দুবিধ ভিন্ন লাড়ুৰ প্ৰকৰণ — বিপঞ্চী বৰকটকী

মাঘবিহুৰ সময়। আমি সচৰাচৰ তিল, পিঠাগুড়ি, নাৰিকলৰ আদিৰ লাড়ু বান্ধো যদিও এইবাৰ দুটা অলপ বেলেগ লাড়ুও বান্ধি চাওকচোন। মই অতি সহজ দুটা লাড়ু প্ৰস্তুত প্ৰণালী দিছোঁ।

১৷ অমিতাৰ লাড়ু –

পঁচিশটামান লাড়ুৰ বাবে লাগিব-
এটা এককেজিমান ওজনৰ পুৰঠ অমিতা, চেনি এপোৱা, মিল্ক পাউদাৰ, ইলাচী, পঞ্চাশগ্ৰাম শুকানে ভজা চুজি বা ভজা মিহি পিঠাগুড়ি।

প্ৰণালী :

প্ৰথমে অমিতাটো ধুই বাকলি নুগুচোৱাকৈ দীঘলে দুফাল কৰি ভিতৰৰ গুটি/সিৰা আদি আঁতৰাই ল’ব। তাৰপাছত নাৰিকল ৰোকাৰ দৰে ৰোকনিৰে ৰুকি ল’ব। হাতেৰে বা পৰিষ্কাৰ কাপোৰ এখনত লৈ চেপি ৰসখনি উলিয়াই ৰ’দ থাকিলে আধাঘণ্টামান ৰ’দাই শুকুৱাই ল’ব নহ’লে শুকানে ক’লা নপৰাকৈ সামান্য ভাজি ল’ব। ইয়াৰ পিছত চেনিখিনি অমিতাৰ সতে মিহলাই নাৰিকল ভজাৰ দৰে ভাজিব। অলপ সময় বেছি লাগিব। অমিতাখিনি লৰালে বাচনটোৰ পৰা ওলাই অহা যেন হ’লেই ভজা চুজি বা পিঠাগুড়ি দি পুনৰ লৰাই ভালদৰে মিলাব। কিছুপৰৰ পিছত জুইৰ পৰা নমাই লগে লগে গুৰি কৰি থোৱা ইলাচী আৰু মিল্ক পাউদাৰখিনি মিহলাই অলপ ঠাণ্ডা হ’বলৈ দিব। চুব পৰা ঠাণ্ডা হ’লেই লাড়ু বান্ধি সামান্য ঘিঁউ বা মাখন সানি লোৱা থালত এটা এটাকৈ থৈ যাব আৰু ঠাণ্ডা হ’লে পৰিৱেশন কৰিব।

২৷ নাৰিকল, বাদাম আৰু বগা তিলৰ লাড়ু –

৩০/ ৩৫টা মান লাড়ুৰ বাবে লাগিব-
এটা পুৰঠ নাৰিকল, কেঁচা বাদাম ৫০ গ্ৰাম, বগা তিল ৫০ গ্ৰাম, ২০০ গ্ৰাম চেনি( চেনিৰ সলনি গুৰো ব্যৱহাৰ কৰিব পাৰে ), চুজি ২৫ গ্ৰাম, ঘিঁউ ২ টেবুল চামুচ।

প্ৰণালী:

প্ৰথমে নাৰিকলটো ৰুকি ল’ব। কেঁচা বাদামখিনি শুকানে ভাজি লৈ বাকলি গুচাই মিক্সিত গুৰি কৰি ল’ব। তাৰ পিছত চুজি আৰু বগা তিলখিনি পৃথকে পৃথকে শুকানে ভাজি ল’ব। ভজা তিলৰ গোন্ধ ওলোৱালৈকে ভাজিব। এতিয়া নাৰিকলখিনিত চেনি সানি ল’ব। এতিয়া এটা কেৰাহীত ঘিউ দুচামুচ গৰম কৰি তাত নাৰিকল আৰু বাদামখিনি দি কম জুইত ভাজিব। অলপ ভজা হ’লে তাত ভজা চুজিখিনি মিলাই দিব। পাগ আহিলে তাত ভজা বগা তিলখিনি মিহলাই দিব আৰু অলপ লৰাই জুইৰ পৰা নমাই থ’ব। চুব পৰা হ’লে লাড়ু বান্ধি সামান্য মাখন বা ঘিউ সানি লোৱা থালত এটা এটাকৈ থৈ যাব আৰু ঠাণ্ডা হ’লে পৰিবেশন কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!