দাও-তু-হাজা..[কপৌ চৰাইৰ সঁজা] : ৰুমি বৰা

দাও তু হাজাত কপৌৰ ৰুণ
বুকুত উমনি কুহুমীয়া সপোন
ডিমাছা গাভৰুৰ ক’লা ফুল বচা মেথনিত
ফুলিছেনে বাৰু সুমথিৰা ফুল!
নামনিৰ উপত্যকাত নীড়হাৰা সৈনিক
অবুজ মনৰ মোহভংগ
বুজাব খুজি থমকি ৰয়
শোণিতৰ ৰং যে ৰঙা!
দাও তু হাজাত নিখোঁজ
ৰমণীয় অলক্তৰাগ
আস্থাৰ চাকি ঢিমিক ঢামাক
বিদ্রোহৰ জুই দপদপীয়া৷
ডিমাছা গাভৰুৱে আজিও নুবুজে
বন্দুকৰ বেৰেলেৰে
সূৰ্য্য উদয় হয় নে অস্ত যায়!
কেৱল জানে …
দাওদাও-তু-হাজাৰ [কপৌ চৰাইৰ সঁজা] ৰুণ।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!