দেৱী আহিব নে এইবেলি শৰতত?-ইলি তালুকদাৰ
দেৱীৰ আগমনৰ আগে আগেই
পাগলী এজনী গৰ্ভৱতী হ’ল,
পিতৃ কোন নজনাকৈয়ে নিষ্পাপ ভ্ৰূণ এটিয়ে থিতাপি ল’লে
তাইৰ গৰ্ভত৷
তাইৰ অবিন্যস্ত জটলা চুলি,
তাইৰ লেতেৰা শৰীৰৰ
সুতীব্ৰ আকৰ্ষণত বন্দী হ’ল
কোনোবা লুতপুতীয়া অসুৰ৷
শিতানৰ ঢিমিক-ঢামাককৈ জ্বলি থকা চাকিগছিও নুমাই থাকিল
ৰাক্ষসৰ দুৰ্গন্ধ নিশ্বাসত৷
ঘন ক’লা ৰাতিৰ এন্ধাৰক লজ্জিত কৰি
পাগলীৰ শোৱাপাটীত আসুৰিক আদিম ক্ষুধাৰ বন্যাত
উটি গ’ল এটা অসুৰ৷
এদিন তাই নজনাকৈয়ে গৰ্ভৱতী হ’ল
আৰু এদিন একো বুজি নোপোৱাকৈয়ে
ফুটপাথতে সূৰুযৰ পোহৰ দেখিলে
এক অবোধ ফুলকুমলীয়া শিশুৱে৷
সেয়েহে সুধিছোঁ….
দেৱী আহিবনে বাৰু এইবেলি শৰতত?
নে এইবেলি পাগলীকে সজাওঁ দেৱী!
তোলক তাণ্ডৱ
যৌন ক্ষুধাৰ পিশাচী ৰূপত মত্ত
আন এটা মহিষাসুৰক
গ্লানিৰ বজ্ৰ আচোৰেৰে
আঁচুৰি নিৰ্মল কৰক
তীব্ৰ তেজাল তাইৰ ক্লেদাক্ত শৰীৰ৷