দাক্ষিণাত্যৰ খাদ্য আৰু ৰেচিপি -পৰী শ্যামলী ভূঞা

 

কোন কাহানিতে দাক্ষিণাত্যৰৰ কোনোবা এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমাইছিলো৷ চৌপাশে নৰসিংহৰ পাত আৰু নাৰিকল ভজাৰ গন্ধে আমোলমোলাই থকা ব্যঞ্জনবোৰৰ এসাঁজ খাই চাবলৈ মনটো টানি লৈ গ’ল৷ ভাত, চাম্বাৰ, ৰচম, কাঁচ কল, বন্ধাকবি, ৰঙালাউ, বেঙেনা, ভেন্দি, লেমন ৰাইচ, নাৰিকলৰ চাটনি আদিৰে ভৰি আছিল মাজ মজিয়াৰ টেবুলখন৷ সেই গোন্ধৰ লগতে টল টলকৈ জিলিকি থকা কেঁচা আৰু শুকান জলকীয়াবোৰে খাদ্যজবোৰত সোণত সুৱগা চৰাইছিল৷ এটা দুটা জলকীয়াৰ সৈতে থালত অলপ অলপকৈ ইটো সিটো উঠাই আনিলো৷ ধুনীয়া গোন্ধৰ মাজত লুকাই থকা খাদ্যলৰ আচল ৰহস্য মুখত দিয়াৰ পাছতহে গম পালো৷ জলকীয়াৰ গুৰি, লং আৰু জালুকৰ জলাই পোৰি নিলে জিভাখন এফালৰ পৰা৷ চামুচেৰে লৰাই ওপৰ তল কৰাত লুকাই থকা জলকীয়াৰ আৰু টুকুৰা কেইটামান ওলাই পৰিল৷ “এপাচি শাকত এটা জলকীয়া “এই বাক্য শাৰীৰ ঠাইত “এপাচি শাকত এটা ভুত জলকীয়া “এই যোজনাতোহে যেন খাপ খাই পৰিব এই দাক্ষিণাত্য ৰ খাদ্যপ সম্ভাৰত৷ ওচৰে পাজৰে বহা সকলোকে দেখিলো তৃপ্তিৰে সাধাৰণভাবে কোনো প্ৰতিক্ৰিয়া নোহোৱাকৈ আহাৰৰ সোৱাদ লৈ আছে৷ তাৰ মাজতে পৰিয়ালবোৰৰ সৰু ডাঙৰ ল’ৰা ছোৱালীবোৰো৷ তেওঁলোক অভ্যস্ত৷ তেওঁলোকৰ মাতৃভূমিৰ এই আহাৰ৷ আমি ম্যেতনুত যি কেইটা নৰ্থ ইণ্ডিয়ান ব্যঞ্জন পালো সেয়া অৰ্দাৰ কৰিলো৷ বিশেষকৈ মোৰ মিষ্টাৰ আৰু ল’ৰাৰ বাবে৷ সেই ৰেষ্টুৰেণ্টবিলাকত কৰ্মচাৰী হিচাপে নিযুক্ত হৈ থকা কেইবাজনো অসমীয়া যুৱকক লগ পাইছিলো৷
বেছ হাঁহি ফূৰ্তিৰে সময় অতিবাহিত হৈ গৈছিল৷ অসমীয়া কেইজনে কলে তেওঁলোকৰ খোৱা বোৱা বোলে বেলেগ, নিজৰ মতে৷ এইবিলাক খাদ্যগ বোলে তেওঁলোকে বাৰে বাৰে খাবলৈ বৰ সন্তোষজনক নাপায়৷ তেওঁলোকৰ লগতে ষ্টাফৰ কেইবাজনো অনা অসমীয়া কৰ্মচাৰী আহি আমাক বেৰি ধৰিছিলহি, সুধিছিল আপলৌগ একহি গাওঁ সে? আমিও ’অ’ বুলি কৈ থ’লো৷ সেইদিনা খাই বৈ তাপৰা ওলাই অহাৰ পাছতো আৰু কেইবাবাৰো তাতে আকৌ খাবলৈ গৈছিলো৷ খোৱাত পিছে মই সামান্যল ভাবে জলকীয়া মচলা ভাল নোপোৱাও নহয়৷ সেয়েহে এটা দুটা নতুন খাদ্য ৰ জুতি লৈ চাবলৈ ধৰিলো৷ সোপাকে নৰসিংহৰ পাত আঁতৰাই খাব লগা হ’ল৷ খাওঁতে অনুমান কৰিলো কেনেকৈ বনাইছে৷ আৰু এটা দুটা কথা সুধা সুধিও কৰিছিলো৷ এদিন বজাৰ সমাৰ কৰি ঘূৰি ফুৰোঁতে ৰেচিপি কিতাপ এখনত মোৰ চকু পৰিল৷ এনেয় ফূৰ্তিতে ৰেচিপি কিতাপখন কিনি পেলালো৷ মাজে সময়ে ঘৰত দুই এটা ৰেচিপি বনাই চাবলৈ ধৰিলো৷ কিছুমান কিতাপৰ নিৰ্দেশ আৰু কিছুমান মোৰ নিজস্ব অনুমান, দুয়োটাৰে তাল মেলত এদিন মই দুটা ব্যঅঞ্জন বনাই পেলালো৷ খোৱা টেবুলত চাৰ্ভ কৰি মোৰ চকু, কাণ দুগুণ সজাগ হৈ পৰ দিব ধৰিলে তেওঁলোকৰনো প্ৰতিক্ৰিয়া কি হয় তাকে লৈ৷ দেখিলো তেওঁ খাইছে দেখুন৷ ওজৰ আপত্তি নাই৷ ল’ৰাৰো ঠেন ঠেননি নাই৷ সেইদিনাৰ পৰাই মই অসমীয়া আৰু দাক্ষীণাত্যকৰ তালমেলত ইটো সিটো ব্যুঞ্জন বনাবলৈ ধৰিলো৷ তাৰে এটা ৰেচিপি আজি পাঠকলৈ আগবঢ়াই চালো৷ ……
লেমন ৰাইচ
——————
উপকৰণ: চাউল নিজৰ ইচ্ছা অনুসৰি
ভজা বাদাম
নৰসিংহ পাত, জলকীয়া
নেমুৰ ৰস
কটা পিয়াজ, আদা নহৰু বটা
হালধি, নিমখ
ক’লা সৰিয়হ কেইটামান
প্ৰণালী: কুকাৰত চাউলৰ লগত হালধি নিমখ দি ভাত বনাই ল’ব৷ ভাতবোৰ লাগি নধৰি মাৰ কঢ়া ভাতৰ দৰে এটা এটা হোৱাতো প্ৰয়োজনীয়৷ এখন ফ্ৰাই পেনত তেল গৰম কৰি কলা সৰিয়হৰ গুটি কেইটামান, শুকান জলকীয়া, নৰসিংহৰ পাতকেইটামান ভাজিব৷ ভজা হলে কটা পিয়াজ, আদা নহৰুৰ পেষ্ট, কেচা জলকীয়া দি ভাজিব৷ অলপ তেল থকাকৈ ভাজি গৰম হালধীয়া ভাতৰ ওপৰত ঢালি দিব৷ গৰম তেল সকলো ফালে মিহলি হৈ যোৱাকৈ ভালদৰে লৰাই দিব৷ ওপৰত ভজা বাদামখিনি ঢালি দি নেমুৰ ৰস জোখমতে চেপি দিব৷ ঠাণ্ডা হ’বলৈ দিব৷ তাৰ পাছত পৰিবেশন কৰক৷ গৰম দিনত এই লেমন ৰাইচ ৰাইতাৰ লগত খাবলৈ খুব জুতি লগা হয়৷ ( এই লেমন ৰাইচ দাক্ষিণাত্যেৰ মন্দিৰত প্ৰসাদ হিচাপে খুবেই বিখ্যাত )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!