দেউললৈ নিমন্ত্ৰণ.. -ধৰ্মজ্যোতি ভট্টাচাৰ্য

দেউল চাবা আইভি

ভাইহাঁত দেউল চাবা আইভি
দৰঙীয়া গাভৰুৰ উজান উঠছি
দেখিলি ভেল্কি লাগি থাকবি
হিত মাৰবা পাৰবি
ভাইহাঁত হিত মাৰবা পাৰবি
বাঁহমোল্লীয়া খুলীয়া ভাউৰীয়া আৰু
মাহাৰাৰ বৰঢুলীয়া চাবা পাৰবি
শিলখাজেনীৰ দেউলত
খেৰাই নৃত্য চাবা পাৰবি
ভাইহাঁত খেৰাই নৃত্য চাবা পাৰবি
জিলাপী, কটকটী ভাজা, পাপৰ,
বুট ভাজা বাদাম, পকৰী খাবা পাৰবি
ভাইহাঁত খাবা পাৰবি
বৰ মস্ত লাউহান তৰমুজ
কিনি খাবা পাৰবি ভাইহাঁত
কিনি খাবা পাৰবি
হিন্দু মুছলিম উভয়ে লগ হৈ দেউল পাতোঁ
ভাইহাঁত আমাৰ একতা দেখিলি আচৰিত হবি
ব’হাগ মাহৰ এক তাৰিখে আহিলি
বৰদৌলগুৰিৰ বৰদেউল দেখা পাবি
পাঁচ তাৰিখে আহিলি গড় ভাঙা দেউল পাবি
সাত তাৰিখে বিহু ভাঙা দেউলত
বিহু ভাঙবা পাৰবি,
ভাইহাঁত বিহু ভাঙবা পাৰবি
এঘাৰ তাৰিখে বুৰনগৰৰ দেউলত
সাজি কাছি আইভি
তেতিয়াহে ঝিয়াৰ চকুত পৰবি
ভাইহাঁত ঝিয়াৰ চকুত পৰবি
বাৰ, তেৰৰ ঘোঁৰাবন্ধা দেউলত
নাহাকে নাথকিবি
তাতে কাঁহ পিতলৰ বাচন
আৰু পাটী কিনবা পাৰবি
ভাইহাঁত কিনবা পাৰবি
গোটেই ব’হাগ যুৰি দৰঙত দেউল হৱেই
চাবা আইভি ভাইহাঁত চাবা আইভি
বিয়া পাতবা পইচাৰ নহলি
ঝিয়া পলেই নিবা পাৰবি
ভাইহাঁত দেউল চাবা আইভি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!