‘দাদা, অকণমান সহায় কৰক’ – (The Prequel) (উদ্দীপ তালুকদাৰ)

দাদা, অকণমান সহায় কৰক‘ – (The Prequel)

 

অফিচৰপৰা সাতমান বজাতহে ওলাবলৈ সময় পায় অৰূপে। তাৰপৰা মেট্ৰ’ৰে আধাঘণ্টা যাত্ৰা কৰি নিজৰ বহালৈ আহিবলৈ আৰু দহ মিনিট খোজ কঢ়াৰ ৰাস্তা। বেছিভাগ মানুহেই সেইখিনি ৰিক্সাৰেই আহে। অৰূপে কিন্তু সেইখিনি খোজ-কাঢ়ি আহিবলৈ ভাল পায়। অকণমান ব্যায়ামো হয়, আৰু কেঁকুৰীটোত থকা ৰাস্তাৰ কাষৰ খোৱা-বোৱাৰ দোকানকেইখনত সোমাই কিবা এটা পেটত সুমুৱাই আহিলে ৰাতিৰ ভাতলৈ অলপ দেৰী হ’লেও কোনো অসুবিধা নহয়।

আজিও আহি কেঁকুৰীটোৰ ছোলে-ভতুৰাৰ দোকানখনৰ আগত ৰ’লহি। দোকানীয়ে মৃদু সম্ভাষণ জনাই কি খাব সুধিলে। ছোলে-ভতুৰে এক প্লেটৰ অৰ্ডাৰ দি অৰূপ ইফাল-সিফালে চাই এনেয়ে ৰৈ থাকিল। তেনেতে চকুত পৰিল ছোৱালীজনী। সৰু ছোৱালী-বয়স পাঁচ বছৰ মান হ’ব। মলিয়ন পোছাক, অপুষ্টিত ভুগি চুলিখিনিয়ে হালধীয়া বৰণ লৈছে। গাৰ বৰণটো জন্মৰ সময়ত হয়তো বেছ বগাই আছিল, কিন্তু নিয়মতি স্বাস্থ্য ৰক্ষাৰ অভাৱত সেই বৰণ নাই। অৱশ্যে তাৰ পাছতো ছোৱালীজনী হৃষ্ট-পুষ্ট বুলিবই লাগিব। তিৰবিৰাই থকা চকু কেইটা দেখিলে মৰম লাগি আহে।

ছোৱালীজনীয়ে অৰূপে তাইৰ ফালে চাই থকা লক্ষ্য কৰি ওচৰলৈ আহিল। সোঁহাতখন মুখৰ ওচৰলৈ নি বুজাই দিলে যে তাইৰ ভোক লাগিছে। তিৰবিৰাই থকা চকুকেইটা হঠাৎ বেজাৰেৰে ভৰি পৰিল। ভিক্ষা খোজাৰ অপৰূপ কৌশল। সাধাৰণতে অৰূপে তেনেদৰে পইচা খুজিলে নেদেখাৰ ভাও ধৰি অৱজ্ঞা কৰাত পাকৈত। আজি পিছে সৎ নগ’ল। হঠাতে অসমৰ ঘৰত থকা নিজৰ ভতিজী ছোৱালীজনীলৈ মনত পৰিল। ছোৱালীজনীৰ সমানে বয়স তাইৰো। ‘খুৰা-খুৰা’ বুলি অনবৰত থেনথেনাই থাকে। অৱশ্যে এইৰদৰে থোপোকা বিধৰ নহয়। কিয় জানো, খাবলৈ মনেই নকৰে। মাকে কঁতিয়াই কঁতিয়াই খুৱাইহে খুৱায়, গাত পিছে মঙহ নধৰে।

অৰূপে হিন্দীতে ছোৱালীজনীক সুধিলে ‘কি খাবি?’ ছোৱালীজনীয়ে অলপ পৰ তাৰ মুখলৈ চাই থাকিল, যেন তাৰ কথা বিশ্বাস কৰিব পৰা নাই। তাৰ হাঁহি থকা মুখখন দেখি ভৰষা বাঢ়িল কিজানি, আৰু তাই ভাজি থকা ভতুৰাখিনিলৈ আঙুলিয়াই দিলে। অৰূপে ছোৱালীজনীকো ছোলে-ভতুৰা দিবলৈ দোকানীক ক’লে। দোকানীয়ে এবাৰ চাই মিচিকিয়াই হাঁহিলে আৰু সাৱধান কৰি দিবলৈ নাপাহৰিলে, ‘এই বদমাচকেইটাক মৰম কৰি লাভ নাই। এদিন খাবলৈ দিলে সদায় লাগি থাকিব।’ অৰূপে একো নকৈ মিহিকৈ হাঁহিলে মাত্ৰ।

দুটা মানে গ্ৰাসতে ছোৱালীজনীয়ে সেইখিনি খাই শেষ কৰা দেখি অৰূপ আচৰিত হ’ল। বৰ ভোক লাগি আছিল যেন পাওঁ তাইৰ। ‘আৰু কিবা খাবি নেকি?’ অৰূপে সুধিলে। ছোৱালীজনীয়ে লাজ লাজকৈ আন এখন দোকানত ভাজি ৰখা মস্ত মস্ত মাছৰ খুটুৰালৈ আঙুলিয়ালে। অৰূপৰ হাঁহি উঠিল। সেইখন দোকানলৈ গৈ তাকো কিনি দিলে। ছোৱালীজনীয়ে দুটা কামোৰতে সেইখিনিও শেষ কৰিলে।

‘আৰু কিবা খাবি নেকি?’ ছোৱালীজনীয়ে মূৰ জোকাৰিলে, কিন্তু লগতে কওঁ-নকওঁকৈ ক’লে, ‘ঘৰত আজি দুদিন কোনেও একো খোৱা নাই।’ ছোৱালীজনীৰ সৰলতাই অৰূপক মুগ্ধ কৰিছিল। সি চাৰিজনৰ বাবে জোৰাকৈ কিবা-কিবি খোৱা বস্তু বান্ধি দিবলৈ দোকানীক ক’লে। ছোৱালীজনীক বস্তুখিনি বান্ধি দিয়াৰ পাছত দোকানীক পইচা দি অৰূপ ঘৰলৈ আগবাঢ়িল। কিন্তু ছোৱালীজনীয়ে অৰূপৰ ছাঁৰ দৰে তাৰ লগে লগে আহি থাকিল। অৰূপে ঘূৰি চোৱাত তাই কৈ উঠিল–‘আংকল, মোক ঘৰৰ ওচৰলৈ আগবঢ়াই দিয়কচোন। এইখিনি হাতত দেখিলে সিহঁতে থাপ মাৰি লৈ যাব।’ তাইৰ দৰেই দেখাত কেইবাটাও সৰু সৰু ল’ৰা-ছোৱালী সিহঁতৰ পাছে পাছে নীৰৱ সমদল এটা হৈ আহি আছিল। সিহঁতে ছোৱালীজনীলৈ ঈৰ্ষাৰ চকুৰে চাই আছিল, সিহঁতৰ চকুতো ভোক।

‘ঘৰ কেনি তোৰ?’ অৰূপে সুধিলে। সেইফালে ছোৱালীজনীয়ে অলপ আগৰ ফালে আঙুলিয়াই দেখুৱালে। ৰাস্তাটোৰ কাষতে এখন দেৱাল। দেৱালৰ সিটোপাৰে এটা বস্তি অঞ্চল আছে বুলি অৰূপে জানে। কিন্তু যোৱা ৰাস্তাটো বহুত ঘূৰিব লাগে। অৰূপে ইমান দূৰ ঘূৰি যাবলৈ ইতঃস্তত কৰিলে। ছোৱালীজনীয়ে আকৌ ক’লে, ‘নাই ঘূৰি যাব নালাগে। অলপ আগতে দেৱালত ফুটা এটা আছে, সেইটোৰেই আমি অহা-যোৱা কৰোঁ। সেইখিনিলৈ থৈ আহিলেই হ’ব।’

পাঁচ মিনিটমান আগবঢ়াৰ পাছতে অৰূপে দেখিলে দেৱালখন এঠাইত ভঙা, সেই ফালেৰে এজন মানুহ সৰকি যাব পাৰে। সেইখিনিৰে ছোৱালীজনী পাৰ হৈ যাবলৈ ওলাল। যাবলৈ ওলাই ছোৱালীজনীয়ে ক’লে, ‘মা সেইটো ফালে ৰৈ আছে। আপুনি এবাৰ কৈ যাব নেকি, এইখিনি আপুনি দিয়া বুলি। নহ’লে মায়ে মই এইখিনি চুৰ কৰি অনা বুলি মাৰিব আকৌ!’ অৰূপৰ মনটো আকৌ ভৰি আহিল। খাবলৈ নোপোৱা এই দুখীয়া মানুহখিনিয়ে এতিয়াও সকলো নৈতিকতা হেৰুৱাই পেলোৱা নাই।

‘তহঁতৰ ঘৰ কোনটো?’ অৰূপ আৰু ছোৱালীজনী দেৱালৰ ফাঁকটোৰে সিটোফাললৈ গ’ল। অলপ আঁতৰতে তালি মৰা লানি লানি ঘৰ। কোনোবাটোত ঢিমিক-ঢামাক পোহৰ জ্বলিছে, কোনোবাটো আন্ধাৰ।

‘সেইটো!’ এইবুলি ছোৱালীজনীয়ে ডাঙৰকৈ ‘মাম্মী’ বুলি চিঞৰিলে।

শতচ্ছিন্ন জুপুৰি এটাৰপৰা খীন মাত এটা ভাঁহি আহিল, ‘মুন্নী! আহিছ! খাবলৈ কিবা আনিছনে?’

‘আনিছোঁ মা, বহুত কিবা কিবি আনিছোঁ।’

ছোৱালীজনী আৰু অৰূপ জুপুৰিটোৰ ভিতৰলৈ সোমাই গ’ল। ভিতৰখনত সেমেকা-ভেঁকেটা গোন্ধ এটা অৰূপৰ নাকত লাগিল। সৰু জুপুৰিটোত এখন বিছনাত এজন অস্থি-চৰ্মসাৰ মানুহ শুই আছে। এটা চুকত মাটিত পাৰি থোৱা বস্তা এটাত কেঁচুৱা। ছোৱালীজনীৰ মাকে বহি কেঁচুৱাটোক নিচুকাই আছে। অৰূপক দেখিয়েই ঘৰৰ মানুহখিনি ব্যস্ত হৈ পৰিল। ‘এওঁ আকৌ কোন?’ মাকে সুধিলে।

‘এৱেঁই আজি আমাৰ কাৰণে এইখিনি খোৱা-বস্তু দিছে।’ ঠোঙাটোলৈ আঙুলিয়াই ছোৱালীজনীয়ে ক’লে।

‘এঃ ইমানবিলাক! কোনে খাব? আৰু তইনো ল’ব কিয় লাগে?’

অৰূপে কৈ উঠিল। ‘একো নহয়, মইহে দিছোঁ।’

‘চাওঁ কি দিছে?’ বিছনাখনত পৰি থকা আদহীয়া মানুহজনে বোধকৰোঁ ভোক ৰখাব পৰা নাছিল। ছোৱালীজনীয়ে ঠোঙাটো খুলিলে। ৰুটি আৰু পুৰী আৰু চাৰিটুকুৰা ভজা মাছৰ গোন্ধ মলমলাই ওলাল। মানুহজনে কিন্তু মুখখন বিকটাই দিলে। ‘তহঁতেই খা সেইচব!’ বুলি তেওঁ আকৌ কম্বলখন গাত মেৰিয়াই ল’লে। অৰূপ বৰ আচৰিত হ’ল। এতিয়াও বাৰু এওঁ মাছ-মঙহ দেখি নাখাওঁ বুলিবলৈ শক্তি ৰাখিছে নেকি?

ছোৱালীজনীকে সুধিলে অৰূপে, ‘কি অ’, তহঁতে এইবিলাক খাই ভাল নেপাৱ যদি কি ভাল পাৱ?’

‘তেজ, কেঁচা তেজ!’

ছোৱালীজনীৰ উত্তৰ শেষ হ’বলৈ নাপালেই- বিছনাখন শুই থকা মানুহজন, ছোৱালীজনীৰ মাক আৰু ছোৱালীজনী তিনিও জাঁপ মাৰি আহি অৰূপক গবা মাৰি ধৰিলে। সিহঁতৰ লগতে দুবছৰীয়া ল’ৰাটোৱেও থুপুক-থাপাক আঁঠু কাঢ়ি অৰূপৰ পৰি থকা দেহটোলৈ আগবাঢ়ি আহিল।

…….

 

উপসংহাৰ:

অৰূপৰ ডিঙিত একামোৰ মাৰিয়েই মাক খঙত একো নাই হৈ উঠিল। মুখত সোমাই যোৱা তেজখিনি থুৱাই থুৱাই ছোৱালীজনীৰ ওচৰলৈ গৈ খঙতে এক থাপ্পৰ মাৰিলে। ‘তোক কিমান ক’ব লাগে যে এ-পজিটিভ তেজৰ মানুহ নানিবি। এ-পজিটিভ-ত মোৰ এলাৰ্জী হয়!!! ওলা আকৌ, এতিয়া বি পজিটিভ এজন বিচাৰি আন!’

কোঁৱাৰিত লাগি থকা তেজখিনি মচি মচি ফেঁকুৰি ফেঁকুৰি ছোৱালীজনী আকৌ বাহিৰ ওলাল। তেতিয়া ৰাতি হৈছে। ৰাজপথত কিছু সময় ছোৱালীজনী অকলে অকলে ঘূৰি ফুৰিল। তেনেতে চকুত পৰিল, ৰাষ্ট্ৰীয় ঘাই-পথৰপৰা প্ৰায় ৫০০ মিটাৰ আঁতৰৰ এটা ঘৰ। ভিতৰত এজন ডেকা শুই আছে, আৰু আনজনে পঢ়ি আছে। দুৱাৰখন খোলা। তাই সেইফালে আগবাঢ়িল…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments