দিহিং-পাটকাইত জীৱনৰ সেউজীয়া গান – বিজয়া বৰুৱা

(১)
শেষত ভাল খবৰটো আহিল৷ বনানীৰ বাবে এই খৱৰটো অপ্ৰত্যাশিত নহয়৷ বিশ্ব প্ৰকৃতি নিধি(WWF) নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ দিল্লীস্থ শাখাটোত যেতিয়াৰ পৰাই তাই কাম কৰিবলৈ লৈছে এনেবোৰ খৱৰ তাইৰ বাবে প্ৰত্যাশিত৷ অসমৰ বাহিৰত তাই কেইবা ঠাইতো কাম কৰিছে, কিন্তু এইবাৰ অলপ ব্যতিক্ৰম৷ তাই মৰমৰ অসমখনত এইবাৰ কাম কৰিবলৈ যাব৷ তাতে অসমৰ এটা মূৰৰ এখন জিলালৈ যাব৷ মনত বহুতো উৎকণ্ঠা৷ অসমৰ একমাত্ৰ বৃহৎ বৰ্ষাৰণ্যখনৰ জৈৱবৈচিত্ৰ্য্যতাৰ ওপৰত তথ্য সংগ্ৰহ কৰা আৰু তথ্য চিত্ৰ এখন বনোৱাই তাইৰ ভ্ৰমণৰ উদ্দেশ্য৷ সৰুৰে পৰা গুৱাহাটীতে থকা আৰু শেষত উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যোৱা বনানীৰ বাবে উজনিৰ ঠাইসমূহ অচিনাকি নহ’লেও নতুন৷ বনানীৰ থকা খোৱা সকলো ব্যৱস্থা ইতিমধ্যেই কৰা হৈছে৷ তথাপিও তাইৰ কলেজৰ বন্ধু অনুজক মেইলযোগে সবিশেষ জনালে৷ দিল্লী বিশ্ববিদ্যালয়ত বনানী স’তে একেলগে পঢ়া অনুজ কৰ্মসূত্ৰে কয়লা নগৰী হিচাপে খ্যাত মাৰ্ঘেৰিটাৰ বাসিন্দা.৷ ….
অৱশেষত তিনিমাহযোৰা দীঘলীয়া ভ্ৰমণসূচী লৈ বনানী অসমলৈ আহিল৷ পৰিকল্পিত এই ভ্ৰমণসূচীত বনানীয়ে যেন নিজৰ ৰাজ্যখনৰ এখন ঠাইৰ বিষয়ে বহু কথাই জানিবলৈ, চাবলৈ পাব! ডিব্ৰুগড় এয়াৰ পৰ্টত ভৰি থৈ তাইৰ মনত বাহ লোৱা হেঁপাহটোৱে যেন পাখি মেলি উঠিল৷ ডিব্ৰুগড়ৰ পৰা অভয়াৰণ্যখনৰ ওচৰতে থকা অতিথিশালালৈ আৰম্ভ কৰা সুদীৰ্ঘ পথছোৱাৰ যাত্ৰাই বনানীক যেন এই ভ্ৰমণত প্ৰথমেই বহু কথাই কৈ গ’ল৷ যাত্ৰা পথছোৱাৰ বিধ্বস্ত ৰূপে তাইক জ্বলাক’লা খুৱালে যদিও পথৰ দুয়োকাষৰ অপৰূপ সৌন্দৰ্য্যই মোহিত কৰি তুলিলে৷ নৱেম্বৰ মাহ- আঘোণৰ আৰম্ভণি, পথৰ দুয়োকাষে চকুৰে মনিব নোৱাৰাকৈ থকা চাহ গছবোৰৰ সৌন্দৰ্য, চাহ বাগিচা নথকা ঠাইবোৰত আঘোণৰ সোণালী ধাননিত আবেলিৰ ৰ’দ পৰি জিলিকি আছে৷ … কি যে অপূৰ্ব দৃশ্য! তিনি ঘণ্টাৰ যাত্ৰাৰ অন্তত বনানীয়ে পূৰ্বতে ঠিক কৰি থোৱা বন বিভাগৰ অতিথিশালাত উপস্থিত হ’লগৈ৷ বস্তুবোৰ ঠিকে-ঠাকে থৈ হাত ভৰি ধুই বনানীয়ে একাপ কফিৰ প্ৰয়োজন অনুভৱ কৰি ৰান্ধনিজনক ক’লে৷ তেওঁৰ লগতো চিনাকি হ’ল৷ হাঁহিমুখীয়া মানুহজনে ল’ৰালৰিকৈ কফি একাপ আনি দিলেহি৷ কফিকাপ খোৱাৰ পাছত যাত্ৰাপথৰ বহুখিনি ক্লান্তি যেন দূৰ হ’ল তেনে লাগিল৷ বনানীয়ে কোঠাটোৰ খিৰিকীখনৰ কাষলৈ গৈ পৰ্দাখন সামান্য টানি বাহিৰলৈ চালে৷ … সুন্দৰ এক পৰিৱেশ …..! খিৰিকী খনৰ পৰাই দেখাপোৱা পৰ্বতটোলৈ বহু সময় চাই ৰ’ল বনানীয়ে৷ এইটোৱে হয়তো বিখ্যাত পাটকাই পৰ্বত! সন্ধিয়া হ’বলৈ এতিয়াও বহু সময় বাকী৷ অনুজে তাইক লগ কৰিবলৈ অহাৰ কথা৷ বনানীয়ে লেপটপটো উলিয়াই বৰ্ষাৰণ্যখনৰ বিষয়ে থকা তথ্যসমূহ আকৌ এবাৰ চকু ফুৰালে…
দিহিং-পাটকাই অভয়াৰণ্যখন তিনিখন সংৰক্ষিত বনাঞ্চলক সামৰি লোৱা হৈছে…জয়পুৰ, আপাৰ দিহিং আৰু দিৰক সংৰক্ষিত বনাঞ্চল এই তিনিওখনেই এখন আনখনৰ লগত সংলগ্ন আৰু ইয়াৰ এটা সীমা অৰুণাচল প্ৰদেশৰ লগত সংলগ্ন৷ ২০০৪ চনৰ ১৩ জানুৱাৰীত দিহিং-পাটকাইক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়৷ তথ্য অনুসৰি এই অভয়াৰণ্যখনত এতিয়ালৈকে ৩৪৩টা প্ৰজাতিৰ চৰাই, ২০৫ৰ প্ৰজাতিৰ অধিক পখিলা, ৪৫ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩৫প্ৰজাতিতকৈ অধিক সৰীসৃপ, শতাধিক প্ৰজাতিৰ অৰ্কিড নথিভুক্ত হৈছে৷ অভয়াৰণ্যখনৰ ভিতৰভাগৰ বৃক্ষ বিন্যাস প্ৰকৃতিপ্ৰেমীৰ বাবে এক বিস্ময়৷ কাইলৈৰ পৰা বনানীৰ কাম আৰম্ভ হ’ব৷ অভয়াৰণ্যখনত ভিতৰভাগ চাবলৈ তাই উৎসুক হৈ আছে…….

(২)
বিছনাতে লেপটপটো তেনেকৈয়ে এৰি বনানী বাহিৰলৈ ওলাই আহিল৷ অনুজ অহাৰ কথা৷ কিন্তু এতিয়াও কোনো খা-খৱৰে নাই দেখোন! আচলতে চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হয়.. সি চাগৈ ইমান ভবাই নাই তাইৰ কথা৷ এইবোৰকে ভাৱি ভাৱি তাই অতিথিশালাৰ বেলকনি পালেগৈ৷ এজাক ফিৰফিৰিয়া বতাহে চুই গ’ল৷ আকাশলৈ চালে- আকাশখন গোমা, ৰাতিলৈ হয়তো বৰষুণ দিব! এই ঠাইখনত বৰষুণৰ পৰিমাণ বেছি৷ বছৰৰ বাৰ মাহৰ ন মাহতেই ইয়াত বৰষুণ হয়৷ অভয়াৰণ্যখনৰ ওচৰত অৱস্থিত ঠাইৰ ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, জয়পুৰ, নাহৰকটীয়া, লেখাপানী, জাগুণ আদি অঞ্চলসমূহৰ আৰ্দ্ৰতা আৰু বৃষ্টিপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্ষাৰণ্যখনৰ বহু প্ৰভাৱ আছে৷ বেলকনিৰ পৰাই তাই চাৰিওফালৰ পৰিৱেশত চকু ফুৰালে৷ ৰাজধানী দিল্লীৰ জাকজমকতা, কোলাহলৰ পৰা বহু দুৰৈত এই সৰু ঠাইখন! সোণালী ধানেৰে ভৰি থকা বিস্তৃত এলেকাজুৰি থকা পথাৰসমূহ৷ পথাৰৰ কাষে কাষে শাৰী শাৰীকৈ থকা বাঁহগছবোৰ৷ বাঁহগছবোৰৰ আগবোৰে যেন দোঁ খাই খাই পথাৰৰ সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰিছে তেনে লাগিছে৷ ধাননি পথাৰখনৰ গাতে লাগি আছে অভয়াৰণ্যখনৰ এটা অংশ৷ এক সুন্দৰ মনোমোহা পৰিৱেশ৷ দূৰৈত হাবি-বননিয়ে ঢকা লুংলুঙীয়া এটা অচিনাকি বাট…. আৰু কেইদিনমানৰ পাছত এই পথটো হয়তো তাইৰ চিনাকি হৈ পৰিব৷ এনেতে অনুজৰ ফোন আহিল. …
:পালাহি বনানী? হঠাতে যে তিনিচুকীয়া পালাহি মই অলপ আচৰিতেই হৈছোঁ৷
:অনুজ মোৰ কামেই দেখোন তেনেকুৱা৷ নিজৰ পছন্দত বাছি লৈছোঁ এইটো পথ৷ এতিয়া গছ-লতিকা, জীৱ-জন্তুৱেই হয়তো মোৰ জীৱন হৈ পৰিছে৷ পাছে কেনে আছা তুমি? তুমি থকা ঠাইলৈ ইয়াৰ পৰা দূৰত্ব কিমান?
:মোৰ ভালেই… কিছু ব্যস্ত৷ চাকৰিয়েই তেনেকুৱা দিন নাই –ৰাতি নাই! .. অ’ তুমি থকা ঠাইৰ পৰা মোৰ ইয়ালৈ দূৰত্ব ১৫ কি. মি. মান হ’ব৷ মই এইয়া তোমাৰ ওচৰলৈ যাব ওলাইছোঁ …
সুদীৰ্ঘ পথ ভ্ৰমণৰ ক্লান্তিয়ে বনানীৰ দেহ-মন অৱস কৰি আনিছিল যদিও অনুজ আহিম বুলি কোৱাৰ বাবে বহুদিনৰ মূৰত লগ পাব খোজা বন্ধুৰ সান্নিধ্যৰ উৎসুকতাই তাইৰ মনৰ পৰা ভাগৰবোৰ যেন আঁতৰি গৈছিল…
বনানীয়ে মোবাইলটো হাতত লৈ বহু সময় অনুজৰ কথাই ভাৱিলে৷ সুধো বুলিও সুধা নহ’লে তাক পৰিয়ালৰ কথা৷ বহুদিন যোগাযোগ নথকাৰ বাবে অনুজৰ বিষয়ে জানিবলৈ তাইৰ মন গৈ আছে৷ অতিথিশালাৰ পাৰ্কিং প্লেচত গাড়ী এখন ৰখোৱা শব্দ শুনা পালে৷ দুমহলীয়া ঘৰটোৰ বেলকনিৰ পৰা তাই তললৈ চাই পঠিয়ালে…. হয়, অনুজেই আহিছে! এখন বগাৰঙৰ চুইফট গাড়ীৰ পৰা অনুজ নামিছে৷ তাইয়ো তললৈ নামি গ’ল —
:হাই অনুজ, বহুদিনৰ মূৰত! মই তোমাৰ বাবেই ৰৈ আছিলো…
বনানীয়ে অনুজলৈ চালে… সি অলপ শকত হৈছে! অনুজক তাই থকা কোঠাটোলৈ মাতি আনিলে৷ কোঠাটোত সোমাই সি চাৰিফালে চকু ফুৰালে৷ দুটা বেগ, কেমেৰা, অ’ত-ত’ত থকা বস্তুবোৰ দেখি সি চিঞৰি উঠিল..
:উৱা!.. একেবাৰে এইফালে থাকিম বুলিয়েই আহিলা নেকি? ইমান বস্তু লগত লৈ আহিছা যে.!
বনানীয়ে অনুজৰ কথা কোৱাৰ ভংগীলৈ চাই থাকিল কিছু মুহূৰ্তলৈ…ই সঁচাকৈ একেবাৰে সৰু ল’ৰাৰ দৰে! চকীখনতে বহি অলপ গহীন হৈ আকৌ ক’লে – কিমান দিন যে দেখা নাই লগৰবোৰক! হওঁতে আজি চাৰি বছৰেই হ’ল মই মাৰ্ঘেৰিটাত থকা৷ ইতিমধ্যেই দিহিঙেৰে বহু পানী বৈ গ’ল… মোৰ জীৱনলৈয়ো বহু পৰিৱৰ্তন আহিল ..বহু কথাই সলনি হ’ল, মাথোঁ তুমি সলনি হোৱা নাই, একেই আছা তুমি!
:সঁচাই একেই হৈ আছোঁ নে অনুজ? কথাষাৰ শুনিয়েই মোৰ ভাল লাগি গৈছে দেই৷ বাৰু কোৱাচোন তোমাৰ পত্নী, পৰিয়ালৰ কথা?
:বৰলাক কিহৰ পত্নী, পৰিয়ালৰ কথা সোধাহে? মোলৈনো কোনে দিব ছোৱালী! সেয়ে বৰলাভাতকে খাই আছোঁ অ’৷ ঘৰত মাৰ চিঞৰ-বাখৰ, বিয়াখন সোনকালে পাতিব লাগে৷ মোৰ ফালৰ পৰা সেউজ সংকেত নাপাই মা ৰৈ গৈছে৷ “ অনুজৰ উত্তৰ শুনি তাই অলপ আচৰিতেই হ’ল –ইমান সুন্দৰ চাকৰি, উত্তৰ -পূব কয়লাক্ষেত্ৰৰ সহকাৰী প্ৰবন্ধক হিচাপে কৰ্মৰত অনুজৰ কাৰণে কিহৰনো ছোৱালীৰ অভাৱ! হয়তো কিবা এটা কাৰণ আছে, , সেই বাবে সি বিয়াত বহা নাই! বনানীৰ কাৰণটো জনাৰ আগ্ৰহ এটা থাকি গ’ল৷ বহু সময় কথাৰ মহলা মৰাৰ পাছত সি যাবলৈ ওলাল৷
:বনানী, তোমাৰ যেতিয়াই প্ৰয়োজন বুলি ভাৱিবা, তেতিয়াই ফোন কৰিবা৷ এই অনুজ লগে লগে হাজিৰ হ’ব তোমাৰ কাষত৷ গতিকে কোনো চিন্তাই নকৰিবা৷
অনুজ সঁচাকৈ খোলা মনৰ ল’ৰা… সি তাইৰ দৰে মানুহৰ চকুৰ আৰু মনৰ ভাষা কেনে বৰ বেছি চাই নাথাকে! সেইবাবেই সি ইমান ফুৰ্তিত থাকিব পাৰে৷ ..অনুজক বিদায় দি তাই বিছনাখনতে বাগৰ দিলে৷ ভাগৰে হেঁচা মাৰি ধৰাত কেতিয়ানো টোপনি আহিল গমেই নাপালে! ৰান্ধনিজনে বেলটো দুই-তিনিবাৰ বজোৱাতহে খপজপকৈ সাৰ পাই উঠিল৷ ৰান্ধনি মানে মোহনে যতনাই দিয়া ভাতসাজ খাই তাই আকৌ তথ্যপাতিসমূহ বিচৰাত লাগিল৷ অভয়াৰণ্যখনৰ সম্পৰ্কে বনানী উৎসুকতাৰ এটা প্ৰধান কাৰণ হ’ল ইয়াৰ গাতে লাগি থকা নামফাকে, নক্টে, টিপামফাকে নামৰ তিনিখন ঐতিহ্যমণ্ডিত জনগোষ্ঠীয় গাঁও৷ তাই গাঁওকেইখনৰ বুকুত দুদিনমান থাকি, তেওঁলোকৰ ঐতিহ্যক ভালদৰে জনাৰ এক পৰিকল্পনাও কৰি আহিছে…

(৩)
পুৱাতে গা-পা ধুই মোহনে যতনাই দিয়া চাহ-জলপান খাই বনানী অভয়াৰণ্যখনলৈ যাবলৈ ওলাল৷ অনুজক ফোন কৰিম বুলি ভাৱি থাকোঁতেই সিয়েই আগতে ফোন কৰি শুভেচ্ছা জনালে৷ কেমেৰাটো আকৌ এবাৰ পৰীক্ষা কৰি ল’লে৷ লেপটপটোত তাই এফালৰ পৰা মেইলবোৰ চাই গ’ল৷ প্ৰায় যান্ত্ৰিকভাৱে বনানীয়ে স্বাভাৱিক ক্ষিপ্ৰতাৰে মেইলবোৰৰ উত্তৰ দি গৈছে৷ শেষত ভায়েকৰ মেইলটোৰ উত্তৰ দিবলৈ থাকিল, তাক গধূলিলৈ সকলো জনাই মেইল কৰিম বুলি লেপটপটো সামৰি তাই তললৈ নামি আহিল৷ তাইক নিবলৈ অহা চুমুখনৰ ড্ৰাইভাৰজনৰ লগতো চিনাকি হৈ ল’লে৷ নিদিষ্ট সময়ত সিহঁতে বীট অফিচত উপস্থিত হ’ল৷ বীট অফিচৰ পৰা দুজন বনকৰ্মীয়ে সংগ দিলে৷, লগত স্থানীয় প্ৰকৃতি সংগঠন এটাৰ সৈতে জড়িত অভয়াৰণ্যখনৰ জ্ঞান থকা বিমান শইকীয়াকো লগত লোৱা হ’ল৷ বীট অফিচত অভয়াৰণ্যখনৰ চাৰিসীমা সম্পৰ্কীয় যাৱতীয় তথ্য বোৰ ল’লে৷ দিহিং-পাটকাই অভয়াৰণ্যখনৰ সীমাক মুঠ ৬৫টা sanctuary Point ত ভাগ কৰা হৈছে৷ যাক চমুকৈ এচ. পি. বুলি কোৱা হয়৷ আজি বনানীহঁত উত্তৰ ফাললৈ যাব৷ অভয়াৰণ্যখনৰ উত্তৰফালৰ সীমাতো আৰম্ভ হৈছে এটা নলাৰ সোঁপাৰৰ পৰা (যিটো নলাক স্থানীয়ভাৱে ৰ’বাৰ নলা বুলি কয় )৷ এই সোঁপাৰৰ সীমাটোক অভয়াৰণ্য ৩ আৰু ৬ নম্বৰ ব্লক বুলি কোৱা হয়৷ ডিগবৈ ফৰেষ্ট ডিভিজনৰ চৰাইপুঙ ৰেঞ্জতে গাড়ীখন থৈ কেমেৰাটো হাতলৈ বনানী আৰু লগৰ চাৰিজনৰ সৈতে খোজকাঢ়িয়ে অৰণ্যৰ সোঁমাজলৈ যাবলৈ ওলাল৷ লুংলুঙীয়া পথেৰে সিহঁতে যিমানেই ভিতৰলৈ সোমাই গৈছে ঘন অৰণ্য চকুত পৰিছে৷ সিহঁত সন্তৰ্পণে আগবাঢ়ি গ’ল৷ চৰাই-চিৰিকটিৰ মাত, জিলিৰ মাতে পৰিৱেশটো গভীৰ ৰহস্যময় কৰি তুলিছে৷ বীট অফিচত বন বিষয়াজনে বাৰে বাৰে সঁকিয়াই দিছে যে ইয়াত হাতীৰ উপদ্ৰৱ বেছি, তাতে আঘোণ মাহ গতিকে সোনকালে যেন ঘূৰি আহে৷ অলপদূৰ যোৱাৰ পাছত দুই-এজোপা ওখ গছ দেখিবলৈ পালে৷ অভয়াৰণ্যখন নানান মূল্যৱান গছ-গছনি, লতা-গুল্মেৰে পৰিপূৰ্ণ যদিও হোলোং গছৰ উপস্থিতি যথেষ্ট৷ এই হোলোঙাৰ খোৰোঙতে ধনেশ চৰাইয়ে বাহ সাজিবলৈ বেছি পছন্দ কৰে৷ দিহিং-পাটকাই অসমৰ একমাত্ৰ অভয়াৰণ্য য’ত পাঁচটা প্ৰজাতিৰ ধনেশ একেলগে দেখিবলৈ পোৱা যায়৷ এই হোলোং গছৰ পাতবোৰ সৰু আৰু দেখাত এটা মেলি থোৱা ওখ-দীঘল সেউজীয়া ছাতিৰ দৰে, বৰ ধুনীয়া৷ স্থানীয় ব্যক্তি বিমান শইকীয়াই বনানীক কৈ গ’ল,
:সেই যে হোলোং আৰু মেকাই গছবোৰ দেখিছে বাইদেউ; সেইবোৰেই যেন অভয়াৰণ্যখনৰ প্ৰাণ৷ প্লাইউদ প্ৰস্তুতিৰ বাবে উৎকৃষ্ট কেঁচামাল ইয়াত পৰ্যাপ্ত পৰিমাণে পাই কাৰণেই ১৯২৪চনতেই এই বনাঞ্চালখনক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত প্লাইউড উদ্যোগ গঢ় লৈ উঠিছিল৷
:শইকীযা, এতিয়া বাৰু কেইটামান তেনেকুৱা উদ্যোগ আছে?
:৫টামান আছে বাইদেউ৷ অভয়াৰণ্যখনত ভগা, উঘলা, হালি পৰা আদি গছবোৰ বন বিভাগৰ বিধি অনুযায়ী এই উদ্যোগবোৰলৈ উলিয়াই নিয়া হয়৷
সৰু সৰুকৈ কথা পাতি পাতি সিহঁতে লুংলুঙীয়া পথেদি বহু দূৰ ভিতৰলৈ সোমাই গ’ল৷ অভয়াৰণ্যখনৰ উত্তৰ-পূব সীমাটোত থকা এটি নলা পাৰ হৈ ক্ৰমশঃ ভিতৰলৈ গৈ থাকোঁতে বনানীয়ে অনুভৱ কৰিলে -এই অভয়াৰণ্যখন সঁচাকৈয়ে উৎকৃষ্ট জৈৱবৈচিত্ৰ্য্যপূৰ্ণ অঞ্চল৷ ইয়াৰ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যৰ এক নিজস্ব ৰূপ আছে৷ বতৰৰ ফলেৰে ভৰি থকা গছবোৰত অসংখ্য চৰাইৰ কলকলনি৷ বনানীৰ মনলৈ আহিল –“জিন্দেগী মে’ কুচ্ছ্ সুন্দৰ আৱাজ মুফ্ট হোতে হ্যায় “—-বহুদিনৰ আগতে শুনা মোবাইল কোম্পানীৰ এটি বিজ্ঞাপনত ব্যৱহাৰ কৰা এই বাক্যশাৰী৷ সঁচাকৈয়ে ইমান সুললিত, ইমান মোহনীয় প্ৰকৃতিৰ অনুপম সৃষ্টি এই চৰাই-চিৰিকটিবোৰৰ সুৰ! আচলতে যান্ত্ৰিক জগতৰ জিকমিকনি, কৃত্ৰিমতা, কোলাহলে আমাৰ শ্ৰৱণেন্দ্ৰিয়ক এনেভাৱে আচ্ছন্ন কৰি ৰাখিছে যে আমি বহুতেই প্ৰকৃতিৰ মাজত পোৱা সুখবোৰৰ, ইয়াৰ আৱাজবোৰৰ উমান ল’বলৈ যত্নই নকৰোঁ! অভয়াৰণ্যৰ ভিতৰভাগ স্বাভাৱিকভাৱে আন্ধাৰ৷ আঘোণমাহ যদিও প্ৰখৰ ৰ’দ আহি মাটি চুবহি পৰা নাই৷ এনেতে এটি হলৌ বান্দৰে অৰণ্যৰ নিস্তব্ধতা ভেদি চিঞৰি উঠিল৷ হয়তো তাৰ এলেকাত অনধিকাৰ প্ৰৱেশ সি সহ্য কৰিব পৰা নাই৷ হলৌটোৰ ফটো তুলিবলৈ লওঁতে সি যেন কেমেৰাত প’জহে দিছে তেনেকৈ চাই থাকিল৷ বনানীয়ে কেইবাকপি ফটো তুলিলে৷ হলৌটোৱে দীঘল হাত দুখনেৰে গছৰ ডালে ডালে ওলমি ওলমি সিহঁতকে যেন সংগ দিবলৈ চেষ্টা কৰিছে! অলপদূৰ যোৱাৰ পিছত বনকৰ্মীজনে দেখুৱালে কেইবাটাও হলৌ ওখগছ এজোপাত আশ্ৰয় লৈ আছে৷ হলৌ মানুহৰ নিচিনা এক সমাজ ব্যৱস্থা আছে, মানুহৰ বহু আচৰণৰ সৈতে সিহঁতৰ মিল আছে৷ মতা হলৌটোৱে জীৱন সংগিণী হিচাপে যাক বাচি লয় তাইৰ লগতেই গোটেই জীৱন অতিবাহিত কৰে! কিন্তু মানুহৰ ক্ষেত্ৰত ব্যতিক্ৰমো দেখা যায় দেখোন! মাতৃ হলৌ এটাই কণমানি সন্তানটোক এখন হাতেৰে বুকুত বান্ধি লৈ এহাতেৰে ডালে ডালে ওলমি ফুৰা দেখি বৰ ভাল লাগিল৷ মাতৃস্নেহৰ বিৰল এক দৃশ্য৷ তাই কেমেৰাত দৃশ্যটো বন্দী কৰি হলৌৰ জাকটোত কেইটা হলৌ আছে হিচাপ কৰিলে৷ ৫টা হলৌ আছে পৰিয়ালটোত৷ হলৌকেইটাক এৰি সিহঁত আগবাঢ়িল৷ অভয়াৰণ্যখনৰ সেউজ অৰণ্য বগাই বগাই সিহঁতে এখন মুকলি ঠাইত ৰ’ল৷ লগত লৈ অহা চাহ-জলপান খাই অলপ জিৰণি ল’লে৷ মূৰৰ ওপৰত এখন শুকুলা মেঘালী আকাশ৷ মুকলি আকাশৰ তলত ৰৈ কিয় জানো মনতো তাইৰ ভাল লাগি গ’ল৷ দূৰৰ পৰাই দেখিলে, চপৰা-চপৰ মেঘবোৰ যেন ওখ হোলোং গছকেইজোপাৰ স’তে কথা পাতিছে৷ এই যেন খহি পৰিব মেঘৰ চপৰাবোৰ! ওখ গছৰ ডালত ওলমি পৰিব শুকুলা ডাৱৰৰ টুকুৰাবোৰ তেনে লাগিল৷ অভয়াৰণ্যৰ উত্তৰ ফালৰ পৰা আহি উত্তৰ-পূব ফালৰ সীমাটোলৈ সিহঁত আগবাঢ়িল৷ এই সীমাটো বুঢ়ীদিহিং নদীৰ সোঁপাৰে গৈ গৈ লেখাপানী আৰু বুঢ়ীদিহিংৰ সংযোগস্থল পাৰ হৈ আছে৷ উত্তৰ -পূব সীমাটো চাই সিহঁত উভতিল৷ তাতে আঘোণমাহৰ বেলি, সোনকালে আবেলি হয়৷ খৰধৰকৈ আহি দুপৰীয়া ২. ৩০ বজাত চৰাইপুঙ ৰেঞ্জ পালেহি৷ বীট অফিচাৰজনক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি বনানী অতিথিশালালৈ ঘূৰি আহিল৷ আজি যাৱতীয় কামবোৰ কৰি কাইলৈ অভয়াৰণ্যখনৰ দক্ষিণ-পূব ফাললৈ যাব লাগিব …

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!