দেওবাৰৰ কাহিনী (বিচিত্ৰ বৰদলৈ)
দেওবাৰ বুলি বিশেষ একো নাছিল কাহিনী
মাথো হৰিহৰনৰ কণ্ঠত বহি থাকিল গুলজাৰ চাহাব গোটেই আবেলি
কিমান নো বন্ধ কোঠাত সোমাই থকিম
বুলি দুৱাৰ খিড়ীকি তাল ফাল লগাই
ওলাই আহিলোঁ গধুলি ,
শৰণীয়া পাহাৰত তেতিয়া বেলি ডুবিছিল
জোনাক উঠাৰো কোনো আগজাননী নাছিল
আৰু ময়ো নষ্ট চৰিত্ৰহে
এন্ধাৰৰ সুযোগত হাত দিলোঁ নেপালী তিৰোতাজনীৰ গাত
থকথককৈ কঁপিল গোটেই মানুহজনী
বতাহত ভৰ দি ছাঁই ৰঙী চৰাই এটা উৰিল
মটিয়া শিল এটা গুৰ গুৰকৈ বাগৰিল
গোটেই চহৰখনতেই খবৰটো বিয়পিল
৫.৪ ৰিস্টাৰস্কেলত হেনো ভূইকঁপ এটা বলিল……………..
—–**—–
Bohut bhal lagise.