দুটা কবিতা (ইন্দ্ৰনীল গায়ন)


(১)
:নিষিদ্ধ নগৰ:
 
অলস সন্ধ্যাটো
চিত খাই পৰেহি
ব্যস্ত চহৰখনত
 
ভাগৰুৱা মানুহবোৰ
ৰৈ থাকে
উভতি
যোৱাৰ পথত
 
ক্ৰমাৎ
গভীৰতৰ হয় এন্ধাৰ
 
কোনোবা নিষিদ্ধ গলিৰ পৰা
উষ্মা ভৰা কিৰিলি এজাক নামি আহে
 
পিছে পিছে
বগুৱাবাই
দালালবোৰ
আৰু
নিৰ্লজ্জভাৱে
সিহঁতবোৰ বিক্ৰী হয়।।
 
(২)
:নিশাৰ ছবি:
 
এখন নক্সা আছিল
কোনোবা অচিন চিত্ৰকৰৰ
চিত্ৰপটত
 
তাত হেনো
বাদুলি ওলমাদি ওলমি
থাকে আন্ধাৰবোৰ
 
অ’ত
ত’ত
 
মৌন ওঁঠৰ পদূলিত
নিশাচৰৰ কুচ-কাৱাজ
 
এনেকৈয়ে
প্ৰতিদিন
প্ৰতিৰাতি
ঈষৎ হাঁহিবোৰ
আহত হয়।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!