
কমললোচন চাৰু অৰুণ অধৰ৷৷৬৪২৷৷
সুন্দৰ নাসিকা কৰ্ণে মকৰকুণ্ডল৷
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল৷৷
আপাদলম্বিত বনমালা জ্বলে গলে৷
শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে৷৷৬৪৩৷৷
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত৷
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত৷৷
চৰণ কমল যেন নৱ পদ্মকোষ৷
যাক দেখি ভকতৰ পৰম সন্তোষ৷৷৬৪৪৷৷
প্ৰসন্ন বদনে জ্বলে অলকা তিলক৷
বসুদেৱে দেখিলন্ত অদ্ভূত বালক৷৷
পড়ি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি৷
পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি৷৷৬৪৫৷৷
ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ৷
কোলে লৈয়া বসুদেৱ লড়িল তেখন৷৷
ভাগিল নিহল ভৈল মেলান কপাট৷
দেখি ভয়ে যমুনা আপুনি দিলা বাট৷৷৬৪৬৷৷
বৰিষে কণিকা মেঘে ওপৰত গাজে৷
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে৷৷
যশোদাৰ তৈতে উপজিলা যোগমায়া৷
অতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া৷৷৬৪৭৷৷
তাহানে শয্যাত নিয়া থৈলন্ত তোহ্মাক৷
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক৷৷
শিশুভাৱে গোকুলত ক্রীড়িলা অপাৰ৷
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ৷৷৬৪৮৷৷
অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ৷
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ৷৷
কংসৰ পাঞ্চনি পাই যত দৈত্য আসে৷
তুমি অগনিত যেন পুৰি মৰে জাসে৷৷৬৪৯৷৷
আসিলেক পূতনা মোহিনী নাৰীৱেশে৷
তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে৷৷
কোলে ধৰি তোহ্মাক দিলেক তনদান৷
তনপানে পূতনাৰ শুষিলাহা প্ৰাণ৷৷৬৫০৷৷
শকটৰ তলে থৈলা যশোদা শুৱাই৷
লাথি হানি পেহ্লাইলা শকট ওভোতাই৷৷
হেন দেখি যশোদা সুন্দৰী মহা দুঃখে৷
আথেবেথে কোলে লৈয়া তন দিলা মুখে৷৷৬৫১৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি৷
ৰামনাম বিনে নাহি কাহাৰো মুকুতি৷৷
হেন জানি নিৰন্তৰে এড়ি আন কাম৷
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷৬৫২৷৷
৷৷ দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে৷৷৫৮৷৷
পদ৷৷
চক্রবাত অসুৰে কৃষ্ণক নিলা হৰি৷
আকাশত মাৰিলা গলত চেপি ধৰি৷৷
কৃষ্ণক হিয়াত লৈয়া পড়িল ভূমিত৷
জুড়াইল তোহ্মাক পায়া যশোদাৰ চিত্ত৷৷৬৫৩৷৷
ছলে হামি তুলি তুমি দেখাইলা মাৱত৷
গৰ্ভৰ ভিতৰে আছে সমস্ত জগত৷৷
কম্পিল শৰীৰ যশোদাৰ হেন দেখি৷
পৰম বিস্ময় হুয়া মুদিলন্ত আখি৷৷৬৫৪৷৷
বসুদেৱে পঠাইলা আসিল গৰ্গ ঋষি৷
গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি৷৷
কহিলা নন্দৰ আগে যত গুণগ্ৰাম৷
বিধিৱতে তোহ্মাৰ থৈলন্ত কৃষ্ণ নাম৷৷৬৫৫৷৷
আণ্ঠুকাঢ়ি ৰিঙ্গ পাৰি ফুৰা ব্ৰজ মাঝে৷
সোণাৰ ঘাঘৰাচয় কঙ্কালত বাজে৷৷
বৃষৰ শুনিয়া নাদ চমকি উলটি৷
আথেবেথে ধৰা গৈয়া মাৱক সাৱটি৷৷৬৫৬৷৷
থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ৷
অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰ৷৷
আনন্দতে সমস্ত গোৱালীসৱ আসি৷
কৃষ্ণৰ অকীৰ্ত্তি যশোদাত দেন্ত হাসি৷৷৬৫৭৷৷
কি ভৈল তোহ্মাৰ ইটো তনয় দুৰ্জ্জন৷
কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন৷৷
গাই নতু দোহন্তে দামুৰি মেলে গই৷
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই৷৷৬৫৮৷৷
বানৰকো খুৱাৱৈ গোৱিন্দ কিনো চাণ্ড৷
বানৰে নখাই যেবে কোবাই ভাঙ্গে ভাণ্ড৷৷
ঢুঙ্কি যেৱে নপাৱৈ মনত নাহি তুষ্টি৷
সিকিয়াৰ পৰা আনে উড়লত উঠি৷৷৬৫৯৷৷
শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই৷১০৫
আন্ধাৰতো খুজি পান্ত লুকান নযায়৷৷
বস্তুক নপালে খুজি মাৰন্ত ছৱালি৷
গৃহত ভৰ্ছিয়া পলাই যান্ত বনমালী৷৷৬৬০৷৷
মাৱৰ কোলাত আছা তুমি জগন্নাথ৷
সভয় নয়ন হুয়া চপৰাইলা মাথ৷৷
হেন দেখি যশোদা পুত্ৰক নোবোলয়৷
আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চায়৷৷৬৬১৷৷
ডৰিবাক দেখিয়া পুত্ৰক বৰনাৰী৷
বুকুত সাৱটি ধৰিলন্ত চুমা পাৰি৷৷
মাধৱৰ শিশুলীলা শুনা সৰ্ব্বলোক৷
বোলা হৰি হৰি যত পাতক ছাড়োক৷৷৬৬২৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
কেশৱ কৃষ্ণ কৰুণাসিন্ধু৷
ত্ৰাহি জগন্নাথ অনাথ বন্ধু৷৷৫৯৷৷
পদ৷৷
এহিমতে ব্ৰজে আনন্দে হৰি৷
কৰন্ত ক্রীড়া শিশুৰূপ ধৰি৷৷
যত গোপশিশু বলাই আদি৷
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী৷৷৬৬৩৷৷
যশোদাৰ আগে দিলেক খল৷
খাইলেক কৃষ্ণে মাটি একদল৷৷
শুনিয়া যশোদা সুন্দৰী হাসি৷
পুত্ৰৰ হাতত ধৰিলা আসি৷৷৬৬৪৷৷
কেনে মাটি খাইলি অৰে গোপাল৷
কোবাই আজি তোৰ ফাড়িবো ছাল৷৷
শুনিয়া কৃষ্ণৰ হৰিল মাত৷
চক্ষু টেৰ কৰি মাৱক চান্ত৷৷৬৬৫৷৷
ভয়তে যেন কাম্পে হাত ভৰি৷
যশোদা দেখে পুত্ৰ গৈলা ডৰি৷৷
মুখক চাহন্তে লাগয় বেথা৷
কিয় মাটি খাইলি সোধন্ত কথা৷৷৬৬৬৷৷
লগৰ শিশু বোলে সমুদায়৷
বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই৷৷
মাতন্ত কৃষ্ণে যশোদাক চাই৷
মিছা মাতৈ সৱে শুনিও আই৷৷৬৬৭৷৷
কদাচিতো মঞি নখাওঁ মাটি৷
দাদা বলভদ্ৰে বোলন্ত ঘাটি৷৷
পতিয়ান নাই চৱা বিচাৰি৷
হেনশুনি মাতে যশোদা নাৰী৷৷৬৬৮৷৷
বায়ো বেন্ত যেৱে মাটি নখাইলি৷
শুনিয়া শিশুৰূপী বনমালী৷৷
চৱা মুখ বুলি মাৱক মাতি৷
বাইলন্ত বেন্ত প্ৰকাশিয়া আতি৷৷৬৬৯৷৷
যশোদা সুন্দৰী দেখন্ত পাছে৷
সমস্ত জগত গৰ্ভতে আছে৷৷
সাতোখন দ্বীপ সাতো সাগৰ৷
গিৰি বন নদী গ্ৰাম নগৰ৷৷৬৭০৷৷
বায়ু সূৰ্য্য শশী দিশ আকাশ৷
তাৰাগণো তৈতে কৰে প্ৰকাশ৷৷
সমস্ত জীৱ জ্যোতিস্তেজ জল৷
সত্ব ৰজস্তম ইন্দ্ৰিয় বল৷৷৬৭১৷৷
মন বুদ্ধি কাল কৰ্ম্ম যতেক৷
সৱাকো গৰ্ভতে দেখে প্ৰত্যেক৷৷
যতেক ধেনু গোপ গোপীঝাক৷
যশোদা দেখে তৈতে আপুনাক৷৷৬৭২৷৷
পৰম শঙ্কাক পাইলন্ত সতী৷
অদ্ভূত দেখিয়া বোলন্ত মাতি৷৷
কিবা ভ্ৰম ভৈলো মোহক পায়া৷
দেখিলো স্বপ্ন কিবা দেৱমায়া৷৷৬৭৩৷৷
কিবা জানে মায়া মোৰ তনয়৷
কৰিবে নোৱাৰো একো নিশ্চয়৷৷
নুহিকন্ত মোৰ পুত্ৰ মানুষ৷
এহেন্তেসে বিষ্ণু আদি পুৰুষ৷৷৬৭৪৷৷
এহি বুলি চিত্ত দঢ়ায়া সতী৷
কৰযোড়ে কৰৈ কৃষ্ণক স্তুতি৷৷
যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ৷
নপাৱে বচনে মনে ওচৰ৷৷৬৭৫৷৷
নাহি উতপতি নাহি মৰণ৷
সদায়ে প্ৰণামো তান চৰণ৷৷
মঞি যশোদা মোৰ পুত্ৰ স্বামী৷
ব্ৰজৰ সৱে অধিকাৰী আমি৷৷৬৭৬৷৷
হেন অহম্মম সদায়ে কৰো৷
যাহাৰ মায়াত উপজো মৰো৷৷
হেন জগন্নাথ হুয়োক গতি৷
খণ্ডিয়োক আৱে মোৰ কুমতি৷৷৬৭৭৷৷
গুণন্ত শুনি ত্ৰিজগত পতি৷
বিষ্ণু হেন মোক জানিলা সতী৷৷
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ৷
গুচিল বিষ্ণুজ্ঞান যশোদাৰ৷৷৬৭৮৷৷
কৃষ্ণত পুত্ৰবুদ্ধি ভৈল জাত৷
ধূলা জাৰি তুলি লৈলা কোলাত৷৷
পাড়ন্ত চুমা মুখে স্তন দিয়া৷
মোৰ আয়ু লই পুতাই জীয়া৷৷৬৭৯৷৷
ব্ৰহ্মায়ো নজানে যাৰ মহিমা৷
চাৰি বেদে কহি নাপাৱৈ সীমা৷
হেন মাধৱক তনয় পাইল৷
যশোদা নন্দে কিনো তপসাইল৷৷৬৮০৷৷
সুনন্দ আদি যত যোগীগণ৷
চিন্তিয়ো নেদেখৈ যাৰ চৰণ৷৷
হেন পৰব্ৰহ্ম যশোদা সুত৷
ভৈলন্ত কিনো আতি অদভূত৷৷৬৮১৷৷
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে৷
শুনা শিশুলীলা সমস্ত জনে৷৷
যেৱে সুখে যাইবা বৈকুণ্ঠপুৰী৷
সদায় ডাকিয়া ঘুষিয়ো হৰি৷৷৬৮২৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷
হে কৰুণাময়
ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি৷৷৬০৷৷
পদ৷৷
দিনেক যশোদা নন্দজায়া৷
আপুনি মথন্ত দধি গৈয়া৷৷
কৃষ্ণৰ শৈশৱ লীলা স্মৰি৷
কৃষ্ণগীত গাৱন্ত সুন্দৰী৷৷৬৮৩৷৷
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে৷
কটিত মেখলা বান্ধি আছে৷৷
পুত্ৰ স্নেহে স্ৰৱৈ দুয়ো স্তন৷
আজোড়ন্তে লড়ৈ ঘনে ঘন৷৷৬৮৪৷৷
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ৷
শ্ৰমজলে উজ্জল বদন৷৷
কৰ্ণত কুণ্ডল দোলে আতি৷
খসি পড়ৈ খোপাৰ মালতী৷৷৬৮৫৷৷
এহিমতে মথন্তে প্ৰয়াসি৷
মাৱক ধৰিলা কৃষ্ণে আসি৷৷
মথনিত ধৰিয়া নিষেধি৷
মথিবাক নেদে আউৰ দধি৷৷৬৮৬৷৷
হাসি কোলে লৈলা নন্দজায়া৷
দিলা স্তন পুত্ৰমুখ চায়া৷৷
দেখন্তে উথলি দুগ্ধ পড়ে৷
পুত্ৰ এড়ি গৈলন্ত লৱড়ে৷৷৬৮৬৷৷
স্তন পিবে নপায়া কৃষ্ণৰ৷
কাম্পৈ কোপে অৰুণ অধৰ৷৷
দশন কামুৰি আতি চাণ্ড৷
শিলায়ে ভাঙ্গিলা দধিভাণ্ড৷৷৬৮৮৷৷
মহাকোপে কোঠা পশিলন্ত৷
সিঞ্চৰাই লৱনু ভুঞ্জন্ত৷৷
আসিলা যশোদা নমাই ক্ষীৰ৷
দেখে হাণ্ডি ভাঙ্গিলা দধিৰ৷৷৬৮৯৷৷
জানিলা পুত্ৰৰ কৰ্ম্ম গোপী৷
হাসিয়া দেখিলা পশি খুপি৷৷
উড়ল ওপৰে বসি হৰি৷
ভুঞ্জন্ত লৱনু চুৰি কৰি৷৷৬৯০৷৷
শিকিয়াৰ পৰা নমাই আনি৷
বানৰকো দেন্ত দলি হানি৷৷
শঙ্কিত নয়নে নাহি সাৰি৷
দেখিয়া যশোদা লৈলা বাড়ি৷৷৬৯১৷৷
মাৰিবে আসন্ত জানি ডৰে৷
দিলা লৰ নামি উড়লৰে৷৷
পাছে পাছে যশোদা খেদন্ত৷
ভয়ে লাগ মাৱক নেদন্ত৷৷৬৯২৷৷
যাক যোগী নপাৱৈ ধ্যানত৷
হেন হৰি পলান্ত ভয়ত৷৷
পুত্ৰক খেদন্ত মহাসতী৷
শ্ৰোণী ভৰে আক্রমিল গতি৷৷৬৯০৷৷
বেগত মেলান ভৈল খোপা৷
খসি পৰৈ মালতীৰ থোপা৷
গোৱিন্দে মাৱৰ শ্ৰম দেখি৷
ৰহিল কান্দন্তে মুদি আখি৷৷৬৯৪৷৷
সভয় নয়নে চান্ত ডৰে৷
যশোদা ধৰিলা আসি কৰে৷৷
ভাণ্ড ভাঙ্গি আৱে যাইবি কোথা৷
খাইবো আজি কৃষ্ণ তোৰ মাথা৷৷৬৯৫৷৷
সকল লৱনু কৈলি নাশ৷
শুনি প্ৰভু ভৈলা মহাত্ৰাস৷৷
দেখি বাড়ি এড়িলন্ত সতী৷
কৃষ্ণক বান্ধিবে ভৈলা মতি৷৷৬৯৬৷৷
নাহি আদি অন্ত পূৰ্ব্বাপৰ৷
পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ৷৷
তাহাঙ্ক তনয় মানি বলে৷
যশোদা বান্ধন্ত উডুখলে৷৷৬৯৭৷৷
বান্ধন্ত কৃষ্ণক আনি ধৰি৷
নোজোড়ৈ আঙ্গুল দুই জৰী৷৷
আৰ জৰী আনি জোৰা দিলা৷
সিয়ো দুই আঙ্গুলি নাটিলা৷৷৬৯৮৷৷
হেন দেখি আৰো জৰী আনি৷
যশোদা বান্ধন্ত টানি টানি৷৷
শৰীৰৰ বল দিয়া আটে৷
তথাপি আঙ্গুল দুই নাটে৷৷৬৯৯৷৷
গৃহত পাইলেক যত জৰী৷
এহিমতে জুৰিয়া সুন্দৰী৷৷
উডুখলে এৰে বান্ধৈ চাপি৷
নাটে দুই আঙ্গুল তথাপি৷৷৭০০৷৷
হেন দেখি হাসৈ গোপীগণে৷
যশোদা বিস্ময় ভৈলা মনে৷৷
শৰীৰৰ ঘৰ্ম্ম যায় বহি৷
হাসিয়া থাকিলা শ্ৰমে ৰহি৷৷৭০১৷৷
হেন দেখি প্ৰভু নাৰায়ণ৷
স্নেহে লৈলা আপুনি বন্ধন৷৷
জগতৰে আপুনি ঈশ্বৰ৷
তুমি বশ্য ভৈলা ভকতৰ৷৷৭০২৷৷
ব্ৰহ্মা লক্ষ্মীদেৱী মহাদেৱে৷
নপাইলা আনন্দ হেন কেৱে৷৷
যশোদা প্ৰসাদ যেন পাইলা৷
ইটো গোপী কিনো তপসাইলা৷৷৭০৩৷৷
ভকতৰ বশ্য তুমি হৰি৷
সুখে পাৱে গৃহতে সুমৰি৷৷
ভণিলা শঙ্কৰে কৃষ্ণপদে৷
হৰি হৰি বোলা সভাসদে৷৷৭০৪৷৷
৷৷পঞ্চম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম গোপাল হৰি৷
কৃষ্ণ গোৱিন্দ হৰি ৰাম৷৷৬১৷৷
পদ৷৷
কৃষ্ণে দেখিলন্ত মাৱ গৃহকৰ্ম্মে গৈলা৷
আণ্ঠুকাঢ়ি উডুখল টানিবাক লৈলা৷৷
অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি৷
কঙ্কাল ফান্দিয়া বল দিলা বনমালী৷৷৭০৫৷৷
কাম্পৈ দুয়ো গোটা বৃক্ষ উডুখলে লাগি৷
উভৰি পৰিল মচ মচ কৰি ভাগি৷৷
শাপ এড়াই দুয়ো পাছে কুবেৰ তনয়৷
তোহ্মাক নমিয়া গৈলা আপুন নিলয়৷৷৭০৬৷৷
নিৰ্ঘাত শঙ্কিয়া খেদি আইলা গোপঝাক৷
বন্দী হুয়া আছা নন্দে দেখিলা তোহ্মাক৷৷
হাসিলেক কোনে হেন কৰিলেক বুলি৷
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি৷৷৭০৭৷৷
কিনো আতি নন্দ যশোদাৰ মহাভাগ৷
পূৰ্ণব্ৰহ্ম তোহ্মাক গৃহতে পাইলা লাগ৷৷
ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে৷
শিশুলীলা অনেক কৰিলা নাৰায়ণে৷৷৭০৮৷৷
কেহো বেলা গোপীগণে পাঞ্চৈ গাৱা গীত৷
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য৷৷
মালড়ি কৰাহা কতো গোপীৰ বচনে৷
ছায়া পুতলাক যেন নচাৱৈ যতনে৷৷৭০৯৷৷
কেহো বেলা গোপীকাৰ শুনি আজ্ঞাবাণী৷
পাদুকা পীহাক প্ৰভু ধৰি থাকা আনি৷৷
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত৷
ভকতৰ বশ্য হেন দেখায়া লোকত৷৷৭১০৷৷
কোনে ফল লৈবে বুলি ডাকিলা পসাৰী৷
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি৷৷
তোহ্মাৰ হস্তক ভৰি দিল ফল বাছি৷
সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি৷৷৭১১৷৷
আসিল দানৱ গোট বৎসৰূপ ধৰি৷
লাঙ্গুলে সহিতে তাৰ ধৰি পাছ ভৰি৷৷
আলগতে ফুৰাই পাক হানিলাহা দলি৷
কপিত্থত পড়ি যমপুৰে গৈল চলি৷৷৭১২৷৷
৷৷ষষ্ঠ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম চৰণে ধৰো৷
স্বামী আমি যেন তৰো৷৷৬২৷৷
পদ৷৷
বকাসুৰে কৃষ্ণক গিলিলা ঠোঁটে ধৰি৷
দেখি গোপ শিশুগণ যেন গৈলা মৰি৷৷
পাছে তাৰ তালুত লাগিল যেন জুই৷
ছাদিলা কৃষ্ণক বকে বিমূৰ্ছিত হুই৷৷৭১৩৷৷
দুনাই ঠোঁটে গিলিবাক আসৈ দেখি তাক৷
লীলায়ে ছিৰিলা যেন বিৰিণা পোথাক৷৷
সবান্ধৱে ধেনুকাক নিলা ৰসাতল৷
গোপশিশুগণক ভুঞ্জাইলা তালফল৷৷৭১৪৷৷
ময়ৰ তনয় ব্যোম গোপৰূপ ধৰি৷
গোপশিশুগণক নিলেক চুৰি কৰি৷৷
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে৷
তাক মাৰি শিশুসৱ আনিলা লীলায়ে৷৷৭১৫৷৷
গোপ গৰুজাকক বেঢ়িলে বনজুই৷
কৃষ্ণত শৰণ সৱে লৈলে ত্ৰাস হুই৷৷
চক্ষু মুদাই সৱাকো ক্ষণেকে যোগবলে৷
গোকুলক লাগিয়া আনিলা অৱিকলে৷৷৭১৬৷৷
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি৷
তোহ্মাৰ পৰশে সৰ্পে দিব্য ৰূপ ধৰি৷৷
শাপ এড়াই গৈলা বিদ্যাধৰৰ নিলয়৷
দেখি গোপগণ ভৈলা পৰম বিস্ময়৷৷১১৭৷৷
শয়ন সময়ে সৱ গোপ গোপীগণ৷
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ৷৷
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই৷
গোকুলক লাগি প্ৰভু আনিলা দুনাই৷৷৭১৮৷৷
নন্দক নিলেক বৰুণৰ দূতে ধৰি৷
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি৷৷
তোহ্মাৰ মহিমা১১২ নন্দে কহিলা ব্ৰজত৷
শুনিয়া বিস্ময়১১৩ ভৈলা সৱাৰো মনত৷৷৭১৯৷৷
ইন্দ্ৰে কৰিলন্ত সাতদিন বৰিষণ৷
এক হাতে উভাৰি ধৰিলা গোৱৰ্দ্ধন৷৷
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপপুৰ৷
লীলায়ে কৰিলা মহেন্দ্ৰৰ দৰ্পচূৰ৷৷৭২০৷৷
সুৰভি সহিতে ইন্দ্ৰে আসিলা প্ৰত্যেক৷
গোৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক৷৷
অনেক ভকতি কৰি দুয়ো স্বৰ্গে গৈলা৷
সেহিদিনা তোহ্মাৰ গোৱিন্দ নাম থৈলা৷৷৭২১৷৷
গোপকুমাৰিকা সৱে বস্ত্ৰ থৈয়া তীৰে৷
বিৱস্ত্ৰে নামিলা গৈয়া যমুনাৰ নীৰে৷৷
বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে৷
নানা উপহাস কৰি বস্ত্ৰ দিলা পাছে৷৷৭২২৷৷
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে৷
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে৷৷
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন৷
বোলা হৰি হৰি আছে যাৱত চেতন৷৷৭২৩৷৷
৷৷সপ্তম কীৰ্ত্তন৷৷
ঘোষা৷৷
ও কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি৷৷৬৩৷৷
পদ৷৷
দুষ্ট অঘে পাতিলেক কাপ৷
বাট ভেণ্টি ভৈল ঘোৰ সাপ৷৷
পৰ্ব্বত সমান কলেৱৰ৷
বাইল বেন্ত সম্যকে গহ্বৰ৷৷৭২৪৷৷
তল ওঁঠ মাটিত থাপিল৷
উৰ্দ্ধ ওঁঠ মেঘত লাগিল৷৷
জিহ্বাখান যেন ৰাজ আলি৷
বৎস লৈয়া আইলা বনমালী৷৷৭২৫৷৷
গোৰক্ষ দামুৰি নিৰন্তৰ৷
নজানি পশিল অভ্যন্তৰ৷৷
দেখি তুমি ভক্তৰ স্নেহত৷
পশিলাহা অঘৰ গৰ্ভত৷৷৭২৬৷৷
দেখি আঁটি ধৰিল দশনে৷
তুলিলেক হাসি দৈত্যগণে৷৷
দেৱগণে কৰে হাহাকাৰ৷
গল চুঙ্গি ভেণ্টি ৰৈলা তাৰ৷৷৭২৭৷৷
পেট ফিঙ্কি বায়ু দিলা টান৷
মূৰ্দ্ধা স্ফুটি বাঝ ভৈল প্ৰাণ৷৷
তযু পৰশনে কৰ্ম্ম ক্ষীণ৷
অসুৰ কৃষ্ণতে গৈল লীন৷৷৭২৮৷৷
দেখি নিশবদ দৈত্যকুল৷
হৰিষে বৰিষে দেৱে ফুল৷৷
অমৃত নয়নে চাইলা হৰি৷
জীলা সৱে গোৰক্ষ দামুৰি৷৷৭২৯৷৷
ৰঙ্গে বাজ ভৈলা বাংশী বাই৷
ফুৰা সৱে দামুৰি চৰাই৷৷
ব্ৰহ্মা আসি কৰিলন্ত চুৰি৷
নিলা সৱ গোৰক্ষ দামুৰি৷৷৭৩০৷৷
মায়া কৰি থৈলেক গহ্বৰে৷
কাহাকো নেদেখি দামোদৰে৷৷
ব্ৰহ্মা নিলা জানিলাহা গুণি৷
ভৈলা গৰু গোৰক্ষ আপুনি৷৷৭৩১৷৷
নিচিনিলা গোৱালী গোৱালে৷
এদিনাতো কৰি প্ৰতিপালে৷
ব্ৰহ্মা আসি দেখিলন্ত পাছে৷
গোৰক্ষ দামুৰি সৱো আছে৷৷৭৩২৷৷
পৰম বিস্ময়ে আছে চায়া৷
কৰিলাহা প্ৰভু পাছে মায়া৷৷
গোৰক্ষ দামুৰি ৰূপ এৰি৷
ভৈলা সৱে চতুৰ্ভুজ হৰি৷৷৭৩৩৷৷
সজল জলদ যেন শ্যাম৷
সৱে পীত বস্ত্ৰে অনুপাম৷৷
কেয়ূৰ কঙ্কণে কৰৈ কান্তি৷
হৃদয়ত শ্ৰীবৎসৰ পান্তি৷৷৭৩৪৷৷
কম্বুকণ্ঠ কৌস্তুভে শোভিত৷
বনমালা আপাদলম্বিত৷৷
জিলিমিলি জ্বলৈ বক্ষস্থলে৷
শোভৈ কৰ্ণ মকৰ কুণ্ডলে৷৷৭৩৫৷৷
শঙ্খ চক্র গদা পদ্ম ধৰি৷
আছা সৱে চতুৰ্ভুজ হৰি৷৷
গাৱে গাৱে এক সৃষ্টি কৰে৷
চৰাচৰ সমে সেৱা কৰে৷৷৭৩৬৷৷
মোহ হুয়া ব্ৰহ্মা ভৈলা চুপ৷
দেখন্ত গুচিল সৱে ৰূপ৷৷
পূৰ্ব্বৱতে আছা মাত্ৰ হৰি৷
হংসৰ নামিলা ব্ৰহ্মা ডৰি৷৷৭৩৭৷৷
যেন সুৱৰ্ণৰ দণ্ড প্ৰায়৷
ভূমিত পেহ্লায়া নিজ কায়৷৷
মাধৱৰ পাদপদ্ম দুই৷
চাৰি মুকুটৰ আগে ছুই৷৷৭৩৮৷৷
আনন্দতে নয়নৰ জলে৷
সিঞ্চিলন্ত চৰণ কমলে৷৷
উঠি উঠি দুয়ো পাৱে ধৰি৷
প্ৰণামন্ত মহিমা সুমৰি৷৷৭৩৯৷৷
মুকুন্দক চাই কথমপি৷
মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি৷৷
প্ৰণামিয়া অনেক ভকতি৷
কৰিবে লাগিলা ব্ৰহ্মা স্তুতি৷৷৭৪০৷৷
কৃষ্ণ কথা শুনিয়ো সমাজে৷
জন্ম লভি ভাৰতৰ মাজে৷৷
আক বৃথা কৰা কোন কামে৷
সাধিয়ো মুকুতি হৰিনামে৷৷৭৪১৷৷
৷৷অষ্টম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি৷
নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি৷৷৬৪৷৷
পদ৷৷
নমো গোপৰূপী মেঘ সম শ্যাম তনু৷
গাৱে পীত বস্ত্ৰ হাতে শিঙ্গা বেত বেণু৷৷
কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা পাখি৷
বন্যপুষ্পমালা পিন্ধি ধেনু আছা ৰাখি৷৷৭৪২৷৷
এহি শৰীৰতে আছৈ যতেক মহিমা৷
মনেও কৰিবে পাৰৈ কোনে তাৰ সীমা৷৷
আছোক পৰম ব্ৰহ্ম স্বৰূপ তোহ্মাৰ৷
তাঙ্ক জানিবাক আছে শকতি কাহাৰ৷৷৭৪৩৷৷
জ্ঞানপথ এড়ি প্ৰভু তোহ্মাৰ কথাক৷
কায়বাক্যমনে সেৱৈ যিটো সাধুঝাক৷৷
যদ্যপি অজিত তুমি তিনিও জগতে৷
তথাপি তোহ্মাক জিনৈ সেহিসে ভকতে৷৷৭৪৪৷৷
মুকুতি ৰসকো স্ৰৱৈ তোহ্মাৰ ভকতি৷
তাঙ্ক এড়ি জ্ঞানপথে যিটো কৰৈ ৰতি৷৷
ক্লেশ মাত্ৰ পাৱৈ সিটো নিষ্ফল প্ৰয়াসে৷
বাহানে পতান যেন তণ্ডুলক আশে৷৷৭৪৫৷৷
যিটোজনে ভুঞ্জৈ নিজ কৰ্ম্মৰ বিপাক৷৷
আপেক্ষিয়া থাকৈ প্ৰভু তোহ্মাৰ কৃপাক৷৷
কায়বাক্যমনে নমৈ চৰণ তোহ্মাৰ৷
সি সি জন মুকুতি পদৰ অধিকাৰ৷৷৭৪৬৷৷
মই কেনে দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত৷
মায়াদিৰো ঈশ তুমি অনাদি অনন্ত৷৷
তোহ্মাক পৰীক্ষো মঞি মায়াক প্ৰকটি৷
অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গতি৷৷৭৪৭৷৷
অন্ধ ভৈল চক্ষু হেলা কৰিলো তোহ্মাক৷
মঞি ভিন্ন ঈশ্বৰ মানিলো আপুনাক৷৷
অজ্ঞৰ ক্ষমিয়ো দোষ জগতনিৱাস৷
এহি কৃপা কৰা যেন বোলাওঁ তযু দাস৷৷৭৪৮৷৷
গৰ্ভত থাকন্তে উদৰত ঘালৈ পাৱে৷
তাৰ অপৰাধক নধৰৈ যেন মাৱে৷৷
তোহ্মাৰ কুক্ষিত আমি আছো চৰাচৰ৷
হেন জানি ক্ষমিয়োক দোষ দামোদৰ৷৷৭৪৯৷৷
ইটো ব্ৰহ্মপদ প্ৰভু আহ্মাক নলাগে৷
কীট পতঙ্গত জন্ম হৌক কৰ্ম্মভাগে৷৷
তোহ্মাৰ ভক্তৰ মাঝে হুয়া একজন৷
সেৱা কৰি থাকো প্ৰভু তোহ্মাৰ চৰণ৷৷৭৫০৷৷
কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ৷
যাৰ স্তনপানে তৃপ্ত ভৈলা দামোদৰ৷৷
অশ্বমেধ আদি কৰি মহাযজ্ঞ যত৷
তোহ্মাক তুষিবে প্ৰভু নুহিকে শকত৷৷৭৫১৷৷
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ৷
তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ৷৷
কিনো পুণ্য কৈলে গোকুলৰ বৃক্ষ তৃণে৷
তোহ্মাৰ চৰণ ৰেণু পাৱৈ ৰাত্ৰি দিনে৷৷৭৫২৷৷
দেখা সৰ্ব্বলোকে কেনে অজ্ঞানী বৰ্ব্বৰ৷
তুমি অন্তৰ্য্যামী তোমাকেসে বোলৈ পৰ৷৷
শৰীৰক মঞি বুলি বুদ্ধি ভৈল হত৷
হিয়াতে হৰাইলা তুমি খোজে বাহিৰত৷৷৭৫৩৷৷
বৃন্দাবনে তৃণ হৈবো তেৱে মহাভাগ৷
পাইবো ব্ৰজবাসীৰ চৰণৰেণু লাগ৷৷
আজিও বিচাৰৈ পদৰজ বেদগণ১১৫৷
হেন হৰি ভৈলা ব্ৰজবাসীৰ জীৱন৷৷৭৫৪৷৷
মাৰিবাক দিল তন পূতনা পাপিষ্ঠী৷
দিলাহা মুকুতি তাইতো পড়িল সুদৃষ্টি৷৷
ব্ৰজবাসী তোহ্মাতে অৰ্পিলা প্ৰাণ বিত্ত৷
আক আৱে কিবা দিবো খেদ কৰে চিত্ত৷৷৭৫৫৷৷
তাৱে ৰাগ লোভ ক্রোধ পুৰুষৰ চোৰ৷
তাৱে গৃহবাস বন্দীশাল মহাঘোৰ৷
মোহচয় ভৰিৰ নিহল হোৱৈ তাৱে৷
তোহ্মাত ভকতি নৰে নতু কৰৈ যাৱে৷৷৭৫৬৷৷
তোহ্মাৰ আগত কিবা বোলো বহুবাক৷
যিটো বোলে জানো প্ৰভু নজানে তোহ্মাক৷৷
কায়বাক্যমনে মঞি কৰিলোহো সাৰ৷
তযু মায়া বিভৱৰ নপাওঁ কিছু পাৰ৷৷৭৫৭৷৷
জানিবাহা ভৈলো প্ৰভু তোহ্মাৰ কিঙ্কৰ৷
তযু চৰণত সমৰ্পিলো কলেৱৰ৷৷
সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা৷
আজি ধৰি প্ৰভু মোক দাস বুলি মানা৷৷৭৫৮৷৷
নমো কৃষ্ণ বৃষ্ণিকুল প্ৰকাশ নায়ক৷
দেৱ দ্বিজ পৃথিৱীৰ বুদ্ধি প্ৰদায়ক৷৷
দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ৷
তোহ্মাৰ চৰণে প্ৰভু প্ৰণাম আহ্মাৰ৷৷৭৫৯৷৷
কৰিল অনেক স্তুতি আৰু সৃষ্টিকৰে৷
তাক নকহিলো পদ বাহুল্যক ডৰে৷৷
এহি বুলি প্ৰজাপতি ভৈলা মোহহীন৷
কৃষ্ণক কৰিলা তিনিবাৰ প্ৰদক্ষিণ৷৷৭৬০৷৷
প্ৰণাম কৰিলা চৰণত পৰি পৰি৷
মেলানি মাগিয়া নিজ স্থানে গৈলা লড়ি৷৷
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷৭৬১৷৷
৷৷ অনুখণ্ড৷৷
৷৷ কালিয়–দমন৷৷
৷৷ নৱম কীৰ্ত্তন৷৷
ঘোষা৷৷
গোপাল ৰাম কৃষ্ণ বনমালী৷
মাৰিলা অসুৰ দমিলা কালি৷৷৬৫৷৷
পদ৷৷
গোপশিশু সঙ্গে গৈলা বঝাই৷
আগত গোধন বাংশী বজাই৷৷
চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ৷
পাইলা যমুনাৰ তীৰৰ লক্ষ্য৷৷৭৬২৷৷
কালিৰ হদক তাক নজানি৷
তৃষাত সৱে পিলা বিষপানী৷৷
দাৰুণ বিষৰ লাগিল জ্বাল৷
মৰিল সৱে বৎস বৎসপাল৷৷৭৬৩৷৷
দেখিয়া কৃষ্ণে অসন্তোষ পাইলা৷
অমৃত নয়নে চায়া জীয়াইলা৷৷
কালিক দমিবে কৰি যতন৷
কটিত বান্ধিলা পীত বসন৷৷৭৬৪৷৷
উঠিলা উচ কদম্বৰ গাছে৷
হদৰ মাঝে জাম্প দিলা পাছে৷৷
ঢউ উঠলিল খলকি হদ৷
দশোদিশে গৈল তাৰ শবদ৷৷৭৬৫৷৷
জলক্রীড়া কৰা বাহু আস্ফালি৷
ক্রোধে খেদি আসি দেখিল কালি৷৷
তনু সুকুমাৰ জলদ শ্যাম৷
প্ৰকাশৈ পীত বস্ত্ৰে অনুপাম৷৷৭৬৬৷৷
কমললোচন মুখ প্ৰসন্ন৷
মুকুতাৰ শাৰী সম দশন৷৷
উন্নত নাসা মুখে মন্দ হাস৷
কণ্ঠত কৌস্তভ কৰৈ প্ৰকাশ৷৷৭৬৭৷৷
হিয়াত জিলিমিলি কৰৈ কান্তি৷
মধ্যতে জ্বলৈ শ্ৰীবৎসৰ পান্তি৷৷
আজানুলম্বিত বাহু দুখান৷
চাৰু উৰু কৰ কটি সুঠাম৷৷৭৬৮৷৷
জঙ্ঘা দুইক দেখি মিলৈ সন্তোষ৷
দুখানি পাৱ নৱ পদ্মকোষ৷৷
আনন্দে জলক ফুৰা আস্ফালি৷
মৰ্ম্মস্থলে আসি দংশিল কালি৷৷৭৬৯৷৷
নজানি তোহ্মাৰ বল প্ৰভাৱ৷
লাঞ্জে মেহাইলেক সমস্ত গাৱ৷৷
বিষ লাগি পড়ি থাকিলা ঘুমি৷
মনুষ্য চেষ্টাক দেখায়া তুমি৷৷৭৭০৷৷
দেখি শিশুসৱ মৰিল প্ৰায়৷
ধেনুগণে আউৰ তৃণ নখায়৷৷
কৃষ্ণক চাহিয়া থাকিল বহি৷
চক্ষুৰ লোহ ধাৰে যায় বহি৷৷৭৭১৷৷
আতি উতপাত দেখি গোকুলে৷
গোপগোপীজাক সমস্তে বোলে৷৷
জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল৷
কৃষ্ণৰ আজি তৈতে কিবা ভৈল৷৷৭৭২৷৷
নন্দ যশোদা বিয়াকুল মনে৷
কৃষ্ণক চাহিবে পশিলা বনে৷৷
লগতে চলৈ গোপগোপীজাক৷
হা কৃষ্ণ বুলি চাড়ন্তে ডাক৷৷৭৭৩৷৷
ধ্বজ বজ্ৰ যৱ অঙ্কুশ চাই৷
কৃষ্ণৰ খোজ নিহালন্তে যায়৷৷
পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত৷৷
কৃষ্ণৰ খোজত পড়ন্তে যান্ত৷৷৭৭৪৷৷
বেঢ়িয়া গোপগোপী নেয় ধৰি৷
দেখিল পাচে পড়ি আছা হৰি৷৷
জলৰ মাজে মৃতকৰ বেশ৷
নকৰন্ত আৰ চক্ষু নিমেষ৷৷৭৭৫৷৷
দেখি গোপ গোপী সম্যকে মৰিল৷
প্ৰাণ অন্তৰীক্ষ চেতন হৰিল৷৷
কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি৷
কান্দৈ যমুনাৰ তীৰক বেঢ়ি৷৷৭৭৬৷৷
যশোদা সুন্দৰী নন্দ গোৱালে৷
পড়ন্ত লোটাৰি পড়ি নিঢালে৷৷
কি ভৈল পুত্ৰ বুলি উকি দিয়া৷
দুহাতে ঝাৱলে ঢাকুৰে হিয়া৷৷৭৭৭৷৷
কৃষ্ণৰ সুন্দৰ বদন চাই৷
যশোদা কান্দন্ত গুণ বৰ্ণাই৷৷
গোধুলি কোনে যাইবে বাংশী বাই৷
কোনে মোক গৈয়া বুলিবে আই৷৷৭৭৮৷৷
ধূলাজাৰি কাক কৰাইবো স্নান৷
কোনে কৰিবেক গোৰস পান৷৷
কাক বিছাই দিবো শীতল তুলী৷
ডাকিবো কাক জাগ কৃষ্ণ বুলি৷৷৭৭৯৷৷
সুন্দৰ বদনে বজায়া বেণু৷
প্ৰভাতে কোনে চাৰিবেক ধেনু৷৷
কি ভৈল আজি কৃষ্ণ মোৰ বাপ৷৷
মড়িও নেড়াইবো তোৰ সন্তাপ৷৷৭৮০৷৷
এহি বুলি কান্দৈ কৃষ্ণক চাই৷
যশোদা নন্দে জাম্প দিবে যায়৷৷
দেখি বলভদ্ৰে বাধিলে হাসি৷
এখনে আসিব কালিক নাশি৷৷৭৮১৷৷
কৃষ্ণক লাগিয়া এড়া ক্রন্দন৷
হেন শুনি সৱে জুড়াইল মন৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷৭৮২৷৷
৷৷দশম কীৰ্ত্তন৷৷
ঘোষা৷৷
প্ৰণামো ৰাম দেৱ দয়াশীল৷
আৱেসে কৃষ্ণৰ কৃপা মিলিল৷৷৬৬৷৷
পদ৷৷
ভকতৰ দুখ দেখি গোপাল৷
আস্ফোট কৰি দিলা উৰুফাল৷৷
সৰ্পৰ বন্ধ এড়াই জগন্নাথে৷
ডেৱে চড়িলন্ত কালিৰ মাথে৷৷৭৮৩৷৷
শতেক শিৰত নাচন্ত হৰি৷
বাৱৈ বিদ্যাধৰে মৃদঙ্গ ধৰি৷৷
গন্ধৰ্ব্বে গীত গায়া বাৱৈ তাল৷
পৰম আনন্দে নাচা গোপাল৷৷৭৮৪৷৷
জগত আধাৰ তোহ্মাৰ ভিৰে৷
নাকে মুখে সিটো ছাদে ৰুধিৰে৷৷
স্বামী মৰে দেখি নাগিনী লোকে৷
শিশু আগ কৰি আসিল শোকে৷৷৭৮৫৷৷
পড়িল ভূমিত কৃষ্ণৰ আগে৷
কৰিয়া তুতি স্বামীদান মাগে৷৷
কৰিল দোষ স্বামী ইটো চণ্ড৷
বিহিলা ইহাৰ উচিত দণ্ড৷৷৭৮৬৷৷
দুৰ্জ্জন জনৰ চিন্তিবা মাৰ৷
সেহিসে কাৰ্য্যে তযু অৱতাৰ৷৷
পাতকী সৰ্পজাতি দুৰাশয়৷
তোহ্মাৰ দণ্ডে পাপ ভৈল ক্ষয়৷৷৭৮৭৷৷
কৰিলা দায়া দয়াশীল হৰি৷
তোহ্মাৰ ক্রোধ বৰএৰে সৰি৷৷
পূৰ্ব্বত কিনো তপ আছে কৰি৷
যাহাত তুমি তুষ্ট ভৈলা হৰি৷৷৭৮৮৷৷
যিহেতু হেন ভৈল ভাগ্যোদয়৷
তোহ্মাৰ পাইলে পদধূলাচয়৷৷
যাহাক লক্ষ্মীদেৱী বাঞ্ছা কৰি৷
আচৰিলা তপ ব্ৰতক ধৰি৷৷৭৮৯৷৷
যিটো পদৰজ ভকতে পাই৷
এড়ৈ সাৰ্ব্বভৌম পদতো দায়৷৷
স্বৰ্গ ব্ৰহ্মপদে নকৰৈ বাঞ্ছা৷
নকৰন্ত যোগ সিদ্ধিকো ইছা৷৷৭৯০৷৷
মোক্ষতো অভিলাষ নাহি হৰি৷
তোমাৰ চৰণ ৰেণুক এড়ি৷৷
পৰম ক্রোধী হুয়া ত্ৰূৰমতি৷
হেন পদধূলা পাইলেক পতি৷৷৭৯১৷৷
নপান্ত ব্ৰহ্মা আদি দেৱে যাক৷
হেন জানি নাথ ৰাখা ইহাক৷৷
চৰণে প্ৰণামো হুয়ো সন্তোষ৷
বাৰেক আৰ মৰষিয়ো দোষ৷৷৮৯২৷৷
কৰিয়ো দায়া প্ৰভু এড়ৈ প্ৰাণ৷
অনাথ স্ত্ৰীক দিয়ো স্বামীদান৷৷
কৰিলা অনেক স্তুতি ভকতি৷
শুনি তুষ্ট ভৈলা জগতপতি৷৷৭৯৩৷৷
প্ৰাণে নমাৰিলা তাতেসে থাকি৷
কালিক খেদাইলা হদৰ ডাকি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
হৰি হৰি বোলা সমস্তজনে৷৷৭৯৪৷৷
৷৷একাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম গোৱিন্দ মুকুন্দ মুৰাৰি৷৷৬৭৷৷
পদ৷৷
ভৈল হদ সিটো নিৰ্ম্মল জল৷
দেখিয়া সৱে ভৈল কৌতূহল৷৷
সপুত্ৰ বান্ধৱে গুচাইলা কালি৷
তীৰক পাছে গৈলা বনমালী৷৷৭৯৫৷৷
দেখিয়া যশোদা ধৰিলা গলে৷
পুত্ৰ পুত্ৰ বুলি নেত্ৰৰ জলে৷৷
তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ৷
নন্দো ধৰি আসি ঘ্ৰাণিলা শিৰ৷৷৭৯৬৷৷
কৃষ্ণক আলিঙ্গি আনন্দ পাইল৷
নাছিল প্ৰাণ দুনাই যেন আইল৷৷
বেঢ়ি গোপগোপী চাৱে নিৰেখি৷
জুৰাইলা শৰীৰ কৃষ্ণক দেখি৷৷৭৯৭৷৷
ভাই বুলি বলো সাৱটি আসি৷
প্ৰভাৱ জানিয়া তুলিলা হাসি৷৷
এহিমতে সৱে এড়ায়া শোক৷
ৰজনী ভৈল জানি সৱে লোক৷৷৭৯৮৷৷
যমুনা তীৰত বঞ্চিলা ৰাতি৷
ক্ষুধায়ে তৃষায়ে আতি৷৷
ঘুমটি গৈলা হাৰাশাস্তি হুই৷
বেঢ়িয়া বনত লাগিল জুই৷৷৭৯৯৷৷
অগনিৰ তাপে পাইলেক গাক৷
জাগিলা সৱে গোপগোপী জাক৷৷
বহ্নিক দেখি ভৈলা সৱে ত্ৰাস৷
ত্ৰাহি কৃষ্ণ বুলি পাড়ৈ আটাস৷৷৮০০৷৷
বহ্নিত সৱে পুৰি মৰো আমি৷
প্ৰাণদান দিয়া জগত স্বামি৷৷
তুমি বিনা আন নাই বান্ধৱ৷
ভকতজনক ৰাখা মাধৱ৷৷৮০১৷৷
এহি বুলি সৱে কৰৈ কোঢ়াল৷
বান্ধৱৰ দুঃখ দেখি গোপাল৷৷
ভয় নাই বুলি আপুন মুখে৷
পিলা বনাগ্নিক পৰম সুখে৷৷৮০২৷৷
এড়াইলা সমস্তে দুৰ্ঘোৰ ভয়৷
অনন্তৰে ভৈলা সূৰ্য্য উদয়৷৷
কৃষ্ণৰ কৰ্ম্ম আতি আচৰিত৷
বিস্ময় দেখি সমস্তৰে চিত্ত৷৷৮০৩৷৷
নোহন্ত মানুষ নন্দ তনয়৷
পৰম পুৰুষ জানি নিশ্চয়৷৷
পাছে গোপগোপী কৃষ্ণক বেঢ়ি৷
গোষ্ঠক লড়িল কৰন্তে খেড়ি৷৷৮০৪৷৷
কৃষ্ণগীত গান্ত বজায়া বেণু৷
কৰিলেক আগ যতেক ধেনু৷৷
গোপীসৱে কৃষ্ণ চৰিত্ৰ গাইল৷
পৰম আনন্দে ব্ৰজক পাইল৷৷৮০৫৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়৷
কেতিক্ষণে পড়ে ক্ষণিক কায়৷৷
জানিয়া কৃষ্ণৰ চৰণে ধৰি৷
সমস্ত সমাজে ঘুষিয়ো হৰি৷৷৮০৬৷৷
৷৷কালিয়-দমন অনুখণ্ড সমাপ্ত৷৷
৷৷শিশুলীলা সমাপ্ত৷৷১০৷৷