দামিনী (দিলিপ কুমাৰ বৰা)
(যাৰ গর্ভত অংকুৰিত হয় বীজ/ আশাৰ বীজ/ মানুহৰ বীজ /জীৱনৰ বীজ / সেই নির্মল উপাসনাৰ থলী / পদাঘাতত ক্ষত-বিক্ষত হয় /লুণ্ঠিত হৈ পৰি ৰয়…
ডামিনী, ৰাং কুকুৰৰ জাক এটাই নতুন দিল্লীত চলোৱা বৰ্বৰোচিত আক্ৰমণ, ধৰ্ষণৰ বলি হোৱা হৈ অকালতে মৰহি যোৱা এটা জীয়া সপোনৰ নাম, কবি দিলিপ কুমাৰ বৰাৰ অনুভৱত প্ৰতিফলিত হৈছে অমৃতৰ সন্তানৰ দৰ্পচূৰ্ণৰ নিৰ্মম বাস্তৱ—
দামিনী
দিলিপ কুমাৰ বৰা
তুমি যোৱাৰে পৰা কোনো মাতৃয়ে সুখৰ
উশাহ ল’ব নোৱৰা হ’ল,
কোনো পিতৃৰ চকুত টোপনি নহা হ’ল।
যাৰ গর্ভত অংকুৰিত হয় বীজ
আশাৰ বীজ
মানুহৰ বীজ
জীৱনৰ বীজ
সেই নির্মল উপাসনাৰ থলী
পদাঘাতত ক্ষত-বিক্ষত হয়
লুণ্ঠিত হৈ পৰি ৰয়
অমৃতৰ সন্তানৰ শত দর্পচূর্ণ কৰি
হাজাৰ শতিকালব্ধ সভ্যতাক নগ্ন কৰি
ৰাজধানীৰ ৰজাৰ আলিত
নতুবা কোনো অখ্যাত গলিত।
হ’লেও তুমি দামিনী-
মোৰ দুর্ভগা দেশৰ কিন্তু সগর্বা নাৰী
নাড়ী ছেদ হ’লেও তোমাৰ সতে বিচ্ছেদ
অসম্ভৱ! অসম্ভৱ!!
সেয়েহে তুমি যোৱাৰে পৰা আচলতে
কোনেও কান্দিব পৰা নাই
চকুলোবোৰ মেঘ হৈ উলমি আছে মাথোঁ দুচকুত
নহ’লে কিজানিবা সৰি পৰে এই পংকিল ধৰাত
মাতৃৰ সুখৰ উশাহ
পিতৃৰ শংকাহীন ঘূমতি নহাপর্যন্ত
আমি এনেকৈয়ে থাকিম দামিনী।