ধেমেলীয়া পদ্য… ( ধৰ্মজ্যোতি ভট্টাচাৰ্য )

dhemeliya podyo_Dharmajyoti.

তেল আৰু পানী
হাঁহ আৰু কণী
তুমি আৰু মই যেন চুলি আৰু ওকণী।

খৰ আৰু খহু
অল্প আৰু বহু
তুমি আৰু মই যেন ৰাধিকা আৰু দুমহু।

জহ আৰু জাৰ
ধান আৰু ভাৰ
তুমি আৰু মই যেন মাটিডাইল আৰু খাৰ।

উচ্চ আৰু নীচ
ৰেন্দা আৰু গ্ৰীচ
তুমি আৰু মই যেন চ্যু আৰু পলিচ।

বোন্দা আৰু জাঁই
ভন্টি আৰু ভাই
তুমি আৰু মই যেন কুকুৰ আৰু ছাঁই।

ৰং আৰু ৰস
যক্ষ আৰু যখ
তুমি আৰু মই যেন নেলপলিচ আৰু নখ।

ব্যক্তি আৰু লোক
ভাত আৰু ভোক
তুমি আৰু মই যেন কলাফুল আৰু জোক।

ধোনী আৰু গেইল
ইন্টাৰনেট আৰু মেইল
তুমি আৰু মই যেন ইন্দ্ৰাণী আৰু জেইল।

তামোল আৰু পাণ
মোগল আৰু মান
তুমি আৰু মই যেন কটাৰী আৰু শান।

ম’হ আৰু দলনি
এন্দুৰ আৰু ধাননি
তুমি আৰু মই যেন মহন্ত আৰু মাহনি।

বৰষুণ আৰু ছাতি
পুৰোহিত আৰু ধুতি
তুমি আৰু মই যেন বিকাশ আৰু প্ৰগতি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!