ধুপ-ধাপ ফটকা ফুটিছে । (সকলোলৈকে দীপাৱলীৰ শুভেচ্ছাৰে – নিতুল বৰা)
দেৱালী, দীপাৱলী, যিয়ে যিয়েই নোবোলক, জন্মলগ্নৰে পৰা শুনি অহা এটি চিৰপৰিচিত নাম। প্ৰতিবছৰে পোহৰৰ উত্সৱ হিচাপে হিন্দু ধৰ্মাৱলম্বী সকলৰ মাজত পালিত এটি উত্সৱ। আনহাতে ৰামায়ণৰ মতে পিতৃ আজ্ঞা পালন কৰি শ্ৰীৰামচন্দ্ৰই ১৪ বছৰ বনবাসৰ অন্ত ৰাজ্যলৈ ঘুৰি অহাৰ দিন আছিল এই দেৱালী বা দীপাৱলীৰ দিনটো। যিহেতু দীপাৱলীৰ নিশা অমাৱশ্যাৰ ঘোৰ আন্ধাৰে চাৰিও দিশ আবৰি আছিল, সেয়ে সমগ্ৰ ৰাজ্যৰ প্ৰজাগণে শ্ৰীৰামচন্দ্ৰৰ আগমনৰ বাতৰি পাই আনন্দতে ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ চৌহদত বন্তি প্ৰজ্বলনেৰে আৰু আতচ বাজিৰে পোহৰাই তোলে, যাতে শ্ৰীৰামচন্দ্ৰ পত্নী সীতাৰ সহিতে ৰাজমহললৈ অনায়াসে আহিব পাৰে। তাৰোপৰি কথিত আছে যে ভগৱান শিৱৰ পত্নী পাৰ্বতীয়ে কালী ৰূপ ধাৰণ কৰি পৃথিৱীত থকা অসুৰবোৰ এফালৰ পৰা বধ কৰি আহোঁতে মানুহকো কাটি-মাৰি শেষ কৰি আহিবলৈ ধৰিলে। কালী দেৱীয়ে মৃত মানুহৰ মুণ্ডৰ মালা পৰিধান কৰি ধুমুহা গতিৰে আগবাঢ়ি এফালৰ পৰা যাকে য’তে পালে কাটিমাৰি নিঃশেষ কৰিবলৈ ধৰিলে। তেতিয়া স্বয়ং শিৱই কালীৰ এই ৰূপ দেখি পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ কালীদেৱী অহাৰ বাটতে শুই দিয়ে আৰু কালীদেৱী খঙৰ ভমকত তীব্ৰগতিৰে আহি থাকোঁতে তেওঁৰ খোজ স্বামীৰ বুকুতে পৰাত নিজ ভুলৰ বাবে লগে লগে শান্ত হ’ল, সেয়ে কালী দেৱীয়ে জিভা মেলি দিলে। স্বয়ং শিৱই পৃথিৱীবাসীক এইদৰে ৰক্ষা কৰাৰ বাবে তেতিয়াৰে পৰাই প্ৰতিঘৰ মানুহে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি এই পোহৰৰ উত্সৱ দীপাৱলী পালন কৰি আহিছে। এইবছৰো অহা কালিলৈ দিনটো পোহৰৰ উত্সৱ হিচাপে পালন কৰা হব। কিন্তু বহুতেই হয়তো নাজানে কিয়নো পাতে এই উত্সৱ..? কিয়নো ঘৰে ঘৰে, পদুলিয়ে পদুলিয়ে বন্তি প্ৰজ্বলন কৰা হয়, ইয়াৰ প্ৰকৃত কাৰণেই বা কি..? যি নহওঁক জনাকৈ বা নজনাকৈ হলেও এই উত্সৱ সকলোৱে পালন কৰি আহিছে সেয়া আমাৰ বাবে সু-খৱৰ।
কিন্তু দেখা গৈছে যে বিগত কিছু বছৰৰ পৰা এই উত্সৱত ব্যৱহাৰ হোৱা আতচ বাজি বা ফটকাৰ বজাৰখন বিদেশত উত্পাদিত সামগ্ৰীয়ে গ্ৰাস কৰি পেলাইছে। বৰপেটাৰ থলুৱা ফটকা নিৰ্মাতা সকলক আওকাণ কৰি এচাম মধ্যভোগীয়ে বিদেশত উত্পাদিত সামগ্ৰী (বিশেষকৈ চীনা সামগ্ৰী) উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ সমূহ অধিগ্ৰহণ কৰিবলৈ ধৰিছে, যিয়ে থলুৱা ফটকা উত্পাদিত সৰু-বৰ কাৰখানা সমূহলৈ বিপদ চপাই আনিছে। কিয়নো কম সময়ৰ ভিতৰত কেইটামান দিনতেই ভাৰতবৰ্ষৰ পৰা কোটি কোটি টকা বহিঃৰাষ্ট্ৰলৈ ওলাব যাব যে সেয়া ধুৰূপ। এই ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ভাবোঁ।
ইয়াৰ মাজতে এচাম অসমীয়াই দীপাৱলী বা দেৱালীৰ নামত প্ৰয়োজনতকৈ অধিক ফটকা ক্ৰয় কৰি বা ফুটাই নিজৰ সঞ্চিত ধন পানীৰ দৰে অপচয় কৰি বহিঃ ৰাষ্ট্ৰলৈ অৰিহণা যোগাইছে। আজিৰ অসমীয়াৰ মাজত কোনে কিমান ফটকা ফুটাই আভিজাত্য দেখুৱাব পাৰে তাৰ যেন এক অঘোষিত প্ৰতিযোগিতাতহে প্ৰতিদ্বন্দিতা কৰিছে এনে লাগে। তাৰ মাজতে আকৌ, দুই এক চতুৰ কৰ-বিভাগৰ বিষয়া, কৰ্মচাৰী, আৰক্ষী বিভাগৰো কৰ্মচাৰীয়ে দীপাৱলীৰ এই দিনকেইটাত বজাৰলৈ গৈ বিদেশত উত্পাদিত সামগ্ৰীৰ ৰোধৰ অজুহাতত থলুৱা ফটকা বেপাৰীৰ ওপৰত, ভূতৰ ওপৰত দানৱ পৰা দি পৰা পৰিলক্ষিত হয়। এই সকল চতুৰ বিষয়াই কেতিয়াও নিজৰ গাঁঠিৰ ধন ভাঙি দীপাৱলীত ব্যৱহাৰ কৰিবলৈ ফটকা ক্ৰয় নকৰে, এওঁলোকে ফটকা বেপাৰীবোৰক ভয় দেখুৱাই কাৰ্ট’নে কাৰ্ট’নে ফটকা ক্ৰয় কৰে বা জব্দ কৰে, আৰু পিছত সেইবোৰ নিজৰ পৰিয়াৰ মাজত বিতৰণ কৰি আভিজাত্যৰ ফোঁপোলা স্বৰূপটো ওচৰ চুবুৰীয়াৰ মাজত দেখুৱাবলৈ অযথা চেষ্টা কৰাও দেখা যায়। এইদৰে অপ্ৰয়োজনীয় ভাবে ফটকা ফুটাই এই কেইটামান দিনতে গোটেই পৰিবেশত শব্দ প্ৰদূষণ, বায়ুমণ্ডল প্ৰদূষণ বৃদ্ধিতো পৰোক্ষ ভাবে অৰিহণাহে যোগোৱা হয়।
তাৰোপৰি আজিকালি কিছু সংখ্যক লোকে বন্তি প্ৰজ্বলনত ব্যৱহৃত মাটিৰ চাকিৰ ব্যৱহাৰ এৰি কৃত্ৰিম ভাবে নিৰ্মিত বিজুলী বাতিৰ ব্যৱহাৰ কৰা দেখা যায়। এনে কৃত্ৰিম বিজুলী বাতিয়ে পোহৰাই ঠিকেই কিন্তু ই কেতিয়াও মাটিৰ চাকিৰ দৰে আলোকিত কৰিব নোৱাৰে। বিজুলী বাতিৰ ব্যৱহাৰে আচলতে মাটিৰ চাকিৰ মাদকতা ম্লান হে কৰে।
তাহানি দিনত দীপাৱলীৰ দিনা, দিনৰ ভাগতে সকলোৱে কলগছ কাটি, পদুলিয়ে পদুলিয়ে শাৰী শাৰীকৈ পুতি, সেইবোৰত বাঁহৰ শলা লগোৱা হয়, তাৰ পিছত সেই বাঁহৰ শলাবোৰত মাটিৰ চাকি নিয়াৰিকৈ থাকিবলৈ কেঁচা মাটি একোটাকৈ প্ৰলেপ দিয়া হয়। নিশালৈ সেই প্ৰলেপবোৰত মাটিৰ চাকি জ্বলোৱা হয়। কোনো কোনো ঠাইত ঔ-টেঙাৰ বাকলিত তেল, শলিতা দিও চাকিৰ দৰে ব্যৱহাৰ কৰা হয়।
যিহেতু দীপাৱলীত প্ৰত্যেক লোকৰ ঘৰত অসংখ্য বন্তি প্ৰজ্বলন কৰা হয়, বিভিন্ন ফটকা-ফুটোৱা হয়, এই দীপাৱলীৰ দিনটোৰ পিচৰ পৰাই মহ, দাহ, পোক-পৰুৱা, চগা আদি আহি জ্বলি থকা চাকিৰ জুইত পৰি মৰে, কিছুমানে ফটকাৰ গোন্ধ সহিব নোৱাৰি মৃ্ত্যু মুখত পৰে, সেয়ে দীপাৱলীৰ পিছৰ পৰাই পৃথিৱীত মহ, দাহ, পোক-পতঙ্গও কিছু পৰিমাণে কমি যায় বুলি লোক বিশ্বাস আছে।