দৰঙীয়া লিমাৰিক (ধৰ্মজ্যোতি ভট্টাচাৰ্য্য)

scan0010

 

 

১)

ঝকৰা ভাতে আলু পোৰায়ে খাৱা আমি হ’লো দৰঙীয়া ঝিয়া লিকিৰা

বিহু আহিলেই আমাৰ আই বাইহাঁতে ঢেখলত খুন্দেই চিৰা

ডেকাবোৰ নহয় অশান্ত

ঝিয়াগিলাকো শান্ত

মন বেয়া লাগছি যেদি আমাৰ দৰঙতেই আহি এপলক জিৰা।।

২)

ঐতিহ্যমণ্ডিত দৰঙৰ ৰজা ভগদত্ত

কিমানজনে জানেই তেওঁক ব্যক্তি স্বাৰ্থতহে মত্ত

মংগলদৈ মিউজিয়াম

তাত গ’লে সকলো পাম

আমি হ’লো দৰঙী পণ্ডিত পিতাম্বৰ সিদ্ধান্তবাগীশৰ পুত্ৰ

৩)

উত্তৰে ভূটান, পূবে শোণিতপুৰ

গুৱাহাটীও নহয় আমাৰ পৰা বেছি দূৰ

নাই ৰেলৰ সুবিধা

কামবোৰত নানা বাধা

হ’বনে কোনোবাদিনা আমাৰ অসুবিধাবোৰ পূৰ

৪)

নিদিওঁ আমি লেবেল, নহওঁ আমি যন্ত্ৰ

সৎ কাম কৰাটোৱেই হ’ল আমাৰ মূলমন্ত্ৰ

ফেচবুকত লগ হওঁ

অন্তৰ খুলি কথা কওঁ

মন্দিৰবোৰত ভৰি আছে অলেখ সাধু সন্ত

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!