দুটা স্তৱক : প্ৰণৱ জ্যোতি দাস

‎(১)
প্রেমত আওপুৰণি মই
আৰু আওপুৰণি মোৰ
কলিজা;
কামিজত ক’লা জামুৰ দাগ
আৰু বুকুত?
আৰু
বুকুত তোমাৰ বেদনা।
(২)
তুমি ৰোৱা গোলাপজোপা
এতিয়াও ফুলে মোৰ বুকুত,
লাগে যদি ক’বা
হেঁপাহেৰে বান্ধিম তাৰ ডালত
অলপ স্মৃতি আৰু অলপ ভালপোৱা,
শিপালেই পঠিয়াম তোমালে
এটা সপোন, বহু পুৰণি……..।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!