ধানৰ ভৰত হালি পৰিছে তেওঁৰ মুখৰ মাত – কুশল দত্ত

১.
ধানৰ ভৰত হালি পৰিছে তেওঁৰ মুখৰ মাত
হালি পৰা হেঁপাহে বুৰাই পেলাইছে তেওঁক মোৰ দুচকুৰ পৰা

তেওঁলৈ বাঢ়ি অহা সাঁচতীয়া হেঁপাহৰ দৰে
বাঢ়ি আহিছে শীতৰ এই চেঁচা উৰুঙা নিশাৰ নিঃসংগতা

নিসংগতাৰ অৱগাহনত অদৃশ্য আঁচলেৰে তেওঁ
ধানে ঢাকি ধৰাৰ দৰেই এই যেন ঢাকি ধৰিবহি মোক!

২.
ধানে ঢাকি ধৰাৰ দৰে অদৃশ্য আঁচলে আহি সাবটি ধৰাৰ পাছত
এজন স্কিৎজ্জ’ফ্ৰেনিক ৰোগীৰ দৰেই পথৰুৱা বাটটোৰে উভতি
অনুসৰণ কৰিছোঁ সেই পদধ্বনি

ধাননিৰ মাজত মোৰ হেৰুওৱা সপোনৰ অৱশিষ্ট বিচাৰি?

৩.
ধানৰ ভৰত হালি পৰিছে তেওঁৰ মুখৰ মাত
হালি পৰা হেঁপাহে বুৰাই পেলাইছে তেওঁক মোৰ দুচকুৰপৰা

চহাই মৈয়াই সিঁচি গাখীৰতী কৰি তোলা তেওঁৰ পথাৰত
তেওঁকে বিচাৰি বাৰে বাৰে ডুব যাওঁ মই

মোৰ ধাননিৰ মাজত মোকে হেৰুৱাই
মোকে বিচাৰি ব্ৰহ্মাণ্ড চলাথ কৰাৰ দৰে?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!