দুটি সাম্প্ৰতিক থাই কবিতা [মূল: আংকৰ্ণ ছনথাথিপ] অনুবাদ: ড০ কমল কুমাৰ তাঁতী

হৃদয়ৰ পঞ্চম কক্ষ
————————
গভীৰ উপত্যকা ঘৰবোৰ প্ৰবাহিত এক নৈ
আৰু পৰ্বতমালা আৱৰি শুভ্ৰ মেঘৰ ওপৰৰ
আকাশৰ প্ৰাস্তই নিজকে প্ৰসাৰিত কৰি দিয়ে
পৃথিৱীক আলিংগন কৰিবলৈ

হৃদয়ে সপোন দেখে শান্তিৰ
জয় কৰে অভিষঙ্গ, বীজন কৰে জুইৰ – যি কেতিয়াও নুনুমায়,
দৃঢ় হৈ থিয় হৈ থাকে আৰু জানে কিদৰে শুনিব পাৰি
বৰষুণ, প্ৰেম আৰু আশা
মনৰ মেজাজ আৰু উত্তাপৰ দৰে

উপত্যকাবোৰৰ সৈতে সহাৱস্থান কৰে ঘৰবোৰে বৈ থকা নৈখনে
ৰাতি হ’লে হৃদয়ে একেটা সপোনকে দেখে
যি উৎকণ্ঠিত পৃথিৱী আৰু আকাশৰ বাবে

মোৰ জন্মস্থানৰ বাবে মই য’ত শুই থাকো চিৰদিন
মোৰ জন্মস্থানৰ বাবে মই য’ত শুই থাকো চিৰদিন
☆★☆

ঘৰবোৰ আৰু মানুহবোৰ
————————–
প্ৰতিটো বিন্দু প্ৰতিটো বিন্দুয়ে জ্বলাই তোলে এটা প্ৰতিবিম্ব
সমুদ্ৰতীৰ সমতল এখন পাহাৰৰ চূড়া
ধাননি পথাৰ বাটৰ কাষ নিৰানন্দ ধূসৰ গধূলি
তাত, তাৰপাছত ইয়াত, পোহৰো সেইপিনেই হাউলি যায়

জীৱনৰ উজ্জ্বল জাকজমক আহি পায়হি
প্ৰতিখন ঠাইতে প্ৰতিটো দিশতে, আহি পায় মহানগৰ
গ্ৰামাঞ্চল নদীৰ পাৰ অদূৰৈত
কাহানিও ঘৰবোৰ আৰু মানুহবোৰৰ অবিহনে

ঘৰবোৰৰ জঁকাবোৰ সৃষ্টি কৰে মানুহে
আৰম্ভনিৰেপৰা যে সকলোবোৰ পূৰণি
অন্ধকাৰ প্ৰাচীন সময়বোৰ শেষ হয়
অতীতৰ আগলৈকে গুছি যোৱা, যেতিয়ালৈকে তুমি বৰ্তমান গৈ নোপোৱা

মানুহে ঘৰবোৰ সাজে
সিহঁতৰ স্বপ্নবোৰ নিৰ্মিত হয় জীৱনৰ পোহৰৰপৰা
সকলোবোৰৰ সত্য টিকি থাকে
যাৰ জৰিয়তে – চিৰদিনৰ বাবে

প্ৰতিখন ঠায়েই একোটা প্ৰতিবিম্বৰ স্বপ্ন
যিয়ে প্ৰকাশ কৰে এক সত্য যি –
অন্ধতম অন্ধকাৰৰ হৃদয়তৈকও শক্তিশালী
আকাশৰ তলৰ সকলোত যে পোহৰ

জীৱনৰ উজ্জ্বল প্ৰতিভাই বলপূৰ্বক প্ৰৱেশ কৰেহি
গভীৰ অন্ধকাৰ ৰাতি ভ্ৰমণকাৰী বিশাল বিশ্বত
প্ৰতিখন ঠাইতে সকলোতে বলপূৰ্বক প্ৰৱেশ কৰেহি
কাহানিও ঘৰবোৰ আৰু মানুহবোৰৰ অবিহনে

☆★☆
(কবি পৰিচয়: উত্তৰ-পূব থাইলেণ্ডৰ ‘খন কায়েন’ প্ৰভিন্সত জন্মগ্ৰহণ কৰা ‘আংকৰ্ণ ছনথাথিপ’ৰ পাঁচখন কাব্য গ্ৰন্থ প্ৰকাশিত হৈছে- ‘The Lover of Sadness’, ‘Paradise Descending to Red’, ‘Where We Stand’, ‘The Road and the Resting Place’ আৰু ‘The Heart’s Fifth Chamber’ ৷ ‘The Heart’s Fifth Chamber’-শীৰ্ষক কাব্যগ্ৰন্থখনৰ বাবে তেওঁ ২০১৩ চনৰ সন্মানীয় ‘দক্ষিণ-পূব এছিয়ান লেখক বঁটা লাভ কৰে ৷)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!