দুটা অনুবাদ গল্প (অঞ্জল বৰা)

(১)

সৌজন্যতা:

এগৰাকী প্ৰায় ৫০ বছৰ বয়সীয়া বগা ছালৰ মহিলা বিমানখনৰ ভিতৰলৈ সোমাই গ’ল আৰু তেওঁৰ আসনত নবহাকৈয়ে থিয় হৈ ৰ’ল৷ তেওঁৰ আসনৰ কাষৰ আসনখনত এজন কৃষ্ণবৰ্ণ ছালৰ যাত্ৰী বহি আছিল৷
অপমানজনক!!, মহিলাগৰাকীয়ে তৎক্ষণাত বিমান পৰিচাৰিকাক মাতিলে আৰু এখন নতুন আসনৰ ব্যৱস্থা কৰি দিবলৈ ক’লে৷
মহিলাগৰাকীয়ে ক’লে “মই এই ক’লা মানুহজনৰ লগত ইয়াত বহিব নোৱাৰোঁ !!”
বিমান পৰিচাৰিকাগৰাকীয়ে নম্ৰভাৱে ক’লে “মই অন্য আসনৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি চাওঁ বাৰু৷” আসন পৰীক্ষা কৰাৰ পিছত, বিমান পৰিচাৰিকাগৰাকী ঘুৰি আহিল আৰু ক’লে “মহাশয়া, ইক’নমি শ্ৰেণীত কোনো খালি আসন নাই, কিন্তু মই বিমান অধিকাৰীক সুধি প্ৰথম শ্ৰেণীত আসন আছে নেকি চাই আপোনাক জনাম৷”

প্ৰায় ১০ মিনিট মানৰ পিছত বিমান পৰিচাৰিকাগৰাকী পুনৰ ঘুৰি আহিল আৰু ক’লে “বিমান অধিকাৰীয়ে জানিবলৈ দিছে যে প্ৰথম শ্ৰেণীত এখন আসন খালি আছে৷ কিন্তু আমাৰ কোম্পানীৰ নিয়ম অনুসৰি ইক’নমি শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ কোনো যাত্ৰীকে স্থানান্তৰিত কৰিব নোৱাৰি, অৱশ্যে যদিহে কোনো যাত্ৰীয়ে তেওঁৰ কাষত বহা যাত্ৰীজনৰ অভদ্ৰ আচৰণৰ কাৰণে কিবা অসুবিধা সন্মুখীন হয় তেন্তে বিমান অধিকাৰীয়ে প্ৰথম শ্ৰেণীলৈ আসন সলনি কৰিবলৈ অনুমতি প্ৰদান কৰে৷”

মহিলাগৰাকীয়ে কিবা কোৱাৰ আগতেই, বিমান পৰিচাৰিকাগৰাকীয়ে নম্ৰভাৱে কৃষ্ণবৰ্ণ ছালৰ মানুহজনলৈ চাই ক’লে, “সেয়েহে চাৰ, যদি আপুনি আপোনাৰ ব্যক্তিগত সামগ্ৰীসমূহ ইয়াৰ পৰা নিয়াত অসুবিধা নাপায় তেন্তে আমি আপোনাক অতি সুবিধাজনক প্ৰথম শ্ৰেণীৰ আসনলৈ স্থানান্তৰিত কৰিব বিচাৰিছোঁ, কাৰণ বিমান অধিকাৰীয়ে আপুনি কোনো অভদ্ৰ যাত্ৰীৰ সৈতে একেলগে যাত্ৰা কৰাতো নিবিচাৰে৷”

যাত্ৰীজনৰ কাষত থকা সকলোৱে বিমান পৰিচাৰিকাগৰাকীক প্ৰশংসা কৰিলে আৰু আন কিছুমানে থিয় হৈ হৰ্ষধ্বনি প্ৰকাশ কৰিলে৷

(২)

সাধুতাই উত্তম নীতি:

এজন গাখীৰ বিক্ৰী কৰা মানুহে অসৎ উপায়েৰে দিনে দিনে ধনী হৈ গৈছিল৷ তেওঁৰ গাখীৰৰ গ্ৰাহকসকল থকা ঠাইখনলৈ যাওঁতে সদায় এখন নদী পাৰহৈ গৈছিল৷ তেওঁ জানি-শুনি সদায় নদীখনৰ পানী গাখীৰত মিহলাই অধিক লাভ কৰিছিল৷ এদিন তেওঁৰ সন্তানৰ বিয়াৰ বাবে গ্ৰাহকসকলৰ পৰা পাব লগা পইচা সংগ্ৰহ কৰি সেই পইচাৰে বিভিন্ন কাপোৰ আৰু গহনা ক্ৰয় কৰি আনিছিল৷ কিন্তু যেতিয়াই তেওঁ নদীখনৰ মাজত আহি উপনীত হ’ল তেওঁৰ নাওখন হেলনীয়া হৈ তেওঁৰ সকলো বস্তু পানীত পৰি গ’ল৷ গাখীৰ বিক্ৰেতাজন আচৰিত হৈ কেৱল মৌন হৈ ৰ’ল৷ সেই সময়তে তেওঁ নদীখনৰ মাজৰ পৰা এটা মাত শুনিলে “আচৰিত নহ’বা, তুমি কেৱল অবৈধ উপায়েৰে গ্ৰাহকক ঠগি উপাৰ্জন কৰাখিনিহে হেৱুৱাইছা !”

শুদ্ধভাৱে কৰা লেনদেনৰ সুফল সদায় পোৱা যায়৷ অসৎ উপায়েৰে আৰ্জন কৰা পইচা কেতিয়াও হাতত নাথাকে৷
……………………………………….
মূল ইংৰাজী, লেখক-অজ্ঞাত, অনুবাদ-অঞ্জল বৰা

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰণজিৎ কুমাৰ বৰা
10 years ago

সুন্দৰ অনুবাদ। পঢ়ি ভাল লাগিল।

Dhruba jyoti das
10 years ago

nice……xosai val lagise.bexek koi 1 to

Copying is Prohibited!