দুটি সংজ্ঞা(- মিতালী বর্মন)
সুখ
ইকুল-সিকুল সামৰি
উজাই ভটিয়াই যোৱা এসুঁতি বন্যা মই
জোৱাৰ ভেটিবলৈয়ো অক্ষম
তুমি দিয়া কেঁচা মাটিৰ জেওৰা
এটি এটি বান্ধোন হৈ
গঢ়ি তোলোঁ বিনোদিনী হৃদয়
বতাহত ভাহে— মল্লাৰ সুগন্ধি
ইটোৰ পাচত সিটোকৈ
ফুলাই তোলোঁ— প্রজাপতি সপোন
ওঁঠত মোৰ মৰুদ্যানৰ সজীৱতা…..
দুঃখ
ইকুল-সিকুল সামৰি
উজাই ভটিয়াই যোৱা এসুঁতি বন্যা মই
জোৱাৰ ভেটিবলৈয়ো অক্ষম
তুমি দিয়া কেঁচা মাটিৰ জেওৰা
এপাট এপাট শেল হৈ
বিষময় কৰোঁ কুন্তী হৃদয়
বাগৰ সলাব নজনা এটি— মাৰৱা ৰাতি
এটি দুটিকৈ জহাই খহাই
ধ্বংস কৰোঁ—- পপীয়া তৰাৰ সপোন
ওঁঠত মোৰ মৰুৰ ৰুক্ষতা…..