দেউতাৰ সৎকাৰৰ পাছত (দেৱাংগ পল্লৱ শইকীয়া)
“বেছি ওচৰলে’ নাযাবি-পুৰিব,কষ্ট পাবি”
পুহ মহীয়া জুহালৰ ওচৰত দেউতাই মোক এনেদৰেই আৱৰি ৰাখিছিল
জুইৰ পৰা
জুইয়ে মোক কেনেবাকে পুৰিব বুলি গোটেই শৈশৱটো
দেউতাই মোক ৰাখিছিল আলফুলে,সাৱধানে
সেই দেউতাৰ গাত মাহ-হালধি, ঘিঁ সানি যেতিয়া মই জ্বলাই দিছিলোঁ
চিতাৰ ওপৰত চিৰনিদ্রাত থকা দেউতাক মোৰ সুধিবলৈ হেপাঁহ আছিল
যাক তেওঁ জুইৰ স্পৰ্শৰ পৰা আঁতৰত ৰাখিছিল ওৰেটো শৈশৱ
সিয়েই যে এদিন পুৰিব তেওঁক,গাত মাহ-হালধি সানি
দেউতাই জানিছিলনে ??