(মৃনাল তালুকদাৰৰ ‘চিয়াং’ পঢ়ি হোৱা ব্যক্তিগত অনুভৱ)

"নদী হৈছে আজি শক্তি প্ৰদৰ্শনৰ আখৰা"

লেখক- ধীৰেন শইকীয়া

অলপতে পঢ়ি শেষ কৰিলো সাংবাদিক,বিশিষ্ট লেখক মৃনাল তালুকদাৰৰ এখন অনুপম গ্ৰন্থ ‘চিয়াং’। চুবুৰীয়া অৰুনাচল প্ৰদেশৰ যথেষ্ট কষ্টদায়ক বাটপথৰ মাজেদিও মৰণত শৰণ দি কৰা চেলেঞ্জিং এক ভ্ৰমণৰ ওপৰত ভিত্তি কৰি এটি জটিল বিষয়ৰ আলোচনা কৰা নতুন আংগিকৰ গ্ৰন্থখন পঢ়ি কেইবাটাও কাৰণত আমি সাৰ্থকতা লাভ কৰিলো। চিয়াং অৰুনাচল প্ৰদেশৰ এখন নদী। ইয়াৰ আগলিভাগেই তিব্বতত চাংপো নামেৰে বৈ আহি অৰুনাচলত চিয়াং হৈছেহি। ’চিয়াং’ত লিখিছে, “এতিয়া নৈ বিলাকেই হৈ পৰিছে সবাতোকৈ ভয়ংকৰ অস্ত্ৰ”। গ্ৰন্থখন পঢ়ি এই কথাষাৰ ১০০% ই সত্য বুলি উপলব্ধি হ’ল আমাৰ। 

 অৰুনাচল প্ৰদেশৰ ‘আদি’ জনগোষ্ঠীৰ মাজৰ অন্যতম দুৰ্ধৰ্ষ জাতি মিংয়ং। এই মিংয়ংসকলেই ১৯১১-১২ চনত ব্ৰিটিছক তেওঁলোকৰ ৰাজ্যত সোমাব দিয়া নাছিল। কেইবাজনো ব্ৰিটিছক হত্যা কৰিছিল তাহানি  মিংয়ংসকলেই। অৰুনাচল নালাগে সমগ্ৰ উত্তৰ পূবতে ইমান বছৰে ব্ৰিটিছক আগবাঢ়িব নিদিয়া যদি কিবা জাতি আছিল সেয়া হৈছে সাহসী আদিসকল। তদুপৰি গ্ৰন্থখনত হোৱা খামটি বিদ্ৰোহৰ কথাৰ লগতে খামিয়াংকে ধৰি কেইবাটাও জনগোষ্ঠীৰ নিজৰ মাতৃভাষা হেৰুৱাৰ বেদনাৰ কথাও উল্লেখ কৰিছে। পোনপ্ৰথমে ব্ৰিটিছসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল চীন দেশলৈ যাবলৈ ৰাস্তা বিচাৰি। পিছে ব্ৰিটিছসকলক আগভেটি ধৰা সাহসী জাতি আদি সকলৰ উত্থানৰ কাহিনী সম্বন্ধে ভাৰত বুৰঞ্জী আজি নিমাত হ’লেও আজি এই জাতিৰ কিছু ইতিহাস বৰ্ণাইছে লেখকে চৰজমিন তদন্তৰে। শতিকাজুৰি অপৰাজিত চিয়াঙৰ তাহানিৰ পৰা আজিলৈ গ্ৰন্থখনত আছে  নিৰ্মোহ বিশ্লেষণ। তদুপৰি খামটি, চিংফৌ সমাজত অতীতত চলি অহা দাস প্ৰথাৰ ইতিহাস কিছু উল্লেখ কৰাত আমাৰ দৰে পুৰণি ইতিহাস বিচৰা পাঠকৰ বাবে গ্ৰন্থখন অধিক উপভোগ্য হৈছে। ‘আদি’ সকলৰ হৃদস্পন্দন হ’ল চিয়াং নৈ খন। পিছে ‘আদি’ সকল আজি অস্তিত্বৰ সংকটত পৰিছে বিভিন্ন ধৰণেৰে। সকলোবোৰৰে তাত্ত্বিক বিশ্লেষণ হৈছে গ্ৰন্থখনত। লেখকে স্বীকাৰ কৰিছে- আদি সকলৰ বাবে চিয়াং নদীখন কেৱল এখন নদী নহয়। ই ডনী পল’। চন্দ্ৰ সূৰ্যৰ দেৱতা। তেওঁলোকে ভাবে ইয়াৰ চিয়াঙৰ পানীতেই লুকাই আছে আদি সমাজৰ লোককথা। নৈখনৰ পাৰত খুটি মাৰি যেন বহি আছে ‘আদি’ সমাজৰ ৰীতিনীতি আৰু পৰম্পৰা। নদীখনৰ ঢৌবোৰত যেন আছে পূৰ্বপুৰুষৰ ঐতিহ্যগাথা। ইয়াৰ  বুকুৰ শিল, পাৰৰ গছ আৰু পৰ্বতবোৰে যেন পহৰা দি আছে গাঁওবোৰ। তাৰ পাৰতেই আদি সমাজবোৰে যুগে যুগে চিকাৰ কৰিছিল। অতীজৰে পৰা আদিসকলে সন্দেহজনক কোনো বিদেশীক গাওঁ সোমাব দিয়াটো নীতিবিৰুদ্ধ কথা হিচাপে ভাবি আহিছিল। তদুপৰি আদিসকলে ভাবে চিয়াঙেই ৰাখি আছে তেওঁলোকৰ মাজত এনাজৰী। আজি সেই চিয়াঙক আগচি কোনোবাই নদীবান্ধ বনাই বিজুলীবাতি জ্বলোৱাৰ যিমানে সপোন দেখুৱালেও সিহঁতক নালাগে। সিহঁতে ভাবে চিয়াঙখন আগচি তাৰ বক্ষত নদীবান্ধ দিলে ইয়াৰ পাৰৰ গাঁওবোৰৰ পানীখেতিকে ধৰি পবিত্ৰ ঠাই আদি এদিন ডুবাই পেলোৱাই নহয় ই জাতিটোৰ সমস্ত এক জীৱনশৈলীকে ডুবাব। সেয়ে দিল্লীত পঢ়াশুনা কৰা ভানু টাটকে দিল্লীত পঢ়াশুনা কৰি কথাবোৰ বুজি দূৰদৰ্শী দৃষ্টিৰে Siang Indegenious Farmers Forum (SIFF)ৰ  আইনী উপদেষ্টা হৈ পাছিঘাটৰ সৰু কাৰ্যালয়টোৰ পৰাই তেওঁ সংগঠিত কৰিছে নদীবান্ধ বিৰোধী জনতাক। উজনি চিয়াং, পূব চিয়াং জিলা তথা পশ্চিম চিয়াঙৰ খেতিয়কসকলক  লৈ গঠন কৰা SIFFত আছে ৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গেগং গিজাং। বান্ধটো নিৰ্মাণ হলে তেওঁৰ ঘৰটো পানীৰ তললৈ যাব। সেয়ে স্থানীয় মানুহক নোসোধাকৈ বান্ধ নিৰ্মা কৰাটো নিবিচাৰে কোনেও। গেকু আৰু বলেঙৰ মাজৰ  ডিটে ডাইমতে হ’ব এই বিশাল ১০০০০ মেগাৱাটৰ বান্ধ যিটো নামনি সোৱনশিৰী বান্ধতকৈ পাঁচগুনে  ডাঙৰ হ’ব। ২০২৪ চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত ডাঙৰ প্ৰতিবাদ কৰাৰ পৰাই  প্ৰতিবাদ কৰিয়েই আছে নিৰীহ  জনতাই। প্ৰথমে জৰিপ কৰিব নোৱাৰি উভতিছিল এন এইছ পি ছিৰ বিষয়া। আগতেই হেনো দিল্লীত আলোচনা হৈছিল আনুমানিক  পঞ্চাশ হেজাৰ মেগাৱাট  উৎপাদনৰ শক্তি আছে  অকল অৰুনাচল প্ৰদেশতে। অৱশ্যে পিছলৈ বিভিন্ন কাৰণত এই পৰিসৰ কমাই ১৪ টা বান্ধলৈ (১৮,৮৬৭ মেগাৱাটলৈ) অৱনমিত হয়। গ্ৰন্থখনত একালত ২০০৬-১০ মানলৈ বিভিন্ন কোম্পানীয়ে  চৰকাৰৰ লগত এম ও ইউ কৰি নদীবান্ধৰ কামত অংশগ্ৰহণৰ বাবে খদমদম লাগিছিল যদিও পিছত লাহে লাহে কমি আহি বিয়াগোম কোম্পানীকেইটাহে থাকিলগৈ। আৰম্ভণিতে বাচ বিছাৰ নোহোৱাকৈ বহুত অনভিজ্ঞ কোম্পানীয়েও জলবিদ্যুত প্ৰকল্প বনাবলৈ কৰা এই প্ৰয়াসৰ বিষয়ে লেখকে মনোগ্ৰাহী ছৱি এখন আঁকি কৈছে “তেতিয়া ইটানগৰত জলবিদ্যুত প্ৰকল্পৰ মাছৰ বজাৰ বহিছিল।”…. এই প্ৰকল্পবোৰলৈ আগ্ৰহী কোম্পানীৰ পৰাও প্ৰছেছিং ফিজৰ নামত এহেজাৰতকৈ অধিক কোটি সংগ্ৰহ হৈছিল বুলিও উল্লেখ। পিছলৈ হঠাৎ প্ৰতিযোগিতাৰ দৌৰত সেইবোৰ যেন হেৰাই থাকিল। এনেদৰেই প্ৰদেশখনৰ  চৰকাৰেও প্ৰথম নামনি সোৱনশিৰি বান্ধৰ অনুমোদন দিলে ২০০৩-২০০৪ চনত। নামনি সোৱনশিৰিৰ ক্ষমতা নিদ্ধাৰণ হ’ল ২০০০ মেগাৱাট। দিবাং বহুমুখী ২৮০০ মেগাৱাট। উজনি চিয়াং ১১০০০ মেগাৱাট। আনকি ১৫০টা এনে প্ৰকল্পৰ অনুমোদনো হ’ল। কিন্তু ২০০৮ চনৰ পৰা বান্ধবিৰোধী আন্দোলনে গা কৰি উঠিল। গ্ৰন্থখনত লিখামতে নামনি সোৱনশিৰি নিৰ্মাণ আৰম্ভ  হ’ল যদিও ১২ টা জলবিদ্যুৎ প্ৰকল্পৰ ভাৰত চৰকাৰৰ প্ৰতিষ্ঠানক দিব বিচৰাৰ লগে লগে চিয়াঙৰ দুয়োপাৰ  প্ৰতিবাদত গৰম হৈ আহিল। অসমৰ ওপৰিও বলেং, গেকু, ইয়ংকিয়ং হৈ পৰিছিল প্ৰতিবাদমুখৰ। অৰুনাচলৰ উপমুখ্যমন্ত্ৰীৰ (চাউনা মেইনে)লগত ২০২৪ চনৰ ১৭ জুলাইত আলোচনা হ’ল বান্ধবিৰোধী কৃষকৰ লগত। পৰৱৰ্তী ২০২৫ জুনতো আলোচনা  হ’ল। ৪১ খন গাঁৱৰ মানুহে আইনী যুঁজৰ বাবে চিঞৰিলে- চিয়াঙ আমাৰ নদী নহয়, এয়া আমাৰ মা হয়। আমাক নোসোধাকৈ আমাক নজনোৱাকৈ  আমাৰ মাক কেনেকৈ তোমালোকৰ হাতত গটাই দিম? ৰাজ্যজুৰি বান্ধে আনিব পৰা ভয়াবহতা স্পষ্টভাৱে প্ৰচাৰ হ’ল। লাহে লাহে সকলোৱে বুজিব ধৰিছিল বান্ধটোৱে কি কেনেকৈ ক্ষতি কৰিব  চিয়াঙৰ দুয়োপাৰৰ গাওঁবোৰক। আনহাতে দিবাঙত হ’বলগীয়া বান্ধৰ বাবেও  ভানু টাটক আদালতলৈ গৈছিল। গ্ৰন্থখনৰ মতে ২০২০ চনৰ পৰা ভানু টাটকে দিবাং বান্ধবিৰোধী আন্দোলনটো অনলাইনৰ যোগেদি আৰম্ভ কৰিছিল।

“চিয়াং”  গ্ৰন্থখনত চাংপো  গিৰিখাদ অঞ্চলত অৱস্থিত পেমাকো( বৈকুণ্ঠ) অঞ্চলৰ কথাও সুন্দৰকৈ উল্লেখ কৰিছে লেখকে। অতদিনে ভৌগোলিক কুঁহেলিকা বোলা ঠাইখনেই যে ছাংগ্ৰিলা তাৰ কথাও কৈছে। এসময়ত কোৱা হৈছিল সেই ঠাই দুৰ্ভেদ্য, যি অটব্য অৰণ্যৰ মাজত হোৱাৰ লগতে যাক চাৰিওফালৰ পৰা ঘেৰি আছে দুৰ্জেয় পৰ্বতে আৰু যাৰ মাজেদি বৈ গৈছে এখন শক্তিশালী নদী। তাত থকা সুন্দৰ এটি জলপ্ৰপাতৰ মাজেদিয়েই আছে ভূস্বৰ্গ বৈকুণ্ঠ এই পেমাকো। যুগে যুগে পৰিব্ৰাজকৰ হেঁচা স্বত্ত্বেও যোৱা ১০০ বছৰত মাত্ৰ ২৫ জনতকৈ বেছি লোক তালৈ যাবলৈ সক্ষম হোৱা নাই। সীমাহীন দুৰ্গম,  হিংস্ৰ সাপ বিৰাজমান ঠাইখন শেলুৱৈযুক্ত। ই চাংপো গিৰিখাদ অঞ্চলত অৱস্থিত। 

গ্ৰন্থখনত ব্রিটিশ লেখক, গবেষক তথা হিমালয় বিশেষজ্ঞ  ইয়ান বেকাৰৰ (Ian Baker)চাংপো গিৰিখাদ অঞ্চলৰ দুঃসাহসিক পৰিভ্ৰমণৰ কথাও উল্লেখ আছে। ৬৮ বছৰীয়া তিব্বতীয় লোকসংস্কৃতি, পৰিৱেশ তথা বৌদ্ধধর্মৰ বিষয়ে সাতখনতকৈও অধিক গ্ৰন্থলিখা  বিশেষজ্ঞ পৰিব্ৰাজকজনৰ কথাখিনিয়েও আমাক দিলে অনন্য স্বাদ।

বিশেষকৈ ভাল লাগিল ইয়ান বেকাৰৰ দৰে পৰিব্ৰাজকে কেইবাবাৰৰ মূৰত  ১৯৯৮ চনতহে চাংপো গিৰিখাদ অঞ্চলৰ এই ৰামধেনু জলপ্ৰপাতটোৰ জোখমাখ কৰি ১০৮ ফুট বুলি গম পাইছিল বোলা বিষয়টো। এইগৰাকী ইয়ান বেকাৰৰ উপদেশ নোলোৱাকৈ এই পদে পদে বিপদজনক গিৰিখাদ অভিযান অসম্ভৱ বুলিও কৈছে লেখকে। ভ্ৰমণকাহিনীৰ যোগেদি চিয়াঙৰ দুয়োপাৰৰ সংস্কৃতি ইতিহাসৰ পৰা বৰ্তমানৰ নদীবান্ধে সৃষ্টি কৰা পৰিৱেশো সুন্দৰকৈ প্ৰকাশ কৰিছে লেখক মৃনাল তালুকদাৰে। গ্ৰন্থখনে কঢ়িয়াইছে আৰু কিছু নতুন নতুন চিন্তাও। যেনে ইয়ান বেকাৰে এৰি অহাৰ পিছত আজিৰ সেইখন পেমাকোত সৰগীয় পৰিৱেশ নাই। নাই আধ্যাত্মিকতাৰ কোনো সুখ অনুভূতিযুক্ত পৰিৱেশ। তাৰ সলনি চলিছে নদীবান্ধৰ দৈত্যকায় বাহনসমূহ। আনকি চুবুৰীয়া ৰঙা চীনে বান্ধি আছে ৬০০০০মেগাৱাটৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ। লগে লগে আৰম্ভ হৈছে এই বান্ধৰ পানী এৰি দিলে নামনিৰ ফালৰ অসমৰ সমাজ জীৱন থাকিবগৈ নে আদি হেজাৰটা নেৰেটিভ বিষয়। সিন্ধু নদীৰে ভাৰত পাকিস্তানক চেপাৰ দৰে চীনেও কেতিয়াবালৈ ভাৰত ৰাষ্ট্ৰক চেপিব নেকি বাৰু সেই চিন্তাই খুলি খুলি খাইছে প্ৰথমতে। তাতোকৈ ডাঙৰ প্ৰশ্নটো হ’ল নদীবান্ধে বাৰু  যিমানবোৰ গাঁও বুৰাই পেলাব তাৰ ধন জনৰ আগতীয়া নিৰাপত্তাৰ কথা কি ভাবিছে? সঁচাই এয়াই নেকি hydropolitics, এয়াই নেকি geopolitics? এতিয়া এইদৰেই নদীবোৰ হৈ পৰিছে আজি যুদ্ধ তথা  বিতৰ্কীয় দৰ দামৰ আখৰা থলি। আনভাষাত কবলৈ হ’লে নদী হৈছে আজি শক্তি প্ৰদৰ্শনৰো পৰম অস্ত্ৰ। নদীৰে বৈ যোৱা পানীখিনিৰ বাবেই চুবুৰীয়া দেশখনৰ লগতো সংঘটিত হৈছে বৈৰি আচৰণ। এইবোৰৰ পৰিপ্ৰেক্ষিততেই সিন্ধু নদীৰ চুক্তি, ফাৰাক্কা চুক্তি হৈছিল অতীতত।  লেখকে স্পষ্টকৈ কৈছে সিন্ধু আৰু চাংপো উভয়ৰে উৎপত্তি স্থানৰ দূৰত্ব হ’ল ডেৰশ দুশ কিঃমিঃ। চাংপো উৎপত্তি স্থানৰ পৰা সোঁফাললৈ বৈ যোৱাৰ বিপৰীতে সিন্ধু নদীখন বৈ গৈছে বাঁওফাললৈ। প্ৰকৃতিয়ে দিয়া নদী এখনক লৈ চুবুৰীয়া ভাৰত, পাকিস্তান, বাংলাদেশ বা চীন চৰকাৰে ৰাজনীতি কৰাটো উচিত নে? এখন দেশৰ বিকাশৰ কথা চিন্তা কৰোঁতে বেলেগ এখন দেশ আক্ৰান্ত হৈছে নেকি তাক চিন্তা কৰাৰো আজি কাৰো সদিচ্ছা নাই! প্ৰকৃতি প্ৰদত্ত পানীখিনিক লৈ কুটিল ৰাজনীতি গ্ৰহণীয় নেকি সেয়াও এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। গ্ৰন্থখনত নদীৰ পানী ভাগ বতোৱাৰাক লৈ কৰা ৰাজনীতিয়ে কিদৰে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু চুবুৰীয়া চীন দেশৰ ৰাজনীতি সময়ে সময়ে অস্থিৰ কৰি তোলে তাক স্পষ্ট কৰি লেখকে কৈছে সিন্ধু নদীত যদি ভাৰতে পানী বন্ধ কৰে তেন্তে আমিও চাংপোক একেই কৰিবলৈ গৈ আছো সেয়াই চীনৰ বাৰ্তা।…… চীনৰ চাংপোৱে ব্ৰহ্মপুত্ৰলৈ কঢ়িয়াই অনা অৱদান ১৫%হে।………..  আমি ভালপাওঁ বা নাপাওঁ  বেলেগ কথা অনাগত দিনত নদীৰ পানী হ’ব নতুন পাৰমানৱিক অস্ত্ৰ। এতিয়া আধুনিক যুগত প্ৰকৃতি প্ৰদত্ত নদীবোৰ আৰু নদী হৈ থকা নাই। নদী আজি দুখন দেশৰ দৰ দামৰ মূল আহিলা হৈছে। মুঠতে আমি জনা উচিত যে নদীৰ পানী ভাগ বতোৱাৰা লৈ হোৱা ৰাজনীতি কিম্বা নতুন নদীবান্ধ নিৰ্মাণ হ’ল দেশ এখনৰ শক্তি প্ৰদৰ্শনৰো আখৰাহে মাথোন। গ্ৰন্থখনৰ প্ৰকাশভংগী সুন্দৰ, ভাষা প্ৰাঞ্জল। সম্ভ্ৰান্ত প্ৰকাশক ‘বনলতা’ই প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য ২৫০ টকা।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments