দুৰ্নীতিৰ চাকনৈয়া আৰু দেশৰ সামগ্ৰিক প্ৰতিচ্ছবি (দীপাংকৰ মল্ল বৰুৱা)

ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল নামৰ দুৰ্নীতিৰ ওপৰত চকু ৰখা আন্তৰ্জাতিক সংস্থাটোৰ মতে সমগ্ৰ বিশ্বৰ ১৭৭ খন দেশৰ ভিতৰত দুৰ্নীতিত ভাৰতৰ স্থান ৯৪। এই তালিকাখনত লাভ কৰা কোনো এখন দেশৰ ক্ৰমাংক যিমানে বেছি হয়, সিমানেই সেই দেশখন বেছি দুৰ্নীতিগ্ৰস্থ বুলি বুজিব পাৰি। ভাৰতৰ স্থানৰ পৰা সহজেই বুজিব পাৰি যে বিশ্বৰ ভিতৰত ভাৰত এখন দুৰ্নীতিপূৰ্ণ দেশ বুলি পৰিচিত।

যিকোনো সভ্য দেশৰ নাগৰিকৰ বাবে দুৰ্নীতিৰ তালিকাত নিজৰ দেশৰ এনে অৱনমিত প্ৰতিচ্ছবি লজ্জাজনক। ভাৰত এখন সু সভ্য, ঐতিহ্য পূৰ্ণ, এক বিশাল সংস্কৃতিৰ দেশ বুলি বিশ্বৰ দৰবাৰত অতীজৰে পৰা পৰিচিত দেশখনৰ সামগ্ৰিক প্ৰতিচ্ছবিলৈ চাই প্ৰশ্ন হয়, দুৰ্নীতিৰ চাকনৈয়াত পৰি দেশখনে নিজৰ সাংস্কৃতিক আৰু নৈতিক মূল্যবোধ হেৰুৱাই পেলাইছে নেকি?

২০১১ চনত আন্না হাজাৰেই ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি ৰোধ কৰাৰ অৰ্থে জন লোকপাল বিধেয়ক গৃহীত কৰাৰ বাবে দিল্লীত অনশন কৰিছিল। তেওঁৰ সমৰ্থনত সমগ্ৰ দেশতে হাজাৰ হাজাৰ আবাল বৃদ্ধ বণিতা ওলাই আহি আন্দোলনটো শক্তিশালী কৰি তুলিছিল। তেওঁৰ দাবী আছিল যে দুৰ্নীতি ৰোধ কৰাৰ অৰ্থে দেশত এখন শক্তিশালী আইন প্ৰণয়ন কৰা প্ৰয়োজন যিখনৰ আওতাত সাংসদ, বিধায়ক সকলকে আদি কৰি প্ৰধান মন্ত্ৰীলৈকে সাঙুৰিব পৰা যায়। হাজাৰেৰ দাবী আছিল এজন স্বতন্ত্ৰ ‘জন লোকপাল’ নিয়োগ কৰা, যি জনৰ অধীনত এটা স্বতন্ত্ৰ সংস্থাই দুৰ্নীতিৰ অভিযোগ সমুহৰ তদন্ত কৰিব। হাজাৰেৰ যুক্তি আছিল এয়ে যে, দুৰ্নীতিৰ ফলত সম্পদশালী লোক সকলে সম্পদ আহৰণ কৰি দোপতদোপে আগবাঢ়ি গৈ আছে আৰু দুখীয়া, দৰিদ্ৰ, নিচলা লোক সকল সদায় লুণ্ঠিত হৈ আছে। অৱশ্যে লোকপাল বিধেয়কৰ পৰিকল্পনা নতুন নহয়। ১৯৬৮ চনতে প্ৰাক্তন আইন মন্ত্ৰী শান্তি ভূষণে এই বিধেয়ক উত্থাপন কৰিছিল। ইয়াৰ পিছতো সময়ে সময়ে জন লোকপাল বিধেয়ক খন সংসদত গৃহীত কৰোৱাৰ প্ৰচেষ্টা চলি আহিছে। পিছে ইমান বছৰ পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈ সংসদত লোকপাল বিধেয়ক গৃহীত নহ’ল।

দেশত বৃটিছৰ শাসন কালত বা স্বাধীনতাৰ সময়ত ৰাজনীতিৰ লগত দুৰ্নীতিৰ সম্পৰ্কৰ কথা কোনেও ভাবিব পৰা নাছিল। সেয়ে হয়তো সংবিধান প্ৰণয়ন কৰা ব্যক্তি সকলেও সাংসদ বা বিধায়ক হ’বৰ বাবে অপৰাধী বা দুৰ্নীতিগ্ৰস্থ নোহোৱাটো যোগ্যতামাপক বুলি নিৰ্ধাৰণ কৰা নাছিল। পিছে স্বাধীনতাৰ পিছৰে পৰা অত্যাধিক চৰকাৰী নিয়ন্ত্ৰণৰ আওতাত স্বজনতোষণ, চৰকাৰী ধনৰ অপব্যৱহাৰ আদিৰ যোগেদি ৰাজনীতিৰ দুৰ্নীতিৰ যোগ সূত্ৰ স্থাপন হৈছিল। দিন যোৱাৰ লগে লগে ৰাজনীতিৰ পথাৰত অপৰাধীয়ে ভিৰ কৰিবলৈ লোৱাৰ পৰা এই সংযোগ যেন আৰু কটকটীয়া হৈ পৰিছে। অতি পৰিতাপৰ কথা এয়ে যে বৰ্তমান সংসদৰ নিম্ন সদনৰ (লোক সভা) প্ৰায় ২৯ শতাংশ সাংসদ বিভিন্ন অপৰাধত অভিযুক্ত। এই সকলৰ প্ৰায় আধা সংখ্যক সাংসদ হত্যা, অপহৰণ, বলাত্কাৰ, ডকাইতি আদি ঘৃণনীয় অপৰাধৰ লগত জড়িত। সৰলীকৰণ কৰা যদিও উচিত নহয়, তথাপিও এটা কথা নিশ্চয়কৈ ক’ব পৰা যায় যে ক্ষমতাৰ জৰিয়তে আইনক নিজৰ হাতৰ মুঠিত লোৱাৰ আৰু ব্যাপক দুৰ্নীতিৰ সুবিধা কৰি ল’ব পৰাৰ কাৰণে ৰাজনীতিৰ পথাৰলৈ বহু সংখ্যক অপৰাধীৰ আগমণ ঘটিছে।

ষাঠি আৰু সত্তৰৰ দশক দুটা ভাৰতীয় ৰাজনীতিত পৰিৱৰ্তনৰ দশক। স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু গান্ধী বাদী আদৰ্শক শিৰত লৈ ৰাজনীতি কৰা নেতা সকলে ৰাজনৈতিক কৰ্মক্ষেত্ৰৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনীতিলৈ এচাম নতুন নেতাৰ আগমণ ঘটিল। এই নেতা সকলে নিজৰ চমক সৃষ্টি কৰাৰ অৰ্থে নৈতিকতাৰ আদৰ্শ পৰিহাৰ কৰি হিংসা – সন্ত্ৰাসৰ সহায় লৈ হ’লেও ৰাজনীতিৰ পথাৰত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিলে। হাৰিয়ানা, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত উচ্চ জাতিৰ জমিদাৰ সকল আৰু নীচ জাতিৰ কাম কৰি খোৱা মানুহৰ মাজত ৰাজনৈতিক ক্ষমতা দখল কৰাৰ কাৰণে সংঘাটময় আৰু হিংসাত্মক পৰিৱেশৰ সৃষ্টি হ’ল। এইবোৰ ৰাজ্যত হিংসাক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি ভীতি প্ৰদৰ্শনৰ দ্বাৰা ভোট আদায় কৰাৰ পৰম্পৰা তেতিয়াই আৰম্ভ হ’ল। তেতিয়াৰ পৰাই ৰাজনীতিৰ পথাৰত অপৰাধীৰ খদমদম আৰম্ভ হ’ল।  উত্তৰ ভাৰতৰ বহু কেইখন ৰাজ্যত ৰাজনীতিৰ লগত গুণ্ডাৰাজৰ সনা পিতিকা ইমানেই অধিক যে বহু কেইটা সমস্তিত গুণ্ডা সকলৰ সহায় নোলোৱাকৈ ৰাজনীতিত তিস্থি থকাই সম্ভৱ নহয়। সেই বোৰ ৰাজ্যত ভোটৰ বাবে জোৰ জুলুম, মাৰ পিট, ভীতি প্ৰদৰ্শন, অপহৰণ আদি এক সংস্কৃতিত পৰিণত হৈছে। এনে ব্যৱস্থাৰ জৰিয়তে জয়ী হৈ সংসদলৈ অহা সাংসদ সকল অপৰাধী সকলৰ ৰক্ষাকবচ হৈ পৰে।

সেই সময় চোৱাতে উত্তৰ ভাৰতৰ বিশাল অঞ্চলত ৰাজনৈতিক নেতা পালিনেতাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ৰাজনীতিৰ অপৰাধীকৰণ পূৰ্ণ গতিত চলিবলৈ ধৰিলে। ক্ষমতা দখলৰ বাবে নেতা সকল অপৰাধী সকলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল। চৰকাৰী নিয়ন্ত্ৰণৰ আওতাত স্বজনতোষণ, চৰকাৰী ধনৰ অপব্যৱহাৰ আদি হ’বলৈ ধৰিলে । সেই সময়ৰ নিয়ন্ত্ৰিত অৰ্থনীতিত চোৰাং সামগ্ৰীৰ বেহা বেপাৰৰ বাবেও নেতা সকলক এই অপৰাধী সকলৰ প্ৰয়োজন হ’ল। এই সকল লোকেই কালক্ৰমত ৰাজনৈতিক আশীৰ্বাদপুষ্ট হৈ ৰাজহুৱা উদ্যোগ সমুহত বনুৱা যোগান, খনিজ পদাৰ্থ নিষ্কাষণ, কেঁচা সামগ্ৰীৰ যোগান আদি নিয়ন্ত্ৰণ কৰিবলৈ ল’লে। বাহুবল আৰু ভীতিপ্ৰদৰ্শনেৰে চলোৱা এইবোৰ ব্যৱসায়ত প্ৰচুৰ লুণ্ঠন, ধনৰ অপ ব্যৱহাৰ চলিবলৈ ধৰিলে। ৰাজহুৱা উদ্যোগ সমুহত দুৰ্নীতিৰ পুলি এই দৰেই সংৰোপিত হ’ল।

আনহাতে  ১৯৭৫ চনৰ জুন মাহৰ পৰা ১৯৭৭ চনৰ মাৰ্চ মাহলৈ বলবৎ হোৱা ‘জৰুৰী কালিন ব্যৱস্থা’ৰ সময়ত ভাৰতৰ ৰাজনীতিত কিছুমান আমুল পৰিৱৰ্তন ঘটিল। এই ‘জৰুৰী কালিন ব্যৱস্থা’ৰে কংগ্ৰেছ পাৰ্টীয়ে সেই সময়চোৱাত স্বাধীন ভাৰতত একনায়কত্ব বাদী শাসনৰ সূত্ৰপাত কৰিছিল। চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ আৰু বিৰোধী দল সমুহক নিপাত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ ব্যৱস্থা কৰা হৈছিল। এনে কাৰ্য্য সম্পাদন কৰাৰ বাবে শাসনাধিস্থ দলটোৰ প্ৰয়োজন হৈছিল কিছুমান প্ৰভাৱশালী ব্যক্তিৰ যিসকলে ভীতিপ্ৰদৰ্শনৰ দ্বাৰা জনতাক বাকৰুদ্ধ কৰি ৰাখিব পাৰিছিল। সেই সময়তে ৰাজনীতিৰ পথাৰত দলে দলে অপৰাধীৰ আগমণ ঘটিছিল। এই অপৰাধী সমুহে কালক্ৰমত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে।

নব্বৈৰ দশকৰ পৰা ভাৰতৰ ৰাজনৈতিক অস্থিৰতা, চৰকাৰত সৰু সৰু দলবোৰৰ অন্তৰ্ভূক্তি আদিয়ে অৱস্থা আৰু শোচনীয় কৰি তুলিলে। শাসনাধিস্থ আৰু সহযোগী দল সমুহে নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে দাগী অপৰাধী নেতা, পালিনেতা সকলকো ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিবলৈ আৰম্ভ কৰিলে।  সেই সময়তে কংগ্ৰেছ দলকো ‘ভোটৰ বাবে ভেটি’ অভিযোগে সাঙুৰি পেলালে। আনকি সেই সময়ৰ প্ৰধান মন্ত্ৰী নৰসিংহ ৰাওকো দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰা হ’ল। দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, ৰাজনৈতিক অস্থিৰতা, জনতাৰ চৰকাৰৰ ওপৰত বিশ্বাস ভংগ আদি এশ এবুৰি সমস্যাৰ মাজত চৰকাৰী দুৰ্নীতিৰ পুলি পোখালিবোৰ লহপহকৈ বাঢ়ি আহিল।

সেই দশকৰ পৰাই ভাৰতীয় অৰ্থনীতিয়ে মোট সলাবলৈ আৰম্ভ কৰিলে। নিয়ন্ত্ৰিত অৰ্থনীতিৰ পৰা মুক্ত অৰ্থনীতিৰ বাট মুকলি হোৱাৰ লগে লগে  উপভোক্তাবাদে সমাজৰ সকলো পৰ্য্যায়কে স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিলে। হঠাতে সৰহ সংখ্যক জনতাই অনুভৱ কৰিলে এক স্বাচ্ছন্দময় জীৱন উপভোগ কৰিবলৈ, উপলব্ধ হৈ পৰা সম্পদ আহৰণ কৰিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন। ব্যৱসায়িক গোষ্ঠী সমুহৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞাপন সমুহ, টেলিভিচনত প্ৰদৰ্শিত কাহিনী চিত্ৰ সমুহে সকলো শ্ৰেণীৰ মানুহকে এক আমোদপ্ৰিয়, বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত কৰিলে। ফলত কম সময়তে অধিক উপাৰ্জন কৰাৰ হাবিয়াসে গা কৰি উঠিল আৰু দুৰ্নীতিৰ বিষবাস্পই অতি সোনকালে সমাজক প্ৰদূষিত কৰি পেলালে।

দুৰ্নীতিৰ তালিকাত ভাৰতৰ স্থান অৱনমিত হোৱাৰ মুল কাৰণ হ’ল বহু সংখ্যক মন্ত্ৰী, সাংসদ, বিধায়ক সকলৰ প্ৰত্যক্ষ বা পৰোক্ষ পৃষ্ঠপোষকতাত চলি থকা অবাধ দুৰ্নীতি। ষ্পেকট্ৰাম কেলেংকাৰী, কয়লা আৱণ্টন কেলেংকাৰী, ইউৰিয়া কেলেংকাৰী আদিৰ দৰে শাসনাধিষ্ট দলৰ বিপক্ষে উঠা বিয়াগোম দুৰ্নীতিৰ অভিযোগে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেশৰ ভাৱমূৰ্তিত কালিমা সানিছে। মন্ত্ৰী, সাংসদৰ এনে দুৰ্নীতি আৰু দুৰ্নীতিৰ জৰিয়তে হেজাৰ হেজাৰ কোটি টকা লুণ্ঠনৰ বাতৰিয়ে সমাজৰ গৰিষ্ঠ সংখ্যক লোকৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। অৱশ্যে লালু প্ৰসাদ যাদৱ, এ ৰাজা আদি শক্তিশালী নেতাক দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰি কাৰাগাৰলৈ প্ৰক্ষেপ কৰা ঘটনাই সাধাৰণ জনতাৰ কাৰণে কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে।

দেশত এতিয়াও দুৰ্নীতিৰ গোচৰ সমুহ হেমাহিৰ চকুৰে চোৱা হয় আৰু এনে গোচৰৰ পৰা ধনবলৰ যোগেদি সহজে ওলাই আহিব পৰাৰ অনেক সুৰুঙা থাকে। সামাজিক জীৱনতো দুৰ্নীতিক জীৱন ধাৰণৰ এক পদ্ধতি হিচাপে গ্ৰহণ কৰাৰ প্ৰৱণতা প্ৰকট হৈ পৰিছে। চৰকাৰী ৰঙা ফিটাৰ মেৰ পাক, আইনৰ জোৰ জুলুম আদিয়েও দুৰ্নীতিৰ পৰোক্ষ পথ ল’বলৈ জন সাধাৰণক প্ৰৰোচিত কৰিছে। আনহাতে দুৰ্নীতিৰ জৰিয়তে ধনৰ পাহাৰ গঢ়া লোক সকলে সমাজত দপ দপাই থাকিব পৰা পৰিস্থিতি এটা সৃষ্টি হোৱা বাবে দুৰ্নীতি কৰিবলৈ কোনেও ভয় নকৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ এটা ৰায়দানত দুৰ্নীতি সম্পৰ্কত এইদৰে মন্তব্য কৰিছে – ‘সভ্য সমাজত দুৰ্নীতি কৰ্কট ৰোগৰ দৰে, সময় মতে ব্যৱস্থা নল’লে মানুহৰ সামাজিক জীৱনত ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে। প্লেগৰ দৰে এই ব্যাধি অকল ভয়াবহই নহয় বনজুইৰ দৰে অতি সোনকালে চৌদিশে পিয়পি পৰিব পাৰে। এইডছ ৰোগৰ দৰে এইবিধ ব্যাধিৰ কোনো চিকিত্সা নাই’। (AIR 2000, SC 870). যোৱা দশকত দ্ৰুতগতিত অৰ্থনৈতিক উত্তৰণ ঘটা ভাৰতীয় অৰ্থনীতিৰ বৰ্তমানৰ স্থবিৰতাৰ বাবেও এটা মহলে ব্যাপক দুৰ্নীতিকে জগৰীয়া কৰিছে। দুৰ্নীতিৰ বাবে দেশী – বিদেশী বিনিয়োগকাৰী সকলে ভাৰতৰ অৰ্থনীতিত বিনিয়োগ কৰিবলৈ সংকোচ কৰিবলৈ লৈছে। আনহাতে দুৰ্নীতিৰ যোগেদি সংগ্ৰহ কৰা কোটি কোটি কলা ধন ভাৰতৰ পৰা ওলাই গৈ ছুইছ বেংকত জমা হৈছে। সাধাৰণ মানুহে সন্মুখীন হোৱা মূল্যবৃদ্ধিৰ এটা মুখ্য কাৰণ হ’ল অবাধ দুৰ্নীতি। এইখিনিতে উল্লেখনীয় যে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সময়ত কেইবাখনো আইন আৰু বিধেয়কৰ জৰিয়তে দুৰ্নীতি নিৰ্মুল কৰিবলৈ পদক্ষেপ লোৱাৰ ঢাক ঢোল বজোৱা হৈছে। কেন্দ্ৰীয় সতৰ্কতা আয়োগ, চি বি আই আদি স্থাপনৰ জৰিয়তেও দুৰ্নীতি নিবাৰণৰ অনেক ব্যৱস্থা লোৱা হৈছে। তথাপিও তৃণমুল পৰ্য্যায়ৰ পৰা এতিয়াও দুৰ্নীতি আতৰ কৰাটো সম্ভৱ হৈ উঠা নাই।

দুৰ্নীতি নিবাৰণ কৰিবলৈ আটাইতকৈ অধিক প্ৰয়োজনীয় কথা হ’ল ৰাজনৈতিক দল সমুহৰ সদিচ্ছা আৰু সহযোগ। সংসদ বা বিধান সভাত অপৰাধীৰ প্ৰৱেশ বন্ধ কৰিব পাৰিলে বা অভিযুক্ত সাংসদ, বিধায়ক সকলৰ ওপৰত দুৰ্নীতিৰ গোচৰত দৃষ্টান্তমুলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে দুৰ্নীতিৰ পোহাৰ ৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি। এই ক্ষেত্ৰত সদায়েই ৰাজনৈতিক দল সমুহৰ মাজত সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হয়। যি সময়ত সংসদৰ প্ৰায় এক তৃতীয়াংশ সদস্যই বিডিন্ন গোচৰত অভিযুক্ত হৈ আছে, শাসনাধিষ্ঠ দল তথা সহযোগী দল সমুহৰ বুজন সংখ্যক সদস্যই এনে তালিকাত অন্তৰ্ভুক্ত হৈ আছে, সেই সময়ত এনে দৃঢ় পদক্ষেপ আশা কৰিব নোৱাৰি।

দুৰ্নীতি নিবাৰণত দেশৰ ন্যায়পালিকাৰ এক মহত্বপূৰ্ণ ভূমিকা আছে। দুৰ্নীতিত লিপ্ত বুলি প্ৰমাণিত হোৱা ৰাজনৈতিক নেতা, প্ৰভাৱশালী ব্যক্তি সকলক শাস্তি প্ৰদান কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ কেইটামান উদাহৰণে দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত জন সাধাৰণৰ বিশ্বাস পুনৰ জগাই তুলিছে। ঠিক সেইদৰে ক্ষমতাত  থকা মন্ত্ৰী, সাংসদ, বিষয়া সকলৰ ওপৰত প্ৰশাসনিক জবাবদিহি কটকটীয়া কৰিব পাৰিলে দুৰ্নীতিৰ পৰিমাণ কমিব বুলি আশা কৰিব পাৰি।

ভাৰতৰ দৰে এখন জনবহুল দেশত চৰকাৰী কাম বোৰৰ অযথা পলম হোৱা, ৰঙা ফিটাৰ মেৰপাক আদিয়ে দুৰ্নীতিক প্ৰৰোচিত কৰে। বৰ্তমান ইণ্টাৰনেটৰ জৰিয়তে মানুহে বহুতো কাম ঘৰত বহিয়েই কৰিব পৰাৰ সুবিধা হৈছে। সেইদৰে সংযোগ ব্যৱস্থাতো অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি সাধাৰণ মানুহে চৰকাৰী কাম বোৰত সন্মুখীন হোৱা জোৰ জুলুম প্ৰতিহত কৰিব পৰা যায়, যিয়ে দুৰ্নীতি নিবাৰণত সহায় কৰিব পাৰে।

দুৰ্নীতি নিবাৰণত সামাজিক অনুস্থান সমুহৰ লগতে সমাজত বসবাস কৰা প্ৰতিজন মানুহৰে বিশেষ ভূমিকা আছে। দুৰ্নীতিক প্ৰশ্ৰয় দিবলৈ বন্ধ কৰাটো প্ৰতিজনৰে এক নৈতিক কৰ্তব্য। সামাজিক অনুস্থান সমুহে দুৰ্নীতিৰ বিৰুদ্ধে সাধাৰণ মানুহক সচেতন কৰাৰ লগতে দুৰ্নীতিত লিপ্ত বিষয়া, কৰ্মচাৰী, নেতা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাটো প্ৰয়োজন। ‘তথ্য জনা আইন’ৰ অধীনত ৰাজহুৱা কাম কাজত হোৱা দুৰ্নীতিৰ বহুতো তথ্য ফাদিল কৰিব পৰা হৈছে। এটা কথা সকলোৱে মনত ৰখা উচিত যে, মন্ত্ৰী বিধায়ক সাংসদ সকল জনতাৰ প্ৰতিনিধি হে। ৰাজহুৱা ধনৰ অপপ্ৰয়োগ কৰিবলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই।

সমাজৰ প্ৰতিজন মানুহ দুৰ্নীতিৰ প্ৰতি সচেতন হৈ দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিলে সমাজত দুৰ্নীতিৰ পয়োভৰ বহু পৰিমাণে কম কৰাটো সম্ভৱপৰ হৈ উঠিব পাৰে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments