নগেনৰ দীৰ্ঘজীৱনৰ ৰহস্য: দীপাংকৰ গগৈ

নগেনৰ দীৰ্ঘজীৱনৰ ৰহস্য

দীপাংকৰ গগৈ

আগতে আমাৰ নগেনৰ মৃত্যুৰ প্ৰতি বিৰাতেই ভয়।

কোনোবা মানুহ লগ পালেই হল, বিশেষকৈ গুণী জ্ঞানী যেন লগা বিলাকক পালেই কেনেকৈ অমৰত্ব লাভ কৰি মৃত্যুৰ পৰা হাত সাৰিব পাৰি তাকেই সুধি ব্যতিব্যস্থ কৰি তোলে ।

সকলোৰে সদায় এটাই উত্তৰ যে

“জীৱৰ জন্ম হলে এদিন মৃত্যু হ’বই !”

উপাই নাই!!

এইটো টপিক ওলালেই কামোৰ খোৱাৰ ভয়ত সকলোৱে নগেনৰ পৰা পলোৱা হল!

বহুত কিতাপ পত্ৰ পঢ়িলে, ইন্টাৰনেটত গুগল চাৰ্ছ কৰিলে কিবা দৰব পাতিৰ নহলেওঁ কিজানি কিবা উপায়ৰ সন্ধান পোৱা যায়েই !
পিছে নগেনে প্ৰত্যেকবাৰেই বিফলতাৰহে মুখ দেখা পায়।

এনেতে এদিন গধূলিৰ আদ্দাত কথাৰ মাজতে ওলাল যে তাহাতৰ ঠাইখনলৈ কৈলাশ পৰ্বতৰ পৰা যিকোনো কাম সমাধা কৰিব পৰা বিৰাট আলৌকিক গুণ সম্পন্ন সিদ্ধপুৰুষ এজন আহি চাৰিআলিটোৰ ডাঙৰ আঁহত গছজোপাৰ তলতেই আশ্ৰয় লৈছেহি। তেঁও কৰিব নোৱাৰা কাম জগতত নায়েই বোলে!!!

খবৰটো শুনিয়েই নগেনে লগত-লগ ঘৰলৈ গৈ গা-পা ধুই চিধাই সিদ্ধ বাবাৰ ওচৰ পাই ১০১১ টকা দহ্মিনাৰে গুৱা-পাণৰ সৈতে টোপোলা আগবঢ়াই নিজৰ উদ্দেশ্য বেকত কৰিলে। চিলিম টানি টাণি বাবাই নগেনৰ সমস্যাটো শুনাৰ পাছত ধ্যানত বহি প্ৰায় আধা ঘন্টামানৰ পাছত ঘপককে সাৰ পাই সকলোৱে আগতে দিয়া উত্তৰটোৱেই দিলে যে সকলো জীৱই নশ্বৰ দেহ এদিন ত্যাগ কৰি ভগবানৰ ওচৰলৈ যাব লাগিবই, তাৰ কোনেও বিধি পথালি দিব নোৱাৰে।

বাবাৰ কথা শুনি নগেন বিৰাতেই আপছেট হল তথাপি আশা নেৰিলে আৰু বাবাক কুটুৰি থাকিল, বহুদেৰি বাবাই নগেনৰ কামোৰ খাই অতিষ্ঠ হৈ, চাওঁ কিবা এটা কৰিব পাৰো নেকি বুলি কৈ পুনৰ ধ্যানমগ্ন হল (টোপনি গল)। প্ৰায় এক ঘন্টা মানৰ পাছত বাবাৰ ধ্যান ভগ্ন হল আৰু চিলিম এপালি টানি লৈ কলে যে অমৰত্বৰ উপায় দিব নোৱাৰিলেও তেঁও দীৰ্ঘজীবি হোৱাৰ উপায় এটা দিব পাৰে কিন্তু তাৰ বাবে কঠোৰ সাধনা আৰু ত্যাগ কৰিব লাগিব!

নাই মোমাইতকৈ কনা মোমায়েই ভাল বুলি নগেন যিকোনো ত্যাগ বা কষ্ট কৰিবলৈ একেবাৰতেই ৰাজী হোৱাত বাবাই নগেনৰ কাণে কাণে উপায়টো দিলে!

আৰু দীৰ্ঘায়ু হোৱাৰ বাবে বাবাৰ সেই জ্ঞানকেই শিৰোধাৰ্য্য কৰি যোৱা বহাগত নগেননীক হুছৰি মাৰিবলৈ যোৱাৰ ছলেৰে ঘৰত পোওৱাৰ এবছৰেই হ’লহি।

নগেননীৰ সৰু ডাঙৰ প্ৰতিটো অব্দাৰ পূৰ কৰি কৰি এতিয়া বিবাহিত জীৱনৰ প্ৰতিটো দিনেই নগেনৰ বাবে এটা যুগৰ দৰে !!

আপুনিও হিচাব এটা কৰি চাওঁক, নগেন দীৰ্ঘজীৱি হোৱাৰ কথাটো হয়নে নহয়:-P

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!