দুটা কবিতা (-চম্পক শৰ্মা)

**শেলুৱৈ সপোন**
– চম্পক শৰ্মা৷

জীয়াভৰলীয়েদি এদিন এটা
লহপহ হেঁপাহ উজাই..color
শিলঘৰীয়া এটাক
মেখেলাৰ সূতাৰে বান্ধোতে কি ক’লে জানা….
তোৰ বুকুতো হেনো
আছে বসন্তৰ চিকুন মাত
বৰষুণত তিতি তিতি গজিছে
কুমলীয়া কুঁহিপাত৷
আস….
শিলৰ বুকুত গজি উঠে মোৰ
শেলুৱৈ সপোন৷
( শোণিতপুৰ জিলাৰ মাজেৰে যোৱা জীয়াভৰলী নদীৰ শিল ঘৰীয়া মাছ আৰু মেখেলাৰ সূতাৰ পুৰণি কাহিনী এটা আছে)
চম্পক শৰ্মা

**ঋতু**
-চম্পক শৰ্মা৷
(কবিৰ মতে ঋতু সাততা
তাৰে এটা তুমি
কিন্তুূ মোৰ মতে
তোমাৰ মাজতেই আছে আটাইকেইটি ঋতু)
ঋতু
১) গ্ৰীষ্ম
ওচৰ চাপি নাহিবা
তোমাৰ বুকুৰ উত্তাপত মই
মমৰ দৰে গলি যাও
২) বৰ্ষা
আকাশত কলীয়া মেঘ
মোৰ বুকুত ধুমুহা গাজনি
তোমাৰ চকুত বাৰিষাৰ বৰষুণ
৩) শৰৎ
ওৰনিৰ আৰত শেৱালি চিকুন হাঁহি,
মোৰ মন আকাশত
শৰতৰ শুভ্ৰতা….
৪) হেমন্ত
মোৰ আশাৰ সেউজীয়াত
তুমিয়েই ঢালিছিলা
হেমন্তৰ ৰং….
৫) শীত
তোমাৰ অবান্তৰ খং
আৰু অভিমানত,
মোৰ হিয়াখন ঠেৰেঙা লাগে
জাৰত কপি উঠে
জীৱনৰ ৰসবোধ শুকাই আহে৷
৬) বসন্ত
তোমাৰ মাখিয়তি ফুলফুলা ওঁঠৰ হাঁহিত
কুলিয়ে মাতে, কেতেকী ফুলে,
মোৰ বুকুত বসন্তৰ
প্ৰথম জাক বৰষুণ নামে
আকৌ বহাগ আহে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!