দাঁতৰ ভাল দৰৱ এবিধ পালোঁ – ৰাজেন পূজাৰী
পৰহি গধূলি তীব্ৰ দাঁতৰ বিষে পালে৷ এসপ্তাহৰ আগত দৰব খোৱাত বিষ নাইকিয়া হৈছিল৷ এণ্টিবায়টিক খাব লগা হৈছিলো৷ মোৰ দাঁতত ব্ৰীজ (দাঁতৰ দলং) লগোৱা আছিল৷ এই দাঁতৰ দলংখনত কিবা প্ৰকাৰে লৰি ইনফেকচন হৈছে৷ চিকিৎসকে পুনৰ বিষ নহলে চিন্তা কৰিবলীয়া নাই বুলি কয়৷ দাঁতৰ গুৰিত খাদ্যৰ টুকুৰা যাতে সোমাই নৰয়, চাফা কৰি ৰাখিবলৈ পৰামৰ্শ দিলে৷ বিষ হ’লে দলং উঠাব লাগিব৷ দলঙৰ মূল খুটা গুৰি দাঁতটো ঠিকে থাকিলে ছাফা কৰি দলং পুনৰ লগাই দিব৷ দলংখনে যোৱা দুবছৰে সুকলমে কাম দি আছিল৷
যেতিয়া পুনৰ বিষ হ’ল ঢাপলি মেলিলো চিকিৎসকৰ ওচৰলৈ৷ নাপালোঁ৷ আগবেলাহে চেম্বাৰ খোলা আছিল৷ পিছদিনাও চেম্বাৰ বন্ধ৷ কি কৰো উপায় নাইকিয়া হ’ল৷ বিষৰ দৰৱো খাই থাকিব নোৱাৰি৷ অপকাৰ কৰে৷ বিষৰ পিলে কেইঘণ্টামানহে কাম কৰে৷ তথাপি চাৰিটা পিল আনিলো৷
মোৰ ঘৰলৈ আহিছিল প্ৰৱীণ শিল্পী অভিনেতা জীতেন খাওন্দ দাদা৷ দাদাই মোক ক’লে,“ তোমাক ভাল দৰৱ এটা দিম ল’বা নে? তোমাৰ বিষ নাইকিয়া হ’ব৷ “ মই সন্মত হৈ টৰ্ছ -কটাৰী লৈ সেই অৱস্থাতে দাদাহঁতৰ ঘৰৰ ডাঙৰ বকুল জোপাৰ ছাল কাটিলো তেখেতক লৈ৷ দাদাৰ দিহা মতে বকুলৰ ছালখিনিৰ ওপৰৰ খহটাবোৰ এৰুৱাই ছাফা কৰিলোঁ৷ সৰু সৰু টুকুৰা কৰি ধুই -পখালি আধা লিটাৰতকৈ কম পানীত দি প্ৰেচাৰ কুকাৰত তিনিটা হুইছেল দি সিজালোঁ৷ ঠাণ্ডা হ’বলৈ দি চেকনিৰে চেকি ৰঙচুৱা জুলীয়াখিনি পাত্ৰ এটাত ভৰাই থ’লো৷
দুচামোচ মান বকুলৰ জোলেৰে কেবা বাৰো কুল -কুলি কৰিলোঁ৷ বকুলৰ কেঁহা স্বাদে যেন মোৰ লৰি থকা দাঁতবোৰক কোঁচ খুৱাই পেলালে৷ কিবা আটিল কৰি পেলাইছে৷ বিষ কেতিয়া কমিল নাজানো৷ ৰাতিপুৱা শুই উঠি অনুভৱ কৰিলো দাঁতৰ বিষ নাই৷ এতিয়ালৈকে দাঁতৰ বিষ নাই৷ মাজে সময়ে বকুল জোলেৰে কুল-কুলি কৰি আছো৷ দাঁতৰ ভাল দৰৱ এবিধ পালোঁ৷