দেওবাৰ( -নাজমা বেগম)
দেওবাৰ
-নাজমা বেগম।
তাহানিতেও জীপাল হৈছিল দেওবাৰ,
মনত বাৰে বাৰে খুন্দা খাই উভতিছিল
এটাই প্ৰশ্ন ….
এই ধুনীয়া দিনটোৰ আগত দেও লগালে কোনে?
মহাভাৰতৰ বাবে ঘৰে ঘৰে ক’লা বগা
টি ভি বিচৰাৰ দৌৰ,
গোটেই দিন অনাই বনাই ঘূৰি অহাৰ
পিছত এসাঁজ জুতিৰ ভাত,
আইৰ অমাতৰ মাত,
পাতত পিতাইয়ে চিকুটি দিয়া মাছ।
হোষ্টেলৰ ৰঙীন দেওবাৰবোৰো সতেজ আছিল,
হেঁপাহৰ এসাঁজ কাৰ ঘৰত খামগৈ বুলি
সপ্তাহটো গুণাগথা চলিছিল।
হেনাই ফিৰফিৰিয়া কৰা এসোপা চুলি
ছাদত যেনিতেনি নাচিছিল,
ভিজিটিং ৰূমটো গুণগুণনিৰে ভৰি আছিল ।
হেঁপাহৰ দেওবাৰটোত দীঘলীপুখুৰীও
চঞ্চল হৈছিল।
মানুহজনৰ বাবেই চাগে দেওবাৰটো
আৰু অধিক ভাললগা হৈছিল।
পৰিয়ালটোক এসপ্তাহৰ মূৰে মূৰে ল’গ পাবলৈ
তেৱোঁ যেন কাতৰ হৈ থাকিছিল।
ল’ৰাটোৱেও আগ্ৰহেৰে ৰৈ থাকিব শিকিছিল,
মানুহজনীয়ে হেঁপাহৰে বিধে বিধে বনাইছিল,
প্ৰাণ পাই উঠা ঘৰখনৰ বাবে মাকেও
প্ৰতিটো দিন দেওবাৰ হোৱাটোকে যেন বিচাৰিছিল।
__তেওঁ নহা দেওবাৰটোত
ল’ৰাটোৱে বাৰে বাৰে আজি কি বাৰ সুধিছিল?
মাকজনীয়ে মাছ নালাগে যা বুলি
মাছ দিয়া ল’ৰাটোক উভতাই পঠিয়াইছিল।
মানুহজনীয়ে পিতিকি থকা ভাতবোৰ
এটা পাকত নি মেকুৰীৰ আগত ঢালিছিল!
হেঁপাহৰ দেওবাৰটো বিষণ্ণতাত বুৰ গৈছিল।
***