দৰঙৰ লোক সংস্কৃতি: ওজাপালি (মিনতি গোস্বামী)

পৃথিৱীৰ সকলো ভাষা সাহিত্যৰ প্ৰথম অৱস্থা হৈছে লোক সাহিত্য। ঠিক সেইদৰে সাহিত্যৰ লগত জড়িত সংস্কৃতিও লোক সংস্কৃতিৰ ভেঁটিতেই গঢ় লৈ উঠে। দৰঙী কলা-কৃষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়। দৰং শব্দৰ বিশেষণ হৈছে দৰঙী। ভূপেন দাই “মঙ্গলদৈ তোমাৰে নাম হওঁক মঙ্গল তোমাৰ” গীতটিত গাইছিল-

                                “দৌৰাঙ্গ দৰং ভৈলা দেৱেৰঙ্গ কৰা

                        আৰ্য্য আছিল এহিস্থানত বৈদিক যুগৰ পৰা”

তথাপিও দৰঙৰ জনগাঁথনি বাৰে বৰণীয়া। বড়ো, ৰাভা, ব্ৰাহ্মণ, কায়স্থ, কোচ, কলিতা, মুছলমান আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ বাসস্থান এই দৰংভূমি। আহোম স্বৰ্গদেৱে স্বৰ্গৰায়ণৰ যৌতুক স্বৰূপে দিয়া ৰাজ্যখণ্ডই দৰং ৰাজ্য। এই দৰং ৰাজ্যৰ সীমা আছিল উত্তৰে গামৰি গিৰি অৰ্থাৎ ভূটান পাহাৰ, পূৱে ভৈৰৱীৰ থান বা ভৰলী নদী, দক্ষিণে শ্ৰীপাহাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু পশ্চিমে কৰতোৱা নদী। এই ভৌগলিক পৰিসীমাৰে দৰং জিলা অসমৰ এখন জিলা হিচাবে পৰিগণিত হৈছিল। অৱশ্যে এই চাৰিসীমাৰ ভিতৰত দৰং জিলা এতিয়া দুটা ভাগত বিভক্ত। দৰং আৰু শোনিতপুৰ জিলা। দৰঙৰ লোক কৃষ্টিও বৈচিত্ৰময়। দৰঙী কৃষ্টিৰ অন্যতম প্ৰধান সম্বল হৈছে ওজাপালি অনুষ্ঠান। ই হৈছে এবিধ পৰিৱেশ্য কলা। এই ওজাপালি অনুষ্ঠানৰ দুটা ভাগ আছে- ব্যাস সংগীত বা বিয়াহৰ ওজাপালি আৰু সুকন্নানী ওজাপালি। সন্ধিমতে ওজা+পালি = ওজাপালি। “ওজা” শব্দৰ অৰ্থ কোনাও বিদ্যাত পাৰ্গত লোক। যেনে মাধৱ কন্দলিৰ টোলত সকলো ছাত্ৰৰ মাজত শংকৰদেৱৰ অসাধাৰণ প্ৰতিভা দেখি ওজাছাত্ৰ পাতিছিল। আধুনিক অসমীয়া অভিধানত উল্লেখ কৰা হৈছে- সুকনান্নী আদিৰ বা বিয়াহৰ পদ লগাই দিয়া ঘাইজন ওজা। পালি হ’ল ওজা বা তেনেকুৱা ঘাই জনৰ তলতীয়া কৰ্মী। ওজাৰ লগত তাল দি গীত গোৱা মানুহ। ওজাপালি উপাধ্যায় পদটিৰ পৰা উৎপত্তি হোৱা বুলি অনুমান কৰা হৈছে। উপাধ্যায়ে বেদৰ অংশ বেতনৰ বাবে পঢ়ুৱায়। সেয়ে তেওঁৰ জীৱিকা। ওজাপালিয়েও পাৰিশ্ৰামিকৰ বিনিময়ত গীত নৃত্যাদি পৰিৱেশন কৰে। অসমত শাস্ত্ৰীয় উপাদানেৰে সমৃদ্ধ নৃত্য কেইবিধমান হ’ল সত্ৰীয়া নৃত্য, মঠ মন্দিৰৰ লগত জড়িত নটীনাচ আৰু ওজাপালি। এই নৃত্য কেইবিধৰ ভিতৰত ওজাপালি নৃত্য দৰঙত বহুল ভাৱে চৰ্চিত আৰু প্ৰচলিত।

বিয়াহৰ ওজাপালি দৰঙত সভাগোৱা ওজাপালি নামে খ্যাত। এই ধৰণৰ ওজাপালিয়ে ৰামায়ণ, মহাভাৰত, পুৰাণ, উপপুৰাণৰ পদ পৰিৱেশন কৰে। ওজাই বিশেষ ধৰণৰ সাজ পৰিধান কৰে। পালি সকলে মধ্যমুখ স্তনাকাৰ কাঁহৰ তাল বজাই গীত পৰিৱেশন কৰে। চাবতাল, জিকিৰ তাল, চৌতাল, লেছাৰি আৰু থোকাতাল গীত আৰু নাচত ব্যৱহাৰ কৰা হয়। ওজাই গুৰু বন্দনা দিয়াৰ পিছত প্ৰায় সাতাইশটামান ৰাগৰ ব্যৱহাৰ কৰে। ৰাগৰ মালিতাও আছে। এই প্ৰসংগত উল্লেখযোগ্য কথা যে পাৰস্পৰিক ভাবে চৰ্চা কৰি অহা এই ৰাগ সংগীতৰ কোনো কোনো অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতেই হেৰাই গৈছে। মঙ্গলদৈৰ ওজা স্বৰ্গীয় ধাতুৰাম শৰ্মাৰ কন্ঠত ভাৰতবৰ্ষৰ পৰা হেৰাই যোৱা বুলি অনুমান কৰা সাৰঙ্গৰাগ এটি শুনি সংগীত বিশাৰদ বিনায়ক পট্টবৰ্ধন অভিভূত হৈ পৰিছিল। আন এটি উল্লেখযোগ্য বিষয় বিয়াহৰ ওজাপালি বিশেষভাবে বাসুদেউ পূজাৰ লগত জড়িত। অন্য দেৱ-দেৱীৰ পূজাতো ব্যাসগোৱা ওজাপালি অনুষ্ঠিত কৰা হয়। যেনে সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, লক্ষ্মীপূজা, দূৰ্গাপূজা আনকি কাতিমহীয়া, জেষ্ঠমহীয়া ৰাইজৰ সবাহ আদি অনুষ্ঠানতো ওজাপালি অনুষ্ঠান পতা হয়।

মনসা পূজাৰ লগত সুকনান্নী ওজাপালিৰ ওতঃপ্ৰোতঃ সম্পৰ্ক আছে। এই সুকনান্নী ওজাপালিক মাৰৈ গোৱা, ৰং গোৱা আদি নামেৰেও জনা যায়। বেউলা লখীন্দাৰৰ কাহিনী সম্বলিত পদ্মপুৰাণৰ পদ এওঁলোকে গায়। ব্যাসগোৱা ওজাপালিৰ দৰে ইয়াত অধিক ৰাগৰ ব্যৱহাৰ দেখা নাযায়। ওজাপালিয়ে পদ পৰিৱেশন কৰোঁতে খুঁটিতাল বজায়। মনসা পূজাৰ লগত দেওধনী নৃত্যও জড়িত। বিশেষ সাজেৰে সজ্জিত হৈ দেওধনীয়ে নৃত্য পৰিৱেশন কৰে।

বিশেষকৈ সুকবি নাৰায়নদেৱে ৰচনা কৰা পদ্মপুৰাণৰ বা নাৰায়নদেৱৰ নামত মৌখিক ৰূপত চলি অহা মনসা বিষয়ক গীত পদ যিয়ে গায় সেই ওজাপালিকহে সুকনান্নী ওজাপালি বুলি কোৱা হৈছে।

ওজাইও গায়-

                                “সুকবি নাৰায়নদেৱৰ ষোড়শোপাঁচালি।

                                বেউলাৰ ক্ৰন্দনে গায় একেই লাছাৰি।।”

আকৌ “সুকবি নাৰায়নদেৱ নিগদতি”ৰ পৰা সুকনানি বা সুকনান্নী পদৰ নিষ্পত্তি হৈছে। ওজাপালি অনুষ্ঠানটিত এজন ওজা, এজন দাইনাপালি, ৩/৪ জন সাধাৰণ পালি থাকে। দাইনাপালি জন ওজাৰ সোঁহাত স্বৰূপ। ধূতি, পাঞ্জাৱী আৰু চাদৰ ওজাৰ সাজপাৰ হিচাবে বিবেচিত হয়। তাৰোপৰি মূৰত দীঘল চাদৰ এখনৰ পাগ। ওজাৰ পাগটো আগফালে মিহি। পাগটো কুহুমীয়া পাগুৰি বা জিম পাগ নামেৰে জনা যায়। ওজাই পিন্ধা অলংকাৰ সমূহ হৈছে ঢোল মাদুলী, কাণত কুণ্ডল, হাতত মুঠি খাৰু, আঙুলিত আঙুঠি, কপালত ৰঙা বা বগা চন্দনৰ ফোঁট। পালি সকলে গেঞ্জি আৰু ধূতি পৰিধান কৰে। কান্ধত এখন ফুলাম গামোছা মূৰত মৈৰাচালি পাগুৰি। মনসা পূজাত গোৱা ওজাপালিৰ গীতক দুটা ভাগত ভগাব পাৰি-

১) পূজাৰ গীত বা জাগেনি বা বহেনি গীত আৰু

২) পদ্মপুৰাণৰ গীত বা উঠেনি গীত।

জাগেনি গীত সমূহ মনসা পূজাৰ আৰম্ভণিতে পূৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰাৰ সময়ৰে পৰা পৰণ্বেশন কৰে। পূজা শেষ হ’লে জগোৱা মনসা পূজাত গোটেই ৰাতিটো পদ গায়। পিছদিনা পূজাৰ গীত গায় আৰু আবেলি সময়ত ঠিয় গীত গায়। অৱশ্যে সাঙ্গিতিক বৈশিষ্টৰ ফালৰ পৰা উঠেনি গীতখিনি তাৎপৰ্য্যপূৰ্ণ।

ওজাপালি অনু্ষ্ঠানৰ আন এটি তাৎপৰ্য্যপূৰ্ণ দিশ হল ওজা আৰু দাইনাপালিৰ কথোপকথন। পদৰ কিছু অংশ গোৱাৰ লগতে ওজা আৰু দাইনাপালিয়ে সাধাৰণ দৰ্শক শ্ৰোতাই বুজি পোৱাকৈ পদবোৰ ভাঙনি কৰে । এই সময়ত ৰসিক দাইনাপালিয়ে মূল কাহিনীটোৰ লগত সম্পৰ্ক নথকা বিষয় সামৰিও দৰ্শকক মনোৰঞ্জন দিয়ে। এবাৰ তেনেকৈ ওজাই দাইনাপালিক সুৰ লগাই সূধিলে-

“ লঙ্কাত যি জাঁপ দিয়ে তাৰ নাম কি?” দাইনাপালিয়েও উত্তৰ দিলে “ দহঅনীয়াই নাজানিলে ছয়অনীয়াৰ কি?” তাৰ অৰ্থ হ’ল আগৰ দিনত ওজাপালিক ষোল অনা অৰ্থাৎ এটকাৰ মাননি আগবঢ়োৱা হৈছিল। তাৰে দহঅনা ওজাই পাইছিল আৰু ছয়অনা দাইনাপালি আৰু পালিৰ মাজত ভগাই দিয়া হৈছিল। সেইবাবে দাইনাপালিয়ে তেনেদৰে উত্তৰ দি কৈছিল যে দহ অনা লোৱা ওজাপালিয়ে নাজানিলে ছয়অনা পোৱা দাইনাপালিয়ে কেনেকৈ সেই প্ৰশ্নৰ উত্তৰ জানিব। ওজাই পুনৰবাৰ অনুৰোধ কৰাত দাইনাপালিয়ে উত্তৰ দিলে যে-

                                “লঙ্কাত যি জাঁপ দিয়ে বীৰ হনুমান

                                আজিৰ পৰা হওঁক তেন্তে সমান সমান”

এনে ধৰণৰ ৰসিক বৰ্ণনাই দৰ্শক শ্ৰোতাক যথেষ্ট আমোদ দিয়ে। অৱশেষত গীত পদ গাওঁতে বিভিন্ন অপৰাধ হব পাৰে। গৃহস্থ, গাওঁতা, শুনোঁতা সকলোৰে দোষ মৰিষণ কৰিবৰ বাবে ওজাপালিয়ে এনেধৰণৰ স্তুতিসূচক পদ গাবলৈ ধৰে-

                                অপৰাধ বিনাশন তযু নামে নাৰায়ণ।

                                        জানি নামে পশিলো শৰণ।।

এনেদৰে ওজাপালিয়ে অপৰাধ ক্ষমাপ্ৰাৰ্থনা পদগোৱাৰ লগে লগে পুৰোহিতেও মন্ত্ৰ উচ্চাৰণ সহিতে দেৱী বিসৰ্জন দিয়ে। বিদায় পৰ্বত ঢোল তাল বজায় আৰু সামৰণিৰ আগে আগে পূজা মণ্ডপত থকা ধানৰ লক্ষ্মী দুনৰি টো গৃহস্থই মূৰত লৈ ভঁৰালঘৰৰ সন্মুখত থবলৈ নিওঁতে ওজাপালিয়ে আগবঢ়াই লৈ যায়।

কেইবাদিনো ব্যাপি অনুষ্ঠিত হোৱা মনসাপূজাক মাৰৈ পূজা বোলা হয়। এনে পূজাত এযোৰাতকৈ অধিক ওজাপালিৰ প্ৰয়োজন হয় । সভাগোৱা বা বিয়াহৰ ওজা বিশেষকৈ দুদিনীয়া গোন্ধচাপৰি সভা, স্বৰস্বতী পূজা, বিশ্বকৰ্মা পুজা, লক্ষ্মীপূজা, দূৰ্গাপূজাত অনুষ্ঠিত হয়। বিশেষকৈ বিষ্ণুপূজাৰ আগদিনা অৰ্থাৎ অধিবাসৰ দিনা এইবিধ ওজাপালিৰ প্ৰয়োজন হয়। আনহাতে পাচেতি অনুষ্ঠানৰ আগদিনা অৰ্থাৎ গোন্ধৰ দিনা গোটই নিশা ওজাপালি অনুষ্ঠান পৰিৱেশন কৰা হয়।

দৰঙী সংস্কৃতিৰ এক অনবদ্য অনুষ্ঠান ওজাপালিক বাদ দি আমি অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰোঁ। কাৰণ শাস্ত্ৰীয় গুণসম্পন্ন লোকসংস্কৃতি ওজাপালি এনে এটি আকৰ্ষণীয় অনুষ্ঠান যিয়ে আমাক নাটক, পদ্য, কাহিনী সকলোবিধ সাহিত্যৰে সোৱাদ দিয়ে। অসমীয়া সংস্কৃতি থাকে মানে এই অনুষ্ঠানতি আমাৰ মাজত জীয়াই থাকিব।

লেখিকাৰ ঠিকনা

মিনতি গোস্বামী,এম এ,বি এড

বিষয় শিক্ষয়িত্ৰী , বল্লভভাই পেটেল উ: মা: বিদ্যালয়

পো:অ: কৌপাতি

দৰং, অসম

পিন-৭৮৪১১৩

2 thoughts on “দৰঙৰ লোক সংস্কৃতি: ওজাপালি (মিনতি গোস্বামী)

  • November 1, 2014 at 8:31 pm
    Permalink

    Lekhatu parhi bhal lagil.Darangi kala kristi jiai thakar kamanare……. Apunar ghar Deomarnait neki? Udayan Goswamir bhaniek jadi Mangaldai collegeat lag paiso .udayan Goswamir lagat hostelat asilo.

    Reply
  • March 21, 2017 at 3:21 pm
    Permalink

    apunar likha to pohi val lagil.but muk darrang district r sipajhar(maroi) r history tur alop proijon asil.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!