দুখীয়াৰ কাতি বিহু (- জ্যোতিষ কুমাৰ দেৱ)

দুখীয়াৰ কাতি বিহু
****************
জ্যোতিষ কুমাৰ দেৱ৷
kati-bihu
ভগা জুপুৰীটোৰ কাষতে’
মোৰ এডঁৰা খেতিৰ মাটি
কিহেৰেনো আদৰিম আজি
দুখীয়াৰ এই বিহুটি কাতি
কঙালীৰ সাজেৰে আহিলি ’
কিয় খেতিয়কৰ ঘৰতে তই
শুৰপোকে নাশে নেকি খেতি
মনতে সদায় লাগিছে ভয়
পৰম্পৰাক তথাপি ৰাখোঁ
এই বিহুটি চমুকৈ পাতি
পৰিয়ালৰ কতনা বেমাৰ
ডিঙিত মহাজনৰ ধাৰ
দেশৰ কতো সুখ নেদেখোঁ
অশান্তিয়ে ধৰিছে ছাটি
নদন বদন মোৰ ঘৰখন
কৰিবলৈ সেৱা জনাও
তুলসীতলত চাকিৰে সেৱা
আকাশবন্তি খেতিত জ্বলাওঁ
দুখীয়াৰ মনত সুখৰ সপোন
কঙালীৰ এই বিহুটি পাতি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!