“দৈনন্দিন” (দিগন্ত কুমাৰ ভট্টাচার্য)
বৰুৱাহঁত মুম্বাইলৈ অহা এবছৰেই হ‘ল| বিয়া হোৱা দুবছৰতকৈ বেছি হোৱা নাই তেওঁলোকৰ। অসমৰ দুখন সৰু চহৰ, পিছত উৰিষ্যাৰ আন এখন সৰু চহৰত থকাৰ পিছত ডাইৰেক্ট স্বপ্ননগৰী মুম্বাইলৈ ট্ৰান্সফাৰ হোৱাত বৰুৱাপত্নীৰ আনন্দৰ সীমা নোহোৱা হৈছিল| বৰুৱাৰ কিন্তু স্বপ্ন, মায়া এই শব্দবোৰ বুজি পাবলৈ বহু দিন লাগিল|
মুম্বাইলৈ অহাৰ দুমাহ মান পিছত, এদিন বৰুৱাপত্নীয়ে ক‘লে, ‘হেৰা মই হেয়াৰ ষ্ট্ৰেইটেনিং কৰিম বুলি ভাবিছো|’
‘মানে?’
‘মানে চুলি চিধা| আজিকালি ইয়াত সকলোৱে কৰে| পইচা অলপ দি যাবা আজি|’
‘সৰস্বতী পূজাৰ দিনা ফুল গুজি লোৱা তোমাৰ এই কেকোঁৰা চুলিৰেই প্ৰেমত পৰিছিলো মই| নালাগে দিয়া নহ‘লে‘| বৰুৱানীৰ মুখখন লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিলে, বৰুৱাৰ মানী-বেগটো অট‘মেটিক বেক পকেটৰপৰা আহি হাত পালে|
‘কিমান লাগিব?’
‘ছয় হাজাৰমান লাগিব চাগে‘|
‘কি কোৱাহে? জন্মৰেপৰা আজিলৈ মই কিজানি মুঠ ইমান টকা চেলুনত চুলি কটাওতে খৰচ কৰি পোৱা নাই| তোমাক চুলিখিনি ইস্ত্ৰী কৰাবলৈয়ে ইমান টকা লাগে নে?’
বৰুৱাপত্নীৰ চুলি ষ্ট্ৰেইট হ‘ল। পত্নীৰ নতুন ৰূপ, বৰুৱাই সিমান বেয়াও নাপালে।
লাহে লাহে এটি নতুন নিচাই লগ দিলে বৰুৱাপত্নীক -মললৈ গৈ শ্ব‘পিং কৰা আৰু কে.এফ.চি নহ‘লে মেক্ ডিত বাৰ্গাৰ আৰু চিকেন লেগ খোৱা|
‘এইবোৰ খালে দুদিনতে কিন্তু চাইজ দুগুণ হ‘ব‘| বৰুৱাৰ সতৰ্কবাণী। বৰুৱানীয়ে নুশুনে|
‘তুমি কি বুজিবা? পৰহি ইভিনিং ৱাক‘ত মিচেছ গুপ্তাহঁতে মেক্ ডিৰ নতুন মেক্সিকান স্পাইচ চিকেন বাৰ্গাৰৰ ওপৰত ডিচকাছ কৰি আছিল| মই লাজতে মৰি যোৱা যেন হ‘লো, একো মুখেৰে মাতিব নোৱাৰি নিজকে কিবা বেল যেন লাগিল‘।
সিদিনা বৰুৱাহঁত শ্বপিং কৰিবলৈ গৈ মেক-ডিত সোমাল| বৰুৱা লাইনত ঠিয় হৈ কেনেকে ক‘ম, কি ক‘ম মুখৰ ভিতৰতে আওৰাই আছে| বৰুৱানী ৰৈ আছে অলপ দূৰত|
হঠাতে এজনী বয়সীয়াল তিৰোতাই ঠিয় হৈ তেওঁ বহি থকা চকীখন আগবঢ়াই দিলে বৰুৱানীলৈ| বৰুৱানী অলপ অপ্ৰস্তুত হ‘ল|
‘আৰে বেটি, এনেকুৱা সময়ত বেছি দেৰি ঠিয় হৈ থকাটো ভাল নহয়‘|
বৰুৱানীয়ে একো নুবুজি ভেবা লাগি মানুহজনীৰ মুখলৈ চাই ৰ‘ল|
‘কিমান মাহ চলি আছে?’ বৰুৱানীক মূৰৰপৰা ভৰিলৈ চাই সুধিলে তেওঁ|
‘নাই, মই প্ৰেগনেন্ট নহয়‘, উশাহটো চেপি ধৰি পেটটো ভিতৰলৈ নিয়াৰ এক বৃথা চেষ্টা কৰি বৰুৱানী আহি বৰুৱাৰ কাষ পালে|
‘ব‘লা, নাখাওঁ বাৰ্গাৰ|’
‘হয় দিয়া, এইবোৰতকৈ ঘৰতে ডাইল-ভাত খাওঁগৈ|’, বৰুৱাই মুখ টিপি হাঁহিলে।
‘ঘৰ নাযাওঁ| বস্তু এটা কিনিম বুলি ভাবিছো….‘।
‘কি?’
‘ট্ৰেডমিল! আজিকালি সকলোৰে ঘৰতে থাকে‘।
ঘৰলৈ ট্ৰেডমিল আহিল| বৰুৱানীয়ে দুযোৰ ট্ৰেকচুট আৰু স্প‘ৰ্টচ শ্বুও ল‘লে| লগতে এটা জুছ মেকাৰ| প্ৰথম দুদিনমান জোৰদাৰ ব্যৱহাৰ হ‘ল ট্ৰেডমিলটোৰ| এদিন ৰাতিপুৱা কাম কৰা বাইজনীলৈ চাই চাই বৰুৱানীয়ে ফুচফুচাই ক‘লে বৰুৱাক ‘হেৰা, তাইক চোৱাচোন| কেনে ধুনীয়াকৈ ফিগাৰ মেইনটেইন কৰিছে‘|
‘ফুচফুচাই নক‘লেও হ‘ব| তাই অসমীয়া বুজে নেকি? মেইনটেইন কৰা কথা যে কৈছা, আচলতে কৰিম বুলি কৰা নাই| নিজে নিজে মেইনটেইনড্ হৈ গৈছে| ঘৰ সৰা-মঁচা এইবোৰ কম এক্সাৰচাইজ নে?’
‘শুনা না, মই কথা এটা ভাবিছো………‘।
না ৱাৰ্ণিং, না ন‘টিচ পিৰিঅ‘ড। বৰুৱাৰ ঘৰত বাইজনীৰ সিদিনাই শেষ দিন হ‘ল| পিছদিনাৰপৰা এক বিশেষ উৎসাহেৰে বৰুৱানীয়ে পুৱা উঠিয়ে বাচন ধোৱা, ঘৰ সৰা-মঁচাত লাগি যায়| পুৱাৰ চাহকাপলৈ অপেক্ষা কৰি কৰি বৰুৱাৰ সপ্তাহৰ তিনিদিনেই অ‘ফিচলৈ লেট হোৱা হ‘ল|
দুখন ট্ৰেইন সলাই ঘৰ আহি পাওঁতে বৰুৱাৰ ৰাতি নটা বাজে| সেইখিনি সময়ত বৰুৱাপত্নী ব্যস্ত থাকে জিটিভিত| দহটাৰপৰা স‘নীত|
‘হেৰা, আজি ভাত বনাবা জানো? কালিৰ বাচনবোৰ দেখো তেনেকৈয়ে আছে পৰি|’
‘ৰ‘বানা, আজিৰ এপিছ‘ডটো যে মিছ কৰিব নোৱাৰিম| তলৰ নায়াৰৰ ঘৈণীয়েকে কৈছে আজি হেনো নটাশা কাৰ্তিকৰ ঘৰলৈ আহিব| মই ক‘লো হ‘বই নোৱাৰে, মাকে তাইক কিয় আহিবলৈ দিব? শেষত তাই বাজী মাৰিব খুজিলে, জানা| বেছি জনা দেখুৱাই, যেন স্ক্ৰিপ্ট তাইক সুধিহে লিখে| চাওঁ ৰ‘বা কি হয়| আজি নহ‘লে পিজাকে অৰ্ডাৰ কৰি দিয়া|’
বৰুৱাই ‘পিজা হাট‘ৰ নম্বৰটো টিপি কথা পাতিবলৈ বেলক‘নীলৈ ওলাই যায়| ট্ৰেডমিলটো লিভিং ৰুমৰ পৰা নিৰ্বাসিত হৈ বেলক‘নীৰ এচুকত পৰি আছে| ট্ৰেডমিলৰ হেন্ডেল দুডাল এতিয়া কাপোৰ মেলি দিয়া কামত ব্যৱহাৰ কৰা হয়| তিনিটা ফুলৰ টাব থোৱা হৈছে ট্ৰেডমিলটোৰ ওপৰত| বৰুৱাই দেখিলে টাব কেইটাৰ যেন আকাৰ সৰু হৈ গ‘ল হঠাতে। ফুলকেইজোপাও শুকাই-খীনাই লাহী হ‘ল। বৰুৱাৰ এনে লাগিল ট্ৰেডমিলটোত বহি বহিয়েই যেন শ্লিম হৈ গ‘ল বেচেৰাহঁত॥