দেশপ্ৰেমিক – দিলীপ কৌশিক
যন্ত্ৰণাৰ বিশাল বজাৰ সামৰি-সুতৰি
কলিজাৰ ভুৰুকাত সুমুৱাই লৈছোঁ
পাতসীয়া চৰাই এটা হৈ
আই তোৰ খহি পৰা বুকুৰ
ফিচিকা আঁচল সী পেলাম
উতলা তেজৰ সুৰুকীয়া সুৰুঙাৰে
সৰকি যাম
উভতিতো আহিমেই নিচান উৰুৱাই
নতুবা নিচানেৰে উশাহ মেৰিয়াই
বুকুত মেডেলৰ জোন জ্বলিব
নতুবা মৌনতাৰ এক মিনিট পাছত
হিলৈৰ শব্দত কঁপিব
মোৰ গাঁৱৰ আকাশ …..!!
■■■