ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

দুপাহ জোনাক —-ৰবীন ভূঞা

 

কাচিৎ মুখৰ সৈতে মুখামুখি
চমৎকাৰ মুখাভিনয়
জল দাপোনত জীয়া সপোন
এৰি থৈ যায় লহমাৰ ঢৌ
কিনো আছিল কোনো পাম
কিয়েইবা থৈ যাম
জীৱনৰ বাবে জীয়া ৰং লাগে
এটা নিজান গধূলিৰ দৰে
অলপ সকাহ লাগে
চাই ভাল লাগে চকু
দুপাহ জোনাক
অহংকাৰী আকাশ পাৰ হৈ
কোলাত নাচে অলপ মৰম
কোন বাটত কোন ৰৈ থাকে
কোনেও নাজানে
হুমুনিয়াহৰ জুমুঠি পুৰি
পাৰ হৈ যায় জীৱন
চকুবোৰলৈ চাই ভাল লাগে
চকুৱে অহৰহ কথা কৈ থাকে
মুখতকৈ চকু বিশ্বাসী
চকু সহজতে বন্দী হয়
চকুৱে কি কয়
তাৰেই কৰোঁ হুবহু অনুবাদ

——————————

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!