দুখৰ দিনত আহিছা ভোগালী তুমি (নয়নমণি শৰ্মা)

((বাঁহনিডৰাৰ আগেদি টোপাটোপে নিশাটো গলিছে/ এইবেলি তোমাৰ স’তেই গাম/ চৰাইৰ গান/ সুখৰ এজাউৰি)

ভোগালী মানে ভোগ। কিন্তু আজি ৰক্তহীনতাত শংকিত সময়। ক’ৰবাত যেন হেৰাই গ’ল ভোগালীৰ প্ৰাণ-প্ৰাচূৰ্য। কবি নয়নমণি শৰ্মা ৰিকুৰ অনুভৱত ভোগালীৰ আন এক ৰূপ এয়া—

 

দুখৰ দিনত আহিছা ভোগালী তুমি

তুমি দুখৰ দিনত আহিছা ভোগালী
আমি অপেক্ষা কৰিছিলোঁ তোমালৈ
সৌহাৰ্দ্য সুন্দৰ আবেলি
নাহিলা তুমি

আজি ৰিক্ত মোৰ ধমনী
ৰক্তহীনতাত শংকাতুৰ পুৱা-গধূলি
আমি অপেক্ষা কৰিছিলোঁ তোমালৈ
সাহসেৰে জীপাল দিনবোৰত
নাহিলা তুমি।

(বাঁহনিডৰাৰ আগেদি টোপাটোপে নিশাটো গলিছে
এইবেলি তোমাৰ স’তেই গাম চৰাইৰ গান
সুখৰ এজাউৰি) ।।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!