দুখৰ উকি মাৰি যোৱা খেতিয়কজন(কিশোৰ বড়ো)

দুখৰ উকি মাৰি
তেওঁ গৈ থাকে জীৱনৰ নামনিমুৱা ৰেলত উঠি
কংক্ৰিটৰ আলিৰে মৃত্যু ষ্টেচনৰ ফালে।
বানে নিয়ে যদি নিয়ক আশাবোৰ উটুৱাই
খৰাঙত জ্বলে যদি জ্বলক ন্যূনতম প্রয়োজনীয়তা
ক’লা মধ্যভোগীয়ে শুহি লয় যদি লওক ঘাম আৰু তেজ
(যিহেতু কোনেও কাৰো বাবে মাত মতাৰ অৱকাশ নাই)
তথাপিও তেওঁ শীৰ্ণ দুহাতেৰে ৰুই যায় হেঁপাহৰ কঠীয়া
তেওঁ ৰুই যোৱা কঠীয়াবোৰ বতাহ হৈ গজে
বতাহবোৰ ফলহৈ পকি হয়গৈ
জীয়াই থকাৰ সোণালী উশাহ।
তেওঁ স্থিতপ্রজ্ঞ
হাজাৰ ধুমুহাত হাউলি নপৰা এডাল বৃক্ষ।
হেঁপাহ শেষ হৈ যোৱা বসন্তত
তেওঁৰ দেহৰ পেশীবোৰৰ ফাঁকেৰে ওলাই আহে জীৱনৰস
তুলি আনে তেওঁ চিৰ ভোকাতুৰ শেতেলীৰ পৰা।
দুখৰ উকি মাৰি যোৱা খেতিয়কজন
গৈ থাকে জীৱনৰ নামনিমুৱা ৰেলগাড়ীত উঠি
কংক্ৰিটৰ আলিৰে মৃত্যু ষ্টেচনৰ ফালে,
আৰু আমি নজনাকৈয়ে
তেওঁ বিলাই গৈ থাকে জীয়াই থকাৰ প্রয়োজনীয়তা ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!