দিগন্ত কুমাৰ ভট্টাচার্যৰ অনুবাদ গল্প
দিগন্ত কুমাৰ ভট্টাচার্যৰ অনুবাদ গল্প
“জীৱন-বৃত্ত”
(মূল কথাখিনি ইংৰাজী লেখা এটিৰ পৰা লোৱা হৈছে)
আশী বছৰীয়া জীৱনানন্দ বৰুৱাই আজিকালি বাহিৰলৈ ওলাবলৈ কষ্ট পায়। দেহাই নাটানে। চকুৰেও কমকৈ দেখে। দিনৰ দিনটো ঘৰতে থাকে। পুতেক, বোৱাৰীয়েক সকলোৰে ব্যস্ততাপূৰ্ণ জীৱন। মানুহ হেনো আশাত জীয়াই থাকে। এটা সময়ত বৰুৱাই ভাবিছিল বৃদ্ধাৱস্থাত মানুহবোৰৰ আশাবোৰ কেনেকুৱা হয় বাৰু? এতিয়া কিন্তু বৰুৱাই এটা কথা ভালকৈ বুজি উঠিছে- মৃত্যু মানে মুক্তি।
সিদিনা দেওবাৰ। পুতেকে দ্ৰয়িং ৰুমত বহি টি.ভি চাই আছে। থৰক-বৰক খোজেৰে বৰুৱা আহি পুতেকৰ কাষত বহিল। কিছুদেৰিৰ পিছত ক’ৰবাৰ পৰা আহি পাৰ চৰাই এজনীয়ে খিড়িকীৰ গ্লাছখনত খুটিয়াব ধৰিলে।
বৰুৱাই সুধিলে, ‘সেইটো কি?’
‘একো নাই। পাৰ চৰাই।’
ক্ষন্তেক পিছত আকৌ সুধিলে বৰুৱাই ‘সেয়া কি অ’।
‘আৰে পাৰ…পাৰ চৰাই’। বৰুৱাৰ পুতেকে অলপ ডাঙৰকৈ ক’লে এইবাৰ।
একমিনিট পিছত আকৌ প্ৰশ্ন বৰুৱাৰ, ‘সেইটো কি খিড়িকীত?’
বিৰক্তিৰ সুৰত পুতেকে ক’লে এইবাৰ, ‘কি একেটা কথাকে সুধি আছা?খিড়িকীত সেয়া পাৰ চৰাই’।
কিছুসময় সময় মনে মনে ৰৈ আকৌ সুধিলে বৰুৱাই ‘ধন বাবা, সেইটো কি নো?’।
এইবাৰ বৰুৱাৰ পুতেকে চিঞৰি উঠিল, ‘উহহ…চাৰিবাৰ ক’লো অলৰেডি সেয়া পাৰ চৰাই। এতিয়া মানুহক পাগল কৰিহে এৰিবা তুমি…যোৱা ৰুমত গৈ শুই থকাগৈ’।
বৰুৱা ৰুমলৈ গ’ল। আলমাৰিটো খুলি প্ৰায় চল্লিশ বছৰৰ আগৰ ডায়েৰী এখন বিচাৰি উলিয়ালে। বহুত কষ্ট কৰি এক বিশেষ দিনৰ ডায়েৰীৰ পাত এখিলা উলিয়াই পুতেকক পঢ়িব দিলে বৰুৱাই।
পুতেকে পঢ়ি গ’ল বৰুৱাৰ লিখাখিনি, “আজি ৰাতিপুৱা মোৰ তিনিবছৰীয়া পুত্ৰ ধন বাবাৰ লগত দ্ৰয়িং ৰুমত বহি আছিলোঁ। হঠাতে ক’ৰবাৰ পৰা পাৰ চৰাই এজনী উৰি আহি খিড়িকীত পৰিল। সি সুধিলে দেউতা সেয়া কি? মই ক’লো পাৰ চৰাই। সি আকৌ সুধিলে সেয়া কি?
মই পুনৰ ক’লো।…….. প্ৰতিবাৰেই মই উত্তৰটো দি তাৰ সৰু কোমল দুগালত দুটি চুমা খাওঁ। সি ফূৰ্তিতে আকৌ সোধে, সেয়া কি! প্ৰতিবাৰেই মই পাইছিলোঁ এক অজান আনন্দ যিয়ে শাঁত পেলাই দিছিল মোৰ বুকুখন…..শেষত পৰিবাৰে ক’লে সি হেনো মোক ‘সেয়া কি’ বুলি মুঠ তেত্ৰিশবাৰ সুধিছিল….!”
“টা টা বাই বাই”
(ই-মেইলত পোৱা লেখা এটিৰ ভাবানুবাদ)
পত্নী আৰু তিনিবছৰীয়া সন্তানটিৰে সৈতে বিয়াগোম চৰকাৰী বিষয়া মি: বাৰ্মাৰ এক সুখৰ সংসাৰ। চৰকাৰী বাংলোটোত লগুৱা-চাকৰৰ অভাৱ নাই। ঘৰৰ সৰু-বৰ সমস্যাৰ প্ৰতি মূৰ ঘমাব নালাগে কেতিয়াও বাৰ্মাই। দহবছৰ তেওঁৰ লগত থাকি গাড়ী চলোৱা যাদৱ দ্ৰাইভাৰে গাড়ী চলোৱাৰ লগতে ঘৰৰ অধিকাংশ কামৰেই তদাৰক কৰে। অতি বিশ্বাসী যাদৱক সেয়েহে বাৰ্মাই দুগুণ দৰমহা দি ৰাখিছে।
এদিন ৰাতি শুৱাৰ আগে আগে বাৰ্মাৰ কণমাণি পুত্ৰই তেওঁৰ ওচৰলৈ আহি ক’লে, ‘মা-দেউতা, গুড নাইট……ককা, টা টা বাই বাই’। বাৰ্মা অলপ আচৰিত হ’ল। সদায় সি গুড নাইট কয়, কিন্তু আজি ইয়াত নথকা ককাকক বাই বাই বুলি ক’লে কিয়? পিছদিনা ৰাতিপুৱা খবৰ আহিল আনখন চহৰত থকা বাৰ্মাৰ দেউতাকৰ আগনিশা মৃত্যু হৈছে। আগৰাতি পুত্ৰই কোৱা কথাষাৰ মনত পৰি বাৰ্মাৰ অলপ টেনশ্যন হ’ল।
দিন বাগৰি গৈ থাকিল। বাৰ্মা পুত্ৰৰ নৰ্মেল গুডনাইট বাৰ্তা চলি থাকিল। বাৰ্মাৰ টেনশ্যন কমি থাকিল।
এদিন আকৌ হঠাতে শুৱাৰ সময়ত শিশু পুত্ৰই ক’লে, ‘মা-দেউতা, গুড নাইট……আইতা, টা টা বাই বাই’। পিছদিনা ৰাতিপুৱা বাৰ্মাৰ মাকৰ পৰলোকপ্ৰাপ্তিৰ খবৰ আহিল। বাৰ্মাৰ টেনশ্যন দুগুণে বাঢ়িল এইবাৰ। ভাবিলে তেওঁৰ পুতেক নিশ্চয় কিবা অদ্ভূত শক্তিৰ অধিকাৰী, মৃত্যুক লৈ ভৱিষ্যতবাণী কৰিব পাৰে। ক’ম বুলিও কথাটি ঘৈণীয়েকক নক’লে তেওঁ।
কেইমাহমানৰ পিছত এদিন পুত্ৰই সৰুকৈ ক’লে, ‘মা, গুড নাইট……দেউতা, টা টা বাই বাই’। টেনশ্যনৰ সীমা নোহোৱা হ’ল বাৰ্মাৰ। পাৰ কৰিলে উজাগৰী নিশা। ঘৈণীয়েকক কথাটি কৈ টেনশ্যন দিব নুখুজিলে। ৰাতিপুৱাই ডাক্তৰৰ ওচৰলৈ গ’ল বাৰ্মা। ডাক্তৰে পৰীক্ষা কৰি ক’লে, ‘একো টেনশ্যন নাই। সব নৰ্মেল। আপুনি একদম অলৰাইট’। বাৰ্মাৰ টেনশ্যন কিছু কমিল। ঘৰলৈ উভতি আহি দেখে যথেষ্ট সংখ্যক মানুহ গোট খাইছে তেওঁৰ ঘৰত। পত্নীয়ে বিচনাত বাগৰি কান্দি আছে। গম পালে তেওঁলোকৰ বিশ্বাসী যাদৱ দ্ৰাইভাৰৰ আগনিশা মৃত্যু হৈছে। এক অজান টেনশ্যনত উচুপি উচুপি মি: বাৰ্মাই কৈ উঠিল, ‘যাদৱ, টা টা বাই বাই’!!