ধোঁৱাময় দুনীয়াৰ ভয়াবহতা – কৌশিক তালুকদাৰ

মানুহৰ বিভিন্ন কাম-কাজৰ ফলত পৃথিৱীত সম্প্ৰতি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ বায়ুমণ্ডলত বিভিন্ন গেছৰ পৰিমাণ বৃদ্ধিৰ হোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে৷ যদি আমি পৰিৱেশ প্ৰদূষণ ৰোধ কৰি পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱাত বাধা দিব নোৱাৰো, তেন্তে আপোনাৰ ভৱিষ্যত প্ৰজন্মই এই পৃথিৱীত বাচি থকাৰ সম্ভাৱনা কমি যাব৷ ষ্টিফেন হকিঙৰ দৰে বিখ্যাত বিজ্ঞানীয়ে পৃথিৱীত হোৱা প্ৰদূষণ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি গৈছে৷ এক অধ্যয়নমতে জনা গৈছে যে প্ৰদূষণৰ বাবে ভাৰতত ২০১৫ চনত ২৫ লাখ মানুহৰ মৃত্যুমুখত পৰিছে৷ ভাৰতৰ ৰাজধানী দিল্লীৰ আকাশ স্ম’গ আৰু বিষাক্ত গেছে আৱৰি আছে যাৰ ফলত নিতৌ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বাঢ়িছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অলপতে ৰাজহুৱা কৰা তথ্যমতে পৃথিৱীৰ সবাতোকৈ বেছি প্ৰদূষিত হোৱা চহৰৰ প্ৰথম ১৪খন ভাৰতত অৱস্থিত৷ এই প্ৰদূষিত চহৰকেইখন হ’ল যথাক্ৰমে কাণপুৰ, ফৰিদাবাদ, বাৰানসী, গয়া, পাটনা, দিল্লী, লক্ষ্মৌ, আগ্ৰা, মুজাফ্ফৰনগৰ, শ্ৰীনগৰ, গুৰগাঁও, জয়পুৰ, পাটিয়ালা আৰু যোধপুৰ৷ এয়া অতি ভয়াবহ খবৰ৷ প্ৰদূষিত বায়ু আমাৰ সকলোৰে প্ৰাণৰ প্ৰতি চৰম ভাবুকি৷

কেইমাহমান আগত উত্তৰ প্ৰদেশৰ মেৰুট চহৰত প্ৰায় ৩৫০গৰাকী হিন্দু পুৰোহিতে ৫০০ কুইণ্টল আমগছৰ কাঠ পুৰি ‘বায়ু প্ৰদূষণ’ৰ পৰা জীৱকূলক ৰক্ষা কৰিবলৈ মহাযজ্ঞৰ আয়োজন কৰিছে৷ ৯ দিন ধৰি চলা এই মহাযজ্ঞৰ আয়োজক শ্ৰীআয়ুছান্দী মহাযজ্ঞ সমিতিৰ উপ-সভাপতিয়ে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ নামৰ বাতৰি কাকতৰ আগত কৈছে-“আমাৰ ধৰ্মশাস্ত্ৰসমূহৰ মতে ‘হৱন’ বা মহাযজ্ঞই বায়ু বিশুদ্ধিকৰণত সহায় কৰে, আৰু সেয়ে মহাযজ্ঞ কৰি থাকিলে বায়ু প্ৰদূষণ ৰোধ হ’ব৷ মানৱজাতিকে ধৰি সকলো জীৱকূল তথা পৰিৱেশৰ কল্যাণৰ বাবেহে আমি এই পবিত্ৰ কৰ্তব্য পালন কৰিছো৷ ” হ’ব পাৰে, এই পুৰোহিতসকলে সকলোৰে কল্যাণ হ’ব বুলি ভাবি ১০০% আন্তৰিকতাৰে মহাযজ্ঞৰ আয়োজন কৰিছে৷ কিন্তু প্ৰকৃততে তেওঁলোকে এই কাৰ্যৰদ্বাৰা বায়ুমণ্ডল আৰু অধিক দূষিত কৰি জীৱজগতৰ অপকাৰহে সাধিলে৷ সেয়ে দেশৰ বিভিন্ন পৰিৱেশবিদ, বিজ্ঞানী তথা সচেতন নাগৰিকে উক্ত কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছে৷ কিয়? ৰ’ব, অলপ বহলাই কৈছো৷ আমি জুই জ্বলালে ধোঁৱা ওলায়৷ এই ধোঁৱাত নানা ধৰণৰ অপকাৰী গেছ বা ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে বুলি বিজ্ঞানীসকলে পৰীক্ষা কৰি দেখুৱাইছে৷ এই অপকাৰী পদাৰ্থসমূহে বায়ুমণ্ডল দূষিত কৰাৰ উপৰিও বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে৷ আমি উশাহ লওঁতে এই বিষাক্ত গেছবোৰ আমাৰ দেহত প্ৰৱেশ কৰি বিষক্ৰিয়া আৰম্ভ কৰে৷ পবিত্ৰ মনেৰে, এশ শতাংশ আন্তৰিকতাৰে ঈশ্বৰৰ নাম লৈ বিভিন্ন সামগ্ৰী জ্বলালেও ইয়াৰ ফলত ওলোৱা ধোঁৱাই পৰিৱেশ দূষিত কৰি জীৱকূলৰ বাবে বিপদ মাতি আনিবই৷ ধৰ্মান্ধসকল নতুবা বিজ্ঞানৰ জ্ঞান নথকা সাধাৰণ ধাৰ্মিকসকলে এনেকুৱা ধৰ্মীয় বিধানৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে নজনাটোৱেই স্বাভাৱিক৷ সেয়ে অবৈজ্ঞানিক ধৰ্মীয় বিশ্বাসবোৰৰ পৰিৱৰ্তে বিজ্ঞান-চেতনা, বৈজ্ঞানিক মানসিকতা আৰু পৰিৱেশ-বিজ্ঞানৰ নিম্নতম সাধাৰণ জ্ঞানখিনি আমাৰ থকাটো অতি প্ৰয়োজনীয়৷

ধূপকাঠি জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা কৰাটো আমাৰ বহুতৰে দৈনন্দিন অভ্যাস বা প্ৰয়োজন৷ কিন্তু এই ধূপত ’কেন্সাৰ’ ৰোগ সৃষ্টি কৰিব পৰা ৰাসায়নিক পদাৰ্থ থাকে বুলি আপুনি জানেনে? এটা চিগাৰেট জ্বলালে যিমান অপকাৰী ৰাসায়নিক পদাৰ্থ উদ্ভৱ হয়, এডাল ধূপ জ্বলালেও হেনো সিমানেই হয়৷ ধূপৰ পৰা ওলোৱা ধোঁৱা মটৰগাড়ী তথা চিগাৰেটৰপৰা ওলোৱা ধোঁৱাতকৈ কম বিষাক্ত নহয় বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ (ভাৰতত ব্যৱহৃত প্ৰায় সকলোবোৰ ধূপকাঠিতে ডাইমিথাইল থেলেট আৰু ডাইবিউটাইল থেলেট নামৰ কেঞ্চাৰ ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা থকা দুবিধ বিষাক্ত ৰাসায়নিক যৌগ থাকে বুলি ছি. এছ. আই. আৰ.ৰ বিজ্ঞানীয়েও হেনো দাবী কৰিছে৷ ) ধূপৰ পৰা ওলোৱা ধোঁৱাই শিশুসকলৰ বেছি অপকাৰ কৰে বুলিও জনা গৈছে৷ ডাঃ মেনুন নামৰ এগৰাকী বিজ্ঞানীয়ে অধ্যয়ন কৰি পাইছে যে মন্দিৰত কাম কৰা মানুহ তথা পুৰোহিত-পূজাৰীসকলৰ দেহত কেঞ্চাৰ সৃষ্টিকাৰী বিষাক্ত পদাৰ্থৰ মাত্ৰা আন সাধাৰণ মানুহৰ তুলনাত কেইবাগুণে বেছি৷ বিজ্ঞানীগৰাকীৰ মতে, আমি ধৰ্মীয় ৰীতি-নীতিৰ নামত ধূপ জ্বলোৱা বন্ধ কৰি বায়ু প্ৰদূষণৰ মাত্ৰা ৩০/৪০ গুণ কমাব পাৰোঁ৷ ভাবি চাওকচোন, ৰাজহুৱা স্থানত ধূমপানৰ লগতে ধূপ জ্বলোৱাও নিষেধ কৰাটো উচিত নহ’বনে? যিকোনো ধৰণৰ ধোঁৱাই আমাৰ পৰিৱেশ দূষিত কৰে৷ যজ্ঞৰ ধোঁৱা, ধূপ-ধূনাৰ ধোঁৱাও সমানেই অপকাৰী৷ ধোঁৱাময় দুনীয়া এখন আপোনাৰ সন্তানৰ বাবে কেতিয়াও ধুনীয়া হ’ব নোৱাৰে৷ মন-পৰিৱেশ-আত্মা পবিত্ৰ/শুদ্ধ কৰিবৰ বাবে নিতৌ এখোপামান ধূপ-ধূনা জ্বলাই আপুনি অজানিতে নিজলৈ, লগতে আনলৈও বিপদ মাতি আনিছে৷ ঠিক তেনেদৰে, হিন্দু ধৰ্মীয় পৰম্পৰাৰ মতে মৃতদেহ খৰিৰে দহন কৰিব লাগে৷ কিন্তু এনেদৰে মৃতদেহ সৎকাৰ কৰাৰ ফলত কেইবাজোপা গছ-গছনি ধ্বংস হোৱাৰ লগতে কিমান ধোঁৱা বায়ুমণ্ডললৈ উৰি গৈ বায়ু প্ৰদূষণ কৰে চিন্তা কৰকচোন৷ পাৰিলে হিন্দুসকলেও মৃতদেহক কবৰ দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে নে? এনেকুৱা কৰিব পাৰিলে আপুনি আপোনাৰ আত্মীয়-স্বজনৰ লগতে সমগ্ৰ জীৱকূলৰ কল্যাণ সাধি পুণ্য অৰ্জন নকৰিবনে?

আজিৰ পৰা বহু বছৰ আগতে মানুহে এইবোৰ কথা জনা নাছিল, তেতিয়া বিজ্ঞান-প্ৰযুক্তি আজিৰ দৰে উন্নত নাছিল, সেয়ে ধৰ্মীয় পৰম্পৰাৰ নামত এইধৰণৰ কামবোৰ কৰিছিল৷ কিন্তু আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বলত আপোনালোকে উক্ত কামবোৰৰ অপকাৰৰ বিষয়ে জনাৰ পাছতো জানো উক্ত কামবোৰ কৰি যাব? ধৰ্মীয় ৰীতি-নীতিৰ নামত আপোনাৰ আত্মীয়-স্বজনক বিভিন্ন বিষাক্ত গেছ সেৱন কৰি মৰিবলৈ দিব নে? দুৰ্ভাগ্যক্ৰমে আমাৰ দেশৰ গৰিষ্ঠসংখ্যক শাসকেই ধৰ্মান্ধ তথা বিজ্ঞান-বিৰোধী৷ এওঁলোকে বিজ্ঞানৰ শিক্ষাৰ সহায়ত অন্ধবিশ্বাস, অনিষ্টকাৰী ধৰ্মীয় বিশ্বাসৰ বিৰুদ্ধে সৰ্বসাধাৰণক সজাগ কৰাৰ পৰিৱৰ্তে এই অবৈজ্ঞানিক কৰ্মকাণ্ডত সহযোগহে কৰে৷ সি যি নহওক, আপোনাৰ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতেই আপুনি অন্ততঃ ক্ষতিকৰ ধৰ্মীয় ৰীতি-নীতি বা বিশ্বাসসমূহ ত্যাগ কৰাটো উচিত হ’ব৷

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
কৌশিক তালুকদাৰ, গৱেষক ছাত্ৰ, আই আই টি বোম্বে, মুম্বাই
ই-মেইলঃ [email protected]

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!