নদীৰ কথা (মূল বাংলা – পাওলা গুপ্তা, অনুবাদ – মাখনলাল দাস)

নদীৰ কথা (মূল বাংলা – পাওলা গুপ্তা, অনুবাদ – মাখনলাল দাস)

নদীৰ কথা ক’বলৈ গ’লে বহু কথা ক’ব লগা হয়,
আজিকালি আৰু ভাল নালাগে ইমান কথা ক’বলৈ,
কলকল কৰি আৰু যে কিমান ধৰণৰ ধ্বনি তুলি
অবাধ্য ছোৱালীৰ দৰে অবোধ্য শব্দৰ ধুমুহা বোৱাই,
জপৰা চুলি চুই আউল-বাউল কৰি দিয়ে,
মোৰ সকলো চিন্তা ভাবনাৰ সুচিন্তিত বিস্তাৰ,
তাই থাককচোন নিজৰ মতে পাহাৰে পৰ্বতে অথবা
মোৰেই মনৰ গভীৰত চুকে-কোণে লুকাই,
এনেদৰে ভহাই দিলে কাৰ ভাল লাগে কোৱা,
মইতো ঢৌ নহয় যে পানীৰ তালত তাল দিম৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!