“দেউতা” (দেৱ প্ৰতীম)

দেউতা”

(১)

সি আজিকালি আমাৰ কথা নুশুনা হৈছে। ৰাতি ঘৰ সোমাওঁতে সদায় দেৰি হয় তাৰ। সংগবিলাক তাৰ বেয়া। বহুদিন লক্ষ্য কৰিছোঁ। সি হয়তো আজিকালি মদ খাবলৈ ধৰিছে। ভাবিছিলোঁ নিজে নিজে ঠিক হ’ব, কিন্তু মোৰ ধাৰণা ভুল আছিল। দিনে দিনে তাৰ এইবিলাক বাঢ়ি গৈছে। কিবা এটা কৰিব লাগিব মই।

(২)

– “ৰাহুল ক’ৰপৰা আহিছ?”

-“দেউতা, লগৰ ল’ৰা এটাৰ লগত পঢ়ি আছিলোঁ।”

-“পঢ়োঁতে লগত কি মদো খাৱ নেকি ?”

-“দেউতা কি কথা কৈছা…”

-“চুপ থাক তই। বহুতদিনৰ পৰা তোক চাই আছোঁ।”

-“দেউতা সেয়া মোৰ ব্যক্তিগত কথা।”

-“ব্যক্তিগত যদি এইবিলাক কাম এই ঘৰত নচলিব।”

(৩)

আজি এসপ্তাহ হ’ল সি নথকা। সিদিনাখন বেছিকৈয়ে গালি পাৰিলোঁ তাক। মৰমেৰে বুজাব লাগিছিল তাক। কিন্তু কেনেদৰে তাক বেয়া পথেৰে গৈ থকা চাই থাকিম। তাক মই ফোন কৰা নাই। এওঁ কথা পাতিছিল বোলে। ঠিকে আছে সি। কিন্তু ঘৰখন খালী খালী লাগে আজি। মন নবহা হ’ল।

-“দেউতা, চোৱাচোন মায়ে কান্দিছে….”

মাজনীৰ মাতত বাস্তৱলৈ ঘুৰি আহিলোঁ। এওঁ কান্দি আছিল। হাতত ফোনটো…

(৪)

আজি তিনিসপ্তাহ হ’ল সি বিচনাত পৰি থকা। এক্সিডেন্টটোত সি ভৰিত আঘাত পাইছিল। খোজ কাঢ়িবলৈ তাক আৰু সময়ৰ প্ৰয়োজন আছিল। বাৰে বাৰে নিজৰ ওপৰত খং উঠিছিল। মনলৈ আহিছিল সৰু কালত তাক আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱাৰ কথা।

ৰাতিপুৱা সাত বাজিছিল। তাৰ কোঠালৈ সোমাই গ’লোঁ। তাক কোলাত তুলি ল’লোঁ। সি বাধা দিছিল। কিন্তু মই তাৰ কথা নামানিলোঁ। তাক বোকোচাত ল’লোঁ। তাৰ কষ্ট হৈছিল, কিন্তু সি খোজ কাঢ়িব লাগিব। সি দুখ পাইছিল, কিন্তু মই তাক পংগু হ’বলৈ এৰি দিব নোৱাৰোঁ….

(৫)

বহুদিনৰ মূৰত আজি প্ৰাতঃভ্ৰমণত ওলাই আহিছিলোঁ। মনটো কিবা এটা ভাল লগা নাছিল। লাহে লাহে দৌৰি আহি আছিলোঁ। তেনেতে কোনোবা এটাই মোক পাছ পেলাই আগুৱাই গ’ল। যাওঁতে কৈ গ’ল,

“দেউতা, তুমি বুঢ়া হৈছা। বুঢ়া হোৱা নাই যদি মোক পাছ পেলোৱা।”

কথাকেইটা শুনি মোৰ বুঢ়া ভৰি কেইটাই যেন প্ৰাণ পাই উঠিছিল…

(এটা বিজ্ঞাপনৰ পৰা অনুপ্ৰাণিত।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!