দ্বিতীয় খণ্ড: নাম-অপৰাধ
৷৷ দ্বিতীয় খণ্ড৷৷
৷৷ নাম–অপৰাধ৷৷
৷৷ প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
কৰিও হৰিৰ চৰণে ৰতি৷
কলিত হৰিৰ নামেসে গতি৷৷৫৷৷
পদ৷৷
পদ্মপুৰাণৰ স্বৰ্গ খণ্ডত৷
নিৰূপি আছে কলি ধৰ্ম্ম যত৷৷
তাক শুনা আৱে একান্ত চিতে৷৷
যাৰ ইছা আছে ভৱ তৰিতে৷৷৩৪৷৷
আছে চাৰিসিদ্ধ জ্ঞানী পৰম৷
ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম৷৷
তাসম্বাক পায়া নাৰদ ঋষি৷
পুছিলা সংশয় কথা হৰিষি৷৷৩৫৷৷
ঈশ্বৰ ভগৱন্ত কৃপাময়৷
কহিছা যিটো মহাপাপচয়৷৷
কেন মতে হোৱে বিনাশ তাৰ৷
কলিত কোন পুণ্যে পাই পাৰ৷৷৩৬৷৷
কহিয়া ছেদিয়ো সংশয় যত৷
চাৰিও তোৰা মহাভাগৱত৷৷
শুনিয়া সনত কুমাৰ মুনি৷
দিলন্ত উত্তৰ মনত গুণি৷৷৩৭৷৷
গোৱিন্দৰ প্ৰিয় নাৰদ শুনা৷
ভাগৱত ধৰ্ম্ম আপুনি জানা৷৷
হৌক মোক্ষ বুলি সৱে লোকৰ৷
কৰিলা প্ৰশ্ন সংসাৰত সাৰ৷৷৩৮৷৷
যেন মতে পাৱে সংসাৰ পাৰ৷
শুনা সাৱধানে উত্তৰ তাৰ৷৷
সদায়ে এড়িল আচাৰ ধৰ্ম্ম৷
নভৈল যাৰ কিছু জাতকৰ্ম্ম৷৷৩৯৷৷
শঠবুদ্ধি যিটো জগত বঞ্চৈ৷
দম্ভ অহঙ্কাৰ সদা নুগুচৈ৷৷
সুৰাপায়ী চাতুকাৰ চাণ্ডাল৷
নিষ্ঠুৰ বাক্য বোলৈ সৰ্ব্বকাল৷৷৪০৷৷
পুত্ৰ দাৰা ধন আতেসে ৰতি৷
সৱাতো অধম যি পাপমতি৷৷
সিসৱো পাপত হোৱৈ তৰণ৷
যদি হৰি পদে লৱৈ শৰণ৷৷৪১৷৷
দেৱতো উত্তম কৰুণাকৰ৷
মুকুতি পাৱৈ যাত চৰাচৰ৷৷
যিটো থাকৈ তান দ্ৰোহ আচৰি৷
ভজিলে তাকো নিস্তাৰন্ত হৰি৷৷৪২৷৷
যিটো মন্দমতি অধম নৰে৷
হৰিৰো মহা অপৰাধ কৰে৷৷
নামত শৰণ লৱে বাৰেক৷
নামে হৰে তাৰ সৱে পাতেক৷৷৪৩৷৷
সুহৃদ হৰি নাম সমস্তৰে৷
তাৰো অপৰাধ যি নৰে কৰে৷৷
তাহাৰ ৰক্ষাৰ নাহি উপায়৷
অৱশ্যে সিটো অধোগতি যায়৷৷৪৪৷৷
হৰিয়ো ৰাখিবে নৱাৰে তাক৷
শুনিয়া নাৰদে বুলিলা বাক৷৷
নামৰ কোন অপৰাধগণ৷
লোকৰ যিটো পুণ্য কৰে ছন৷৷৪৫৷৷
পাপক সঞ্চি যায় অধোগতি৷
কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি৷৷
শুনি মুনি বাক্য বুলিলা তথা৷
পুছিলা পৰম ৰহস্য কথা৷৷৪৬৷৷
পূৰ্ব্বত কহিলা মোত শঙ্কৰে৷
প্ৰকাশিবো আক তোহ্মাৰ তৰে৷৷
শুনা যেন যেন দ্ৰোহ নামৰ৷
হৰি হৰি বোলা সমস্ত নৰ৷৷৪৭৷৷
৷৷ দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
ঘুষিয়ো হৰি হৃদি ৰূপ ধৰি৷
নাহি আন পুণ্য নামক সৰি৷৷৬৷৷
পদ৷৷
ভকতক নিন্দা কৰৈ অধম৷
জানিবা নামৰ দ্ৰোহী পৰম৷৷
যাত হন্তে ভৈলা নামৰ খ্যাতি৷
তাৰ কি নিন্দা নামে সহে আতি৷৷৪৮৷৷
গুণনাম যত বিষ্ণু শিৱৰ৷
তাক ভিন্ন বুদ্ধি কৰৈ যিটো নৰ৷৷
নামৰ সিও মহা অপৰাধী৷
নৰকত পৰৈ দৈৱে নবাধি৷৷৪৯৷৷
যিটো পাপী কৰৈ গুৰুক হেলা৷
বেদকো নিন্দৈ যদি কোনো বেলা৷৷
নামৰ ইয়ো দুয়ো অপৰাধ৷
ভুঞ্জিৱে যাতনা নাহিকে বাধ৷৷৫০৷৷
হৰিৰ নামে কৰৈ অৰ্থবাদ৷
নামৰ মহিমা কৰৈ উছাদ৷৷
সিজনো নামৰ দ্ৰোহী পৰম৷
নৰকে পচৈ নাহি তাৰ জন্ম৷৷৫১৷৷
নামত বলে কৰৈ পাপ বুদ্ধি৷
অষ্টাঙ্গযোগে তাৰ নাহি শুদ্ধি৷৷
নাম অপৰাধী সিও পৰম৷
ভুঞ্জিবে যাতনা অনেক জন্ম৷৷৫২৷৷
ধৰ্ম্ম হোম ব্ৰত তীৰ্থত স্নান৷
যতেক আছৈ মহাযজ্ঞ দান৷৷
আক এৰে কৰে নামক সৰি৷
কতনো যাতনা ভুঞ্জিবে মৰি৷৷৫৩৷৷
নামক কীৰ্ত্তন কৰন্তে আনে৷
আন মন কৰি নুশুনে কাণে৷৷
অধক যাই সিয়ো হোৱৈ কলা৷
বাইবেক কাণত তপত শলা৷৷৫৪৷৷
নাহিকে শ্ৰদ্ধা নপাতয় কাণ৷
তাক যিটো দেয় নামক দান৷৷
নামৰ দ্ৰোহী নাহি তাত পৰে৷
ভুঞ্জাইবে যাতনা যম কিঙ্কৰে৷৷৫৫৷৷
শুনিয়া নামৰ মহিমা নীতি৷
তথাপি নামত নকৰৈ প্ৰীতি৷৷
নামৰ দ্ৰোহী সিও অহঙ্কাৰী৷
ভুঞ্জিবেক কাকে জিহ্বা উভাৰি৷৷৫৬৷৷
এহি দশ অপৰাধী নামৰ৷
আহ্মাত কৃপায়ে কহিলা হৰ৷৷
পূৰ্ব্বত সমস্ত মুনিৰ আগে৷
তোহ্মাত আৱে কৈলো অনুৰাগে৷৷৫৭৷৷
নামৰ দ্ৰোহ নেৰৈ যিটো জানি৷
পাপত পচৈ সিও মন্দ প্ৰাণী৷৷
মাতৃক ক্রোধে তেজৈ যেন অন্ন৷
দুঃখ মাত্ৰ পাৱৈ বালকগণ৷৷৫৮৷৷
এৰিয়া অপৰাধ দেৱ ঋষি৷
নামত যতন কৰা হৰিষি৷৷
নামেসে কৰিবে পৰম সিদ্ধি৷
হৰিৰ নাম জগতৰে নিধি৷৷৫৯৷৷
পুছিলা নাৰদ মুনি দুনাই৷
যাহাৰ বিজ্ঞান বৈৰাগ্য নাই৷৷
সদায়ে মজি আছৈ বিষয়তে৷
এৰাইবে নামৰ দ্ৰোহ কিমতে৷৷৬০৷৷
সনত কুমাৰে দিলা উত্তৰ৷
নামৰ দ্ৰোহী যিটো পাপী নৰ৷৷
সততে ফুৰৈ হৰি নাম গাই৷
তেৱেসে নামৰ দ্ৰোহ এড়াই৷৷৬১৷৷
স্বৰূপ শুনা ঋষি উদাসীন৷
যিজন নাম অপৰাধহীন৷৷
হৰিৰ তেৱে একে নামে তৰৈ৷
শুনৈ বা ভণৈ বা মনত স্মৰৈ৷৷৬২৷৷
কহিলা ৰহস্য মোত শঙ্কৰে৷
আক যিটো নৰে কীৰ্ত্তন কৰে৷৷
মুকুতি পাৱৈ এৰাই অপৰাধ৷
কহিলো নাৰদ নাহিকে বাধ৷৷৬৩৷৷
পৰম বান্ধৱ হৰিৰ নাম৷
যিজনে আক লৱৈ অৱিশ্ৰাম৷৷
তাৰ সাত কাৰ্য্য সাধিবে দেখা৷
প্ৰতি প্ৰতি লোৱা সাতৰো লেখা৷৷৬৪৷৷
প্ৰথমে দহিবে পাতকচয়৷
কৰিবে মহাপুণ্য অভ্যুদয়৷৷
কৰাইবে বিষয়ত বিৰকতি৷
কৃষ্ণত পৱাইবে প্ৰেম ভকতি৷৷৬৫৷৷
উপজাইবে আতি বৈষ্ণৱ জ্ঞান৷
মায়াকো দহিয়া কৰৈ নিৰ্য্যাণ৷৷
চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি৷
থৈবন্ত তেন্তে এৰে একে কৰি৷৷৬৬৷৷
তেৱেসে নাম হৈব উপশান্ত৷
কহিলো পৰম তত্ত্ব একান্ত৷৷
নাম বিনে নাহি কলিত গতি৷
কলিৰ লোক হুইবে পাপমতি৷৷৬৭৷৷
অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ৷
জানিবা কলিত নামেসে সাৰ৷৷
কলিত সদা নুসুমৰৈ হৰি৷
হেলাতে মৰৈ আত্মঘাত কৰি৷৷৬৮৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
মনুষ্য জন্মক নপায় সেন্থৰে৷৷
আকো বৃথা কৰা কিনো অভাগী৷
মাণিক্যক বিকা কাঞ্চক লাগি৷৷৬৯৷৷
কেতিক্ষণে কিবা মিলৈ বিঘাত৷
তথাপি চেতন নাহিকে গাত৷৷
আজি কালি কিবা মিলৈ মৰণ৷
হৰিৰ নামত লৈয়ো শৰণ৷৷৭০৷৷
নকৰিবা নিন্দা মোক মহন্তে৷
আসিল শাস্ত্ৰ বাৰাণসী হন্তে৷৷
তাহাঙ্ক চাই নিবন্ধিলো পদ৷
হৰি হৰি বুলি তৰা আপদ৷৷৭১৷৷
৷৷নাম–অপৰাধ সমাপ্ত৷৷২৷৷