দেৱশ্ৰী বৰগোহাঁইৰ পত্ৰ
মৰমৰ হৃদয়
কেনে আছা? নাজানো এই প্ৰশ্ন সোধাৰ অধিকাৰ এতিয়াও আছে নে? নাজানো এই চিঠিৰ ঠিকনা? তথাপি শব্দৰ জুমুঠি ধৰি আজিও বিচাৰোঁ তোমাক। জানোচা শব্দই গঢ়ি তোলে এডাল সাঁকো মোৰ পৰা তোমালৈ৷ ৰ’বা খিৰিকি খন ভালকৈ মেলি দিওঁ। সেমেকা বতাহজাকে ক’ৰ পৰা জানো কঢ়িয়াই আনিছে এক অনামী সুৱাস। ফাগুনী পছোৱাৰ আঙুলিত ধৰি এইয়া যে আহি পালে ব’হাগ। বাহিৰত শুকুলা জোনাক। ৰাতি ফুৰা পখীৰ কিচিৰ মিচিৰ মাতৰ লগত ভাঁহি আহিছে কোনো হিয়াভগা প্ৰেমিকৰ কৰুণ বাঁহীৰ সুৰ। আস্ হৃদয়! জোনাকজাকে মাতাল কৰি তুলিছে মোক। কিমানদিন হ’ল বাৰু এনেদৰে আমি জোনাক বোটলা? এক, দুই ওঁহো আঠ। এৰা সময়ৰ নৈখনে উটুৱাই লৈ গ’ল আঠটা ব’হাগ। পিছে মই যেন মৰাসূঁতি হৈ ৰৈ থাকিলো সেই বিশেষ দিনটোতে। আজিকালি দিনবোৰ পাৰ হয় জীউৰ আব্দাৰৰ মাজত। গোটেইজনী তোমাৰ ফুটতে উঠিছে। ঢোলৰ মাত শুনিলেই আপোনপাহৰা হয় তাই। আইতাকক কুটুৰি কুটুৰি মেখেলা চাদৰ পিন্ধি, খোপাৰ ফুল গুজি, পেহীয়েকৰ লিপষ্টিক সানি ৰচকী নাচনী সাজে। ডালিমৰ কুমলীয়া পাত, কেঁহৰাজৰ সতে জেতুকা বটি তাইৰ হাতত সানি নিদিলে পেহীয়েকক ততকে নিদিয়ে। এইবাৰ আইতাকক ফৰমাইচ দিছে তিলপিঠা, ঘিলা পিঠা, নাৰিকলৰ লাৰু বনালেই নহ’ব। সুতুলী পিঠা, খোলাচপৰীয়া পিঠা, টেকেলী মুখত দিয়া পিঠাও পুৰিব লাগিব। আইতাকো যে নাতিনীয়েকৰ মৰমতে পমা। কুলিৰ মাত শুনিলে কুঁউ কুঁউ কৈ চোতালত দেও দি ফুৰে। পদূলিৰ নাহৰজোপাৰ কুমলীয়া পাত চিঙি পেঁপা সাজে। কেইখিলামান পাতত চিন দি থৈছে ককাকক দিব মন্ত্ৰ লিখিবলৈ। বিহুৰ দিনা যে নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালত গুজিলে ধুমুহা-বৰষুণে হানি কৰিব নোৱাৰে। ‘দেৱ দেৱ মহাদেৱ নীলগ্রীৱ জটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে’। তোমাৰ বাৰু মনত আছে নে মন্ত্ৰটো? কোনে জানো শিকালে বিহুৰদিনা এশ এক বিধ শাকেৰে ৰন্ধা আঞ্জা খালে বছৰটোলৈ বেমাৰ আজাৰ নহয়। যোৱাবাৰ বিহুৰ দিনা সেয়ে সৰু খৰাহিটো লৈ শাক বুটলি আনিছিলগৈ। নহৰু বঁটা পানী, ঘৰৰ চাৰিওফালে চটিয়াবলৈ নিদিলে গছৰ পাত সৰুৱায়। হয়তো তাই ভয় কৰে তোমাৰ দৰে যদি আমিবোৰো আঁতৰি যাওঁ তাইৰ পৰা। হয়তো তাই বান্ধি ৰাখিব বিচাৰে সময়বোৰ…জীৱনবোৰ।
বাহিৰত কেতেকীজনীয়ে বৰকৈ বিনাইছে। বসন্তৰ আগমণত তায়ো চাগৈ হেৰোৱা লগৰী বিচাৰি হাবাথুৰি খাইছে। আমনি পাইছা? আজিলৈ আৰু আমনি নকৰো দিয়া। বিহুবুলীয়া মৰমবোৰ ল’বা।
ইতি
তোমাৰ মৌ
বি:দ্ৰ: কাইলে বিহুৱানখন কাটিম। যোৱাকেইবছৰৰ দৰে সযতনে থৈ দিম তুমি অহাৰ দিনালৈ বুলি।