দুটা চুটি কবিতা – জনাৰ্দন গোস্বামী

১)

বেহেলাৰ বুকুত স্বৰ্গৰ ঠিকনা বিচাৰি

উঠে নামে আঙুলিৰ পাহি

জিভাত দুখ-সুখৰ ককটেইল

এপিয়লা সময়।

 

২)

পিৰালিত নয়নতৰা আকৌ ফুলিল,

দেহা ধুই নিয়া জোনাকৰ জুৰিৰে

উজাই আহিল এজাক ৰঙা ওঁঠৰ নীলা মাছ।

 

যেতিয়া এছাটি বতাহে আমাক চুই গ’ল

তেতিয়া আমি নিৰাভৰণ আইনাৰ গভীৰত।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!