দৰদাম ( নৱ কোঁৱৰ )

Dordam_Naba Konwar

চকুলোৰে সেমেকা দুটি সজল চকুত চচমা
সন্মুখত নিথৰ ভাস্কাৰ্য্য
ফটিকাৰ ৰাগী তেতিয়াও পূৰঠ নহয়
জুৱাৰ মঠৰ পৰা তুলিঅনা নোটখনৰ অবিকল….
সাইলাখ তোমাৰ দৰে
কেতিয়াও নোখোলা ডাঠ কাঁচৰ ফাঁকেৰে
মুখত হাঁহিৰ তাচ্চিল্য
তথাপিও কিয় বাৰু হেৰাই দৃষ্টি
জুৱাৰ মঠত বৈধ হয় অহিংসাৰ বাণী
তোমাৰ সতে দৰদাম হয় কোনোবা বেশ্যাৰ ৰজনী
আঁঠু মূৰীয়া চুৰীয়া পিন্ধি সোনৰ সতে ৰিজনি
ফটিকাৰ ৰাগীত মতলীয়া
বাৰে বাৰে মোচৰে হাতৰ মুঠিত নতুবা গধুৰ জেপত
তথাপিও অক্ষত চচমাৰ কাঁচ
বাৰে বাৰে হত্যাক সাৱটি
অনুচ্চস্বৰে উচ্চাৰিত হয়নে –
হে ৰাম

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!