দেওবাৰ – উচ্চজিৎ দশগিৰি
প্রাত্যহিকতা শেষ হ’লে,
দৈনন্দিন খুচুৰা খবৰবোৰ
বতাহত জাহ গ’লে
ঘূৰি আহে আমাৰ হেঁপাহৰ দেওবাৰ,
খুলি দিয়ে সৰু সৰু হাঁহিৰ দুৱাৰ।
জীৱিকাৰ মৃত গলিৰ পৰা উঠি আহে
সেই এটাই মাথোঁ শান্তি
এটাই মাথোঁ তৃপ্তি,
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা।
সময়ৰ অগা-ডেৱাত
জীৱনৰ ধামখূমীয়াত
হেৰাই যদি যায় সেই দেওবাৰ,
বিৰক্তিত শুকাই যদি যায়
সমস্ত হাঁহিৰ থুনপাক,
কাৰ স’তে উমলিম আমি
কাক ক’ম মন খুলি,
কুঁৱলীৰ ধোঁৱাৰে ধূসৰ চাকনৈয়া।
সেয়েহে জীৱনত
সেয়েহে জীৱিকাৰ অভাৱী সমুদ্রত
প্রয়োজন আছে
এটি-দুটি মিঠা দেওবাৰ,
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা।