ধেমালিয়ে কন্দুৱাই যেতিয়া (অনুপমা বৰগোহাঁই)

(তাত থকা সেই আকৰ্ষণ আৰু ৰোমাঞ্চ মই হয়তো কোনো গল্পকাৰৰ কোনো গল্পতে নেপাম। আজিলৈকে এটাও কাহিনী মই পূৰাকৈ পঢ়িবলৈ পোৱা নাই, অথচ চানা বা খাবলৈ দিয়া বস্তুবোৰতকৈ সেইবোৰ বান্ধি দিয়া কাগজ টুকুৰালৈহে মোৰ বেছি হেঁপাহ থাকি গ’ল। )

হাঁহিবলৈ জীৱনত ধেমালিৰ প্রয়োজন আছে। কিন্তু কাৰোবাক কন্দুৱাবৰ বাবে ধেমালি লাগেনে ? হয়, আজি আমি যিখন আত্মাহীন সমাজত আছো, সেইখন সমাজত থকা মানুহৰ সময় আৰু দয়া-মায়া, এই দুটা বস্তুৰ এটাও আন ব্যক্তিৰ বাবে নাই । কিন্তু এই একেখন সমাজৰে বেছিভাগ মানুহৰে আন ব্যক্তিক অপমান কৰি, আনৰ ওচৰত হেয় কৰি হাঁহিবৰ সময় আৰু আগ্রহ দুয়োটাই আছে।
ভাৰতীয় মূলৰ জেচিন্থা চালডানহা নামৰ লন্ডনৰ ‘কিং এডৱাৰ্ড -৭ হাস্পতাল’ৰ নাৰ্ছ এগৰাকীয়ে অষ্ট্রেলিয়াৰ দুজন বিকৃত ধেমালিকৰ্তা ৰেডিঅ’ জকিৰ ধেমালিৰ বাবে নিজৰ প্রাণ বলি দিলে ! চালডানহাই ৰাজকুমাৰ উইলিয়ামছৰ গৰ্ভৱতী পত্নী কেট মিডলটনৰ চিকিৎসা আৰু স্বাস্থ্য সম্বন্ধীয় বিতং তথ্য এটা ৰেডিঅ চেনেলৰ দুজন ৰেডিঅ’ জকিক দ্বিধাহীনভাৱে দি দিলে । কাৰণ সেই বিকৃত ধেমালি মানসিকতাৰ ৰেডিঅ’ জকি দুজনে নিজকে ৰাণী এলিজাবেথ আৰু ৰাজকুমাৰ চাৰ্লছ বুলি মিছা পৰিচয় দি জেচিন্থা চালডানহাক বুৰ্বক বনাবলৈ তথা লোকৰ ভিতৰুৱা খবৰেৰে মানুহৰ মনোৰঞ্জন কৰিবলৈ ( যিটো বেছিভাগ মানুহেই ভালপায়) চেষ্টা কৰিছিল। ৪ ডিচেম্বৰৰ দিনা এই ৰেডিঅ’ জকি দুজনে নিজৰ সাফল্য আৰু জেচিন্থাৰ বুৰ্বকামিৰ বাতৰিৰ লগতে ৰাজকুমাৰী কেটৰ স্বাস্থ্যসম্বন্ধীয় ভিতৰুৱা খবৰ পৃথিৱীৰ সকলোকে গোটেই দিন ধৰি শুনোৱাই থাকিল । কৰ্তব্যনিষ্ঠ, সহজ-সৰল ভাৰতীয় মূলৰ নাৰ্ছ জেচিন্থা চালডানহাই এনে অপমান সহ্য কৰিব নোৱাৰিলে। লাজ, ভয়, অপমান, অপৰাধবোধৰ গ্লানিত ভুগি বাতৰি প্রচাৰ হোৱাৰ ৩ দিনৰ পিছতে অৰ্থাৎ ৭ ডিচেম্বৰত আত্মহত্যা কৰিলে!
এই ঘটনাটোৱে আমাৰ সমাজৰ মানবীয় প্রমূল্যৰ কিমান অৱনতি ঘটিছে তাকে প্রমাণ কৰিছে । সামাজিক জালপঞ্জী ফে’চবুক, টুইটাৰ আদিত আমি প্রায়ে দেখোঁ কেনেকৈ মানুহবোৰে বিশেষকৈ নৱপ্রজন্মৰ যুবক-যুৱতীয়ে ইজনে সিজনক আনৰ আগত,সমাজৰ আগত লঘু কৰি আনন্দ (বিকৃত আনন্দ) পায় ।
এগৰাকী ‘ক্লিনিকেল চাইক’ল’জিষ্ট’ বৰ্ষা ছুলানিৱে কৈছিল ‘আমি এতিয়া পৃথিৱীত একপ্রকাৰ বৰ অকলশৰীয়া হৈ জীয়াই আছো । সেয়ে আমি ইটোৱে সিটোৰ ওপৰত হিংসা, প্রত্যাক্রমণ কৰি নিজকে পৃথিৱীৰ উচ্চ শিখৰত উঠি থকা যেন ভাবোঁ । সফলতা আৰু প্রতিযোগিতাৰ যুঁজত আমি শান্তি আনন্দৰ প্রকৃত সংজ্ঞা হেৰুৱাই পেলাওঁ আৰু আনক অবদমন কৰিব পাৰিলেই নিজক সফল হোৱা বুলি ভাবো’ ।
সঁচাকৈ আনে যেতিয়া কাৰণে-অকাৰণে আমাক অপমান কৰে, অৱমাননা কৰে, বৰ দুখ লাগে। সেই দুখে কেতিয়াবা পৰিচাৰিকা জেচিন্থা চালডানহাৰ দৰে ভয়ানক পদক্ষেপ ল’বলৈয়ো মানুহক প্ৰৰোচিত কৰিব পাৰে (যিহেতু সকলো মানুহৰ আৱেগিক সংযম একে নহয় )। এয়া পৰোক্ষভাৱে কোনোবাক হত্যা কৰাৰ দৰেই কথা। সেয়ে ধেমালিৰ ছলেৰেও কোনেও যাতে কাকো লঘু নকৰে তাৰ বাবে প্রাৰ্থনা জনালো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!