ধ্ৰুপদী সংস্কৃতিয়েই সন্ধান দিব মানুহৰ (নন্দ সিং বৰকলা)
অস্ত্ৰৰ অহংকাৰত বিশ্ব ত্ৰস্তমান৷ বাৰুদসৰ্বস্ব ইৰাক, পাকিস্তান, আফগানিস্তান জুৰি যুদ্ধত আক্রান্ত৷ মানুহ মৰিছে, জ্বলিছে ঘৰ৷ সংসাৰ ভাগি-ছিগি নিশ্চিহ্ন হোৱা যুদ্ধত মানুহ মানুহৰ শত্ৰু হৈ হাতে হাতে তুলি লৈছে কামান৷ মৃত্যু-উন্মাদ হৈ উঠিছে সামন্ত প্ৰভু ৰজাৰ হাতত৷
ক্রীড়া, সংগীত, চিত্ৰ, কবিতা, গল্প, উপন্যাস সাহিত্যই মানুহৰ মাজত অন্য এখন যুদ্ধৰ সৃষ্টি কৰে৷ বিগত এমাহজুৰি বিশ্বকাপ ফুটবলে যেন পাহৰাই ৰাখিলে যুদ্ধবিধ্বস্ত পৃথিৱীৰ ৰণোন্মাদ জলবায়ুত তিতা দেশ-মহাদেশক, ইয়াৰ শাসক-যন্ত্ৰক৷
ব্ৰাজিল পৃথিৱীৰ বতাহ, অমৃতসুধা হৈ উঠিল৷ ভিন্নৰঙী মানুহৰ বিচিত্ৰ পোছাক-পৰিচ্ছদ, ক্রীড়াৰ কলা-কৌশল আৰু বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰৰ যাদুকৰী পদচালনে মুগ্ধ কৰি পেলালে মানুহক৷ পৰাজিত কৰিলে যুদ্ধত মত্ত মানুহৰ হৃদয়ক৷ মানুহৰ হাতে হাতে বন্দুক-কামানৰ বিপৰীতে জিলিকি উঠিল মানুহৰ পতাকা প্ৰেম-আনন্দৰ, সংস্কৃতিৰ৷ ঝংকাৰিত হ’ল মানুহৰ বুকুৱে বুকুৱে মানুহৰ গান, পৃথিৱীৰ গান৷
অসমৰ সেউজীয়া পাহাৰৰ জিলা কাৰবি আংলং৷ সুদীৰ্ঘ বছৰ এই জিলাতো বাৰুদ আৰু ৰাজনীতিৰ দ্বন্দ্বত তেজে তিয়াইছে ৰাজপথ, পাহাৰৰ সেউজীয়া৷ ভূপেনদাৰ মৰমৰ কাৰবি আংলং, ছেমছনছিং ইংতিৰ বুকুৰ উশাহ এই পাহাৰৰ গৰ্ভত বিদ্ৰোহৰ গৰম পাঠ৷ চৌদিশেই ধাতৱ হুছিয়াৰী৷ অপহৰণ, হত্যা এতিয়া যাৰ একান্ত পৰিচয়৷ ধন দাবী য’ত প্ৰধান পেছা৷ সেনা-আৰক্ষীৰ গাড়ীৰ সঘন আহ-যাহ, গধুৰ বুটজোতাৰ নিনাদ, মানুহৰ বুকুৱে বুকুৱে অদাহ্য অনল৷ কোনেও মুখ খুলি ইয়াত ক’ব নোৱাৰে মানুহৰ মুখৰ পৰিভাষাৰ কথা৷
এনে এক ৰক্তাক্ত বিষাক্ত পৰিমণ্ডলৰ মাজত আৰক্ষীৰ কৰ্তব্য কিমান কঠিন প্ৰত্যাহ্বান অনুমান কৰাটো নিতান্তই সহজ৷ যেন অনন্ত আগ্নেয়গিৰি ফুটি জুই বৃষ্টিৰূপে পৰি আছে সৰ্বত্ৰতে৷
তাৰ মাজতো মানুহে জয় কৰিছে ইয়াত ফুটবলক৷ বিশ্বৰ লগতে ডিফুৰ ‘দুৰন্ত তৰুণ’ পুতুল বৰাৰ ঘৰখন যেন ব্ৰাজিলৰ সেউজীয়া দলিচা৷ খেলপথাৰৰ নতুন বিনোদন৷ ফুটবলৰ মৃন্ময় মাতত মানুহৰ চকু, হৃদয়ত নতুন মুকুল৷ অকলেই পুতুল বৰাই জয় কৰিলে অশান্তিৰ বিপৰীতে শান্তিক৷ দুৰ্যোগৰ বিপৰীতে মানুহৰ সম্ভাৱনাৰ নতুন পৃথিৱীক৷ বিশ্ব ফুটবলৰ এমাহজোৰা মহাযুদ্ধত তেওঁৰ ঘৰত আবাল-বৃদ্ধ-বণিতাৰ ভিৰ৷ প্ৰত্যেকৰ চকুৱে চকুৱে নতুন প্ৰত্যাশা, প্ৰত্যয়৷ সীমাহীন আশাবাদৰ বীজ তেওঁৰ ঘৰখনৰ পৰাই ফুটবলে সিঁচিছে কাৰ্বি আংলঙৰ ভিতৰেদি অসমত৷ অস্ত্ৰ-শস্ত্ৰৰ দম্ভত দিশহাৰা হোৱা অসমে পুতুল বৰাৰ সেউজীয়া মনৰ মাজেদি সময়ৰ ৰং পিন্ধিব খুজিছে৷
এখন বৃহৎ হ’ৰ্ডিং য’ত পুতুল বৰাক প্ৰশংসা কৰি অসম তথা ভাৰতৰ সংবাদ-পত্ৰত প্ৰকাশিত বাতৰি, আলোক-চিত্ৰসজ্জিত ৰূপকথাত হৃদয় আহ্লাদিত হৈ পৰিল৷
ঘৰৰ সন্মুখত এখন বিশাল চোতাল, এখন ৰভা৷ ৰভাৰ তলত দেশ-বিদেশৰ ফুটবলাৰৰ দুৰন্ত ফটোৰ ৰং-ৰূপ৷ বহাৰ সুব্যৱস্থাৰে তেওঁ ডিফুৰ মানুহক এটা বৃহৎ এল.ই.ডি.ৰ জৰিয়তে বিশ্বকাপ ফুটবল উপভোগ কৰাৰ আনন্দপূৰ্ণ আয়োজন দিছে৷ তেওঁৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ উৎসাহ-উদ্দীপনা আৰু আতিথ্য পৰায়ণতা চমকপ্ৰদ৷
১৫জুলাই ২০১৪ তাৰিখে তেওঁৰ ঘৰত সন্ধ্যা প্ৰায় ৭.৩০বজাত উপস্থিত হ’লোঁ৷ জাৰ্মানী দলৰ অন্ধ-সমৰ্থক পুতুল বৰাই ১৯৯৪চনত জাৰ্মানীয়ে বুলগেৰীয়াৰ হাতত সেই বছৰৰ বিশ্বকাপ ফুটবলৰ কোৱাৰ্টাৰ ফাইনেল খেলত পৰাজিত হোৱাত মাটিৰ তলত পুতি থৈছিল এটা ‘স্কটছ’ৰ বটল প্ৰবল আশাৰে যে যেতিয়া জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ ফুটবল জয় কৰিব সেইদিনা সেই বটল মাটিৰ গৰ্ভৰ পৰা উলিয়াব৷ ২০বছৰৰ দুৰন্ত সপোন ২০১৪ৰ বিশ্বকাপত বাস্তৱায়িত হোৱাত মাটিৰ গৰ্ভ ফালি অনেক অনুৰাগীৰ আশাভৰা চকুৰ সন্মুখত বাহিৰ কৰিলে সেই সপোনৰ ‘স্কটছ’ বটলটো৷ সেয়া যেন মদ নহয়৷ সেয়া যেন জয়, সৌন্দৰ্য, সৃষ্টি, নোপোৱাৰ বেদনা ফালি পোৱাৰ এভাৰেষ্ট সাবটি ধৰাৰ৷
মোৰ ব্যস্ত জীৱনপঞ্জীৰ বাবে তেওঁৰ ঘৰত ফুটবল খেল চাবলৈ যাব পৰা নাছিলোঁ৷ কিন্তু এই খেলখনৰ লগত সংগতি ৰাখি আয়োজন কৰা এখন মনোগ্ৰাহী ‘উপহাৰ কুপন খেল’ৰ আকস্মিক বিশেষ অতিথি হিচাপে উপস্থিত থাকি পুতুল বৰাক ওচৰৰ পৰা পৰ্যবেক্ষণ, অনুসন্ধান, অনুভৱ কৰিছিলোঁ মানুহজনৰ জীৱনৰ বাৰংবাৰতা৷ উৎসাহ, প্ৰত্যাশা, দুৰন্ত চিন্তা, খেলৰ নিচাত তেওঁ কেনেকৈ একাত্ম তাৰ ব্যাকৰণ পঢ়িলোঁ৷
মেছি, ৰোনাল্ডো, ক্লজহঁতে খেলিব, আমি চাম; আমেৰিকা, চীন, ইউৰোপে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰিব, আমি ক্ৰয় কৰিম ইমান গোলামি মানসিকতা! আমাৰ দেশৰ ফুটবলক দুৰন্ত কৰাৰ কাম কেতিয়া হ’ব? পুতুল বৰাৰ দৰে লোকৰ প্ৰচেষ্টাত সেয়া আৰম্ভ হ’ব সৰু সৰু গ্ৰাম্য এলেকাৰ পৰা৷ আমাৰ গোলামি মানসিকতাক দূৰ কৰিবই লাগিব৷
তাহানি ৰবাব টেঙা অথবা কাপোৰৰ টোপোলাক আটিলকৈ বান্ধি খেলা ফুটবলৰ নষ্টালজিক অনুভৱ পুতুল বৰাৰ দৰে মানুহে জীপাল কৰি তুলিছে৷ কিন্তু আমাৰ গ্ৰাম্যাঞ্চল বা চহৰত খেলিবলৈ সেউজীয়া খেলপথাৰ ক’ত? বহুজাতিক কোম্পানীৰ ব্যৱসায়িক হাতোৰাত হেৰাই আহিছে মাটি, হেৰাইছে জীৱন, শৰীৰ চৰ্চাৰ মাদকতাৰে খেলা ফুটবলৰ প্ৰচলনো৷ নতুন প্ৰজন্ম ব্যস্ত কম্পিউটাৰ, ইণ্টাৰনেট, ফে’চবুক, ম’বাইল, টিভি, ভিডিঅ’ গেমৰ দুনীয়াত৷ অৱশ্যে সকলো নহয়৷ আমি মানসিকভাৱে শিক্ষাক চিম্বল হিচাপে ব্যৱহাৰ কৰিবলৈ গৈ শিক্ষিত হৈ উঠিছোঁ৷ কিন্তু হ’ব পৰা নাই জ্ঞানী৷ পুতুল বৰাৰ দৰে লোকে যেন আমাক ফুটবলেৰে জ্ঞানী হ’ব পৰাৰ ইংগিতেই দিছে, দেশৰ ক্রীড়াক্ষেত্ৰক চহকী কৰাৰ পাঠ শিকাইছে৷